ভাৰত ভ্ৰমণত তালিবান মন্ত্ৰী! ইফালে আফগানিস্তানত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ…
সতৰ্কবাণীৰ পাছতে পাকিস্তানে আক্ৰমণ চলাই আফগানিস্তানত। তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা এই আক্ৰমণ চলে। তালিবানৰ মন্ত্ৰী ভাৰত ভ্ৰমণত থকা সময়চোৱাতে পাকিস্তানে এই আক্ৰমণ চলায়।

আফগানিস্তানক আক্ৰমণ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। বৃহস্পতিবাৰে নিশা পাকিস্তানে তালিবান শাসিত আফগানিস্তানৰ ৰাজধানী কাবুলত বিমান আক্ৰমণ চলায়। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে “এতিয়া বহু হ’ল” বুলি দিয়া সতৰ্কবাণীৰ মাত্ৰ কেইটামান ঘন্টা পাছতে এই আক্ৰমণ চলে।
আফগান তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ উদ্ধৃতি দি পাকিস্তানী কাকত ড’নে কয় যে কাবুল চহৰত বিস্ফোৰণৰ শব্দ শুনা অৱশ্যে এতিয়ালৈকে কোনো ক্ষতিৰ খবৰ লাভ কৰা হোৱা নাই। চিন্তাৰ প্ৰয়োজন নাই। সকলো ঠিকে আৰু ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
দুটা বিস্ফোৰণ
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি,নিশা ৯:৫০ মান বজাত দুটা বিস্ফোৰণৰ শব্দ শুনা যায়। এই আক্ৰমণৰ পাছত আফগানিস্তানে স্পষ্টকৈ কৈছে যে ইয়াৰ ফলত কাৰো ক্ষতি হোৱা নাই।
د کابل په ښار کې د یوې چاودنې غږ اوریدل شوی.
خو څوک دې تشویش نه کوي، خیر او خیرت ده، د حادثې پلټنه روانه ده، تر اوسه د کوم زیان په اړه راپور نه دی ورکړل شوی.صدای یک انفجار در کابل شنیده شد.
تحقیقات جریان دارد، تا کنون گزارش کدام زیانی داده نشده است خیر و خیرت می باشد.— Zabihullah (..ذبـــــیح الله م ) (@Zabehulah_M33) October 9, 2025
পাকিস্তানৰ সতৰ্কবাণী
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে বৃহস্পতিবাৰে আফগান তালিবানক কঠোৰ সকীয়নি প্ৰদান কৰিছিল। তেওঁ কৈছিল যে পাকিস্তানৰ ধৈৰ্য শেষ হৈ আহিছে। আফগানিস্তানৰ মাটিৰ পৰা পাকিস্তানক লক্ষ্য কৰি লোৱা সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে তেওঁ ক্ষুব্ধ হৈ পৰে।
ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ দি আছিফে কয়, এয়া বহুত হ’ল। আফগানৰ ভূমিত চলি থকা সন্ত্ৰাসবাদ পাকিস্তানে আৰু সহ্য নকৰে। উল্লেখ্য যে,ওৰাকজাই জিলাত নিষিদ্ধ তেহৰিক-ই-তালিবানৰ সৈতে হোৱা সংঘৰ্ষত এজন লেফটেনেণ্ট কৰ্ণেল আৰু এজন মেজৰকে ধৰি ১১জন পাকিস্তানী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছিল। তাৰ পাছতে তেওঁ এই সতৰ্কবাণী জাৰি কৰে।
আছিফে কয় যে, সন্ত্ৰাসবাদীসকলক যিয়েই সহায় কৰি আছে সেইসকলক খেদি ফুৰিব পাকিস্তানে। কাবুলে সীমান্তৰ সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ইছলামবাদে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। তেওঁ কয়, আমাৰ ধৈৰ্যৰ এটা সীমা আছে। যিয়ে সন্ত্ৰাসবাদীক সহায় আগবঢ়াব সেইসকল ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ কিছু সময় পাছতে এই আক্ৰমণ চলে।
ভাৰত ভ্ৰমণ
উল্লেখ্য যে, ৯ অক্টোবৰত ভাৰতত উপস্থিত হৈছে আফগান মন্ত্ৰী। ১০ অক্টোবৰত আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত অংশ লোৱাৰ কথা। ইয়াৰ মাজতে পাকিস্তানে এই আক্ৰমণ চলায়। ২০২১ চনত আফগানিস্তানত তালিবানৰ শাসন আৰম্ভ হোৱাৰ পাছত এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই সময়চোৱাত পাকিস্তানৰ এই আক্ৰমণে বহু প্ৰশ্ন উত্থাপন কৰিছে।
অন্য খবৰ পঢ়কঃ বিশ্বক প্ৰয়োজন ভাৰতৰ…আঁৰৰ কাৰণ ক’লে ডাঃ বীৰমণিয়ে…