শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিপদত ভাৰত! চীন-পাকিস্তানে কৰিছে নেকি কোনো ডাঙৰ পৰিকল্পনা? ৪৩ হাজাৰ কোটি টকাৰ কি এই চুক্তি….

ভাৰতৰ বিৰুদ্ধে একেলগে ষড়যন্ত্ৰত নামিছে নেকি চীন-পাকিস্তান? পাকিস্তানে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ চেষ্টা চলাইছে। আৰু এই ক্ষেত্ৰত দেশখনক সহায় কৰিছে চীনে।

বিপদত ভাৰত! চীন-পাকিস্তানে কৰিছে নেকি কোনো ডাঙৰ পৰিকল্পনা? ৪৩ হাজাৰ কোটি টকাৰ কি এই চুক্তি….
চীন-পাকিস্তানImage Credit source: tv9 বাংলা
Barasha Sarma
Barasha Sarma | Published: 23 Mar 2025 19:09 PM

ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্ৰত নামিছে নেকি চীন-পাকিস্তান? একেলগে মিলি দুয়োখন দেশে শক্তি বৃদ্ধিৰ চেষ্টা চলাইছে নেকি? শেহতীয়াকৈ সংঘটিত কিছুমান ঘটনাৰাজিয়ে এই কথাকে যেন প্ৰতিফলিত কৰিছে।  চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ৰঙা সেনাবাহিনীৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে নতুন বিত্তীয় বৰ্ষত অতিৰিক্ত বাজেট আবণ্টনৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগে লগে পূৰ্বৰ তুলনাত নতুন বিত্তীয় বৰ্ষত সামৰিক ব্যয় ৭.২ শতাংশ বৃদ্ধি পাব। কিন্তু এনে লাগে যেন চীন চৰকাৰে কেৱল নিজৰ সামৰিক শক্তিয়েই নহয়, পাকিস্তানৰ শক্তিও বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিছে।

শেহতীয়াকৈ দেশখনে চুক্তি অনুসৰি দ্বিতীয়খন ‘হাংগাৰ ক্লাছ ছাবমেৰিন’ য়ুহান হৈ পাকিস্তানৰ কৰাচীলৈ প্ৰেৰণ কৰে। এই নতুন প্ৰযুক্তিৰ চীনা ছাবমেৰিনে পাকিস্তানৰ নৌসেনাক পূৰ্বতকৈ আৰু অধিক শক্তিশালী কৰি তুলিব। জানিব পৰা মতে চীনে এনেধৰণৰ আৰু ৬ খন চাবমেৰিন প্ৰেৰণ কৰিব। বিনিময়ত পাকিস্তানে পাঁচ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৪৩ হাজাৰ কোটি টকা চীনক গতাই দিব।

আৰব সাগৰ আৰু ভাৰত মহাসাগৰত ভাৰতীয় নৌসেনাই বছৰ বছৰ আধিপত্য বিস্তাৰ কৰি আহিছে। গতিকে এনে পৰিস্থিতিত পাকিস্তানে চীনৰ চাবমেৰিনৰ সৈতে নিজৰ শক্তি বৃদ্ধিৰ সংকেত ভাৰতক দিছে।

কেৱল চাবমেৰিন নহয়। অন্য দিশেৰেও শক্তি বৃদ্ধিৰ চেষ্টা কৰিছে পাকিস্তান-চীনে। উল্লেখ্য যে, আমেৰিকাই ভাৰতক এফ-৩৫ যুঁজাৰু বিমান যোগান ধৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এনে সময়ত পাকিস্তানে চীনৰ পৰা যুঁজাৰু জাহাজ অনাৰ চেষ্টা কৰিছে।  পাকিস্তানে চীনৰ সৈতে আমেৰিকাৰ এফ-৩৫ক প্ৰতিহত কৰিবলৈ যুদ্ধ বিমান আনিবলৈ অহৰহ আলোচনা আৰু বৈঠকত মিলিত হৈ আহিছে। চীনত নিৰ্মিত ৪০খন জে-৩৫এ যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ পাকিস্তানে প্ৰস্তুতি চলাইছে।

ইমানেই নহয়, পাকিস্তানে এই বিত্তীয় বৰ্ষত দেশখনে নতুন সামৰিক সঁজুলি ক্ৰয় কৰিবলৈ সামৰিক বাজেট আবণ্টন ৯.৫৩ শতাংশ বৃদ্ধি কৰিছে। যোৱা বিত্তীয় বৰ্ষতো আবণ্টনৰ ক্ষেত্ৰত একেধৰণৰ বৃদ্ধি দেখা গৈছিল। এক পৰিসংখ্যা অনুসৰি ২০১৯ চনৰ পৰা ২০২৩ চনলৈ পাকিস্তানী সেনাবাহিনীত সংযোজিত সামৰিক সঁজুলিৰ ৮১ শতাংশই চীনৰ। এনে পৰিসংখ্যা চাই একাংশই দাবী কৰিছে যে ভাৰতৰ বিৰুদ্ধে শক্তি বৃদ্ধিৰ বাবে চীনে ক্ৰমান্বয়ে পাকিস্তানক নিজৰ মিত্ৰ হিচাপে গঢ়ি তুলিছে।