পাকিস্তানৰ মছজিদত আত্মঘাতী বোমা বিস্ফোৰণ, নামাজৰ সময়তে ১৬ জনৰ মৃত্যু
শুকুৰবাৰৰ নামাজৰ সময়ত পাকিস্তানত সংঘটিত এক আত্মঘাতী বিস্ফোৰণত ১৬ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়। এই আক্ৰমণত জমিয়ত উলেমা-ই-ইছলাম (JUI-S) ৰ মুৰব্বী মৌলানা হামিদ-উল হকৰো মৃত্যু হৈছে। প্ৰাৰম্ভিক খবৰ অনুসৰি হামিদ-উল-হকক হত্যা কৰিবলৈ সংঘটিত কৰা হৈছিল এই বিস্ফোৰণ।

এফালে যদি চেম্পিয়নছ ট্ৰফীৰ উন্মাদনা, আনফালে ৰমজানৰ প্ৰস্তুতি। ইয়াৰ মাজত শুকুৰবাৰৰ নামাজৰ সময়ত এক আত্মঘাতী বিস্ফোৰণ। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ আখোৰা খাট্টকৰ দাৰুল উলুম হাক্কানিয়া মাদ্ৰাছাত হোৱা এই বোমা বিস্ফোৰণত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। এই আক্ৰমণত নিহত হয় জমিয়ত উলেমা-ই-ইছলাম-ছামি (JUI-S)ৰ মুৰব্বী মৌলানা হামিদুল হক হাক্কানী। তেওঁ JUI-Sৰ প্ৰাক্তন মুৰব্বী আৰু ‘তালিবানৰ পিতৃ’ নামেৰে পৰিচিত মৌলানা ছামিউল হক হাক্কানীৰ পুত্ৰ।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মৌলানা হামিদুল হক হাক্কানী নামাজৰ সময়ত মছজিদৰ সন্মুখৰ শাৰীত উপস্থিত আছিল, যাৰ পৰা বুজা যায় যে তেওঁ এই আক্ৰমণৰ মূল লক্ষ্য আছিল। বিস্ফোৰণৰ লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হয় আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
খাইবাৰ পাখতুনখোৱাৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) জুলফিকাৰ হামিদে নিশ্চিত কৰিছে যে এয়া আত্মঘাতী আক্ৰমণ আৰু লক্ষ্য আছিল মৌলানা হামিদুল হক। স্থানীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, নিৰাপত্তা সংস্থাই বিষয়টোৰ তদন্ত কৰি আছে আৰু বিস্ফোৰণৰ আঁৰৰ কাৰণ জানিব পৰা গৈছে। দাৰুল উলুম হাক্কানিয়া মাদ্ৰাছা উগ্ৰ ইছলামিক মতাদৰ্শৰ বাবে কুখ্যাত আৰু তালিবান নেতাসকলৰ শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। এই আক্ৰমণৰ পিছত সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
মৌলানা হামিদুল হক হাক্কানী কোন আছিল?
মৌলানা হামিদুল হক আছিল এগৰাকী সাংসদো। ২০১৮ চনত পিতৃ মৌলানা ছমিউল হকৰ হত্যাৰ পিছত তেওঁ জমিয়ত উলেমা-ই-ইছলাম-ছামি (JUI-S)ৰ মুৰব্বীৰ পদত অধিষ্ঠিত হয়। তেওঁৰ পিতৃ মৌলানা ছমিউল হকক তালিবানৰ পিতৃ বুলি কোৱা হৈছিল আৰু তেওঁ আফগান তালিবানৰ কঠোৰ সমৰ্থক আছিল।
১৯৪৭ চনত স্থাপিত দাৰুল উলুম হাক্কানিয়া পাকিস্তানৰ প্ৰভাৱশালী ইছলামিক মাদ্ৰাছাৰ ভিতৰত অন্যতম। ইয়াৰ প্ৰতিষ্ঠা কৰিছিল মৌলানা ছমিউল হকৰ পিতৃ মৌলানা আব্দুল হক হাক্কানীয়ে। অৱশ্যে এই মাদ্ৰাছাৰ ইতিহাস বিতৰ্কৰে ভৰা। ২০০৭ চনত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ হত্যাকাণ্ডৰ একাংশ অভিযুক্তৰ এই মাদ্ৰাছাৰ সৈতে সম্পৰ্ক থকা বুলি কোৱা হৈছিল যদিও মাদ্ৰাছা প্ৰশাসনে এনে অভিযোগ অস্বীকাৰ কৰিছিল।
বিবিচিৰ তথ্য অনুসৰি এই মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল আফগান তালিবানৰ শীৰ্ষ নেতৃত্বৰ সৈতে জড়িত হৈ আছে। ইয়াৰ ভিতৰত আছে তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকি, কুখ্যাত হাক্কানী নেটৱৰ্কৰ প্ৰতিষ্ঠাপক আব্দুল লতিফ মনছুৰ মোল্লা জালালুদ্দিন হাক্কানী, গুয়ান্তানামো বে’ৰ প্ৰাক্তন বন্দী খাইৰুল্লা খাইৰখোৱাৰ দৰে নাম। দাৰুল উলুম হাক্কানিয়া পাকিস্তান আৰু আফগানিস্তানৰ ৰাজনীতি, উগ্ৰপন্থী গোট আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এতিয়া মৌলানা হামিদুল হকৰ মৃত্যুৰ পিছত এই প্ৰতিষ্ঠানখন পুনৰ চৰ্চালৈ আহিছে।