শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Pahalgam Terrorist Attack: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ নাম, ভাৰতৰ কূটনৈতিক জয়

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি TRF এ দুবাৰকৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল আৰু “আক্ৰমণস্থলীৰ ফটো প্ৰকাশ কৰিছিল।” দলটোৱে এক প্ৰতিবেদনত পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ (LeT) সমৰ্থন অবিহনে এই আক্ৰমণ হ’ব নোৱাৰিলেহেঁতেন বুলিও দাবী উত্থাপন কৰিছে।

Pahalgam Terrorist Attack: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদনত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ নাম, ভাৰতৰ কূটনৈতিক জয়
পহলগাম আক্ৰমণত জড়িত আছিল TRFImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 30 Jul 2025 15:02 PM

জম্মু-কাশ্মীৰত পহলগাম আক্ৰমণ সন্দৰ্ভত শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ নিষেধাজ্ঞা সমিতিৰ অধীনত মনিটৰিং টীমৰ প্ৰতিবেদন প্ৰকাশ। এই প্ৰতিবেদনত দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (TRF) ৰ কথা প্ৰকাশ কৰিছে সমিতিখনে।

চৰকাৰী সূত্ৰৰ মতে, প্ৰতিবেদনখনত ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ প্ৰাণহানি হোৱা ঘটনাত লস্কৰ ই-তৈবাৰ প্ৰক্সি সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (TRF) জড়িত থকাৰ কথা স্পষ্টভাৱে লিপিবদ্ধ কৰা হৈছে।

সূত্ৰই জনোৱা মতে, “TRF আৰু পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত থকা অনুচ্ছেদটো দক্ষিণ এছিয়া শাখাৰ অধীনত প্ৰথম আৰু আটাইতকৈ ডাঙৰ অংশ। TRF আৰু লস্কৰ ই-তৈবাৰ মাজৰ সম্পৰ্ক তথা পাকিস্তানৰ পৰা ইয়াৰ সমৰ্থনৰ ওপৰত আমি যিখিনি উল্লেখ কৰি আহিছো তাৰ সৈতে ইয়াৰ মিল আছে।” ২০১৯ চনৰ পিছত এই প্ৰতিবেদনত লস্কৰ-ই-তৈবাৰ নামো প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছে।

প্ৰতিবেদনত কি কোৱা হৈছে?

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি TRF এ দুবাৰকৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল আৰু “আক্ৰমণস্থলীৰ ফটো প্ৰকাশ কৰিছিল।” দলটোৱে এক প্ৰতিবেদনত পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ (LeT) সমৰ্থন অবিহনে এই আক্ৰমণ হ’ব নোৱাৰিলেহেঁতেন বুলিও দাবী উত্থাপন কৰিছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১২৬৭ আইএছআইএল (দাইছ) আৰু অল কায়দাৰ নিষেধাজ্ঞা সমিতিৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে, ‘‘সেইদিনা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে (TRF) এই আক্ৰমণৰ দাবী কৰিছিল, যিয়ে সমান্তৰালভাৱে আক্ৰমণস্থলীৰ ফটো প্ৰকাশ কৰিছিল।”

প্ৰতিবেদনত কোৱা হৈছে যে TRFৰ দায়বদ্ধতাৰ দাবী পিছদিনা পুনৰাবৃত্তি কৰা হৈছিল। অৱশ্যে ২৬ এপ্ৰিলত TRF এ নিজৰ দাবী প্ৰত্যাহাৰ কৰিছিল। TRFৰ পৰা আৰু কোনো যোগাযোগ হোৱা নাছিল। আন কোনো গোটে দায়িত্ব স্বীকাৰ কৰা নাছিল বুলি প্ৰতিবেদনত কোৱা হৈছে।

প্ৰতিবেদনত এখন সদস্য ৰাষ্ট্ৰৰ উদ্ধৃতি দিয়া হৈছে যিয়ে কয় যে “লস্কৰ-ই-তৈবাৰ সমৰ্থন অবিহনে এই আক্ৰমণ হ’ব নোৱাৰিলেহেঁতেন, LeT আৰু TRFৰ মাজত সম্পৰ্ক আছে। আন এখন সদস্য ৰাষ্ট্ৰই কয় যে এই আক্ৰমণ TRF এ সংঘটিত কৰিছে, যিটো LeTৰ সমৰ্থক।”

কিয় গুৰুত্বপূৰ্ণ

এম টি ৰিপৰ্টকে ধৰি ১২৬৭ নিষেধাজ্ঞা সমিতিৰ সকলো সিদ্ধান্ত নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ সহমতৰ ভিত্তিত গ্ৰহণ কৰাৰ বাবে এয়া ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক জয়।

“এম টি ৰিপ’ৰ্টত TRFৰ উল্লেখটোৱেই হৈছে পাকিস্তানৰ মিথ্যাচাৰ আৰু প্ৰতাৰণামূলক আখ্যানক বিশ্বই কেনেদৰে চায়। পাকিস্তানৰ যুক্তিযুক্ত অস্বীকাৰৰ কৌশল- নিজৰ জেহাদী প্ৰক্সিৰ বাবে ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ আৰু ‘পিপল এগেইনষ্ট ফেচিষ্ট ফ্ৰণ্ট’ৰ দৰে ধৰ্মনিৰপেক্ষ আৰু আধুনিক নাম ব্যৱহাৰ কৰি LeT/JEM ৰ পৰা মনোযোগ আঁতৰাই জম্মু আৰু কাশ্মীৰত ইয়াৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক থলুৱা ৰূপ দিবলৈ এতিয়া ষ্টেণ্ড পাংচাৰ হৈ আছে।’’ -সূত্ৰই জনায়।

ইয়াৰ পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে সংসদত পহলগাম আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ প্ৰেছ বিবৃতিত TRFৰ উল্লেখসমূহ বলপূৰ্বকভাৱে আঁতৰাই পেলোৱাৰ কথাত গৌৰৱ কৰিছিল।

২০২৩ চনৰ ডিচেম্বৰৰ পৰা ভাৰতে TRF আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাত থকা অন্যান্য সন্ত্ৰাসবাদী প্ৰক্সিৰ সন্দৰ্ভত বিশদ তথ্য প্ৰদান কৰাৰ পিছত এই কথা প্ৰকাশ পাইছে।

সূত্ৰসমূহে জনোৱা মতে, “২০২৪ চনত দুবাৰকৈ বিদেশ মন্ত্ৰণালয়ে TRFৰ কাৰ্যকলাপ আৰু LeT ৰ সৈতে ইয়াৰ সংযোগৰ বিষয়ে এম টিক ইনপুট প্ৰদান কৰিছিল। ২০২৪ চনৰ মে’ মাহত নিউয়ৰ্কত বিদেশ মন্ত্ৰণালয়ৰ নেতৃত্বত থকা আন্তঃমন্ত্ৰালয়ৰ প্ৰতিনিধি দলে এম টি আৰু ৰাষ্ট্ৰসংঘৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলক অৱগত কৰিছিল আৰু TRFৰ সন্দৰ্ভত ড’ছিয়াৰো শ্বেয়াৰ কৰিছিল।”

তেওঁলোকে লগতে কয় যে নতুন দিল্লীত আৱাসী মিছন আৰু মূল ৰাজধানীসমূহত ভাৰতীয় মিছনে স্থায়ী অনুসৰণ নিশ্চিত কৰিছিল, যাৰ সমৰ্থনত সংসদীয় প্ৰতিনিধি দলে বিদেশত পাৰস্পৰিক ক্ৰিয়া-কলাপত TRFৰ ভূমিকা উত্থাপন কৰিছিল।

ইয়াৰ পূৰ্বে জুলাই মাহত আমেৰিকাই TRFক বিদেশী সন্ত্ৰাসবাদী সংস্থা (এফ টি অ’) আৰু বিশেষভাৱে নিৰ্ধাৰিত গ্ল’বেল টেৰ’ৰিষ্ট (এছ ডি জি টি) হিচাপে নিৰ্ধাৰণ কৰিছিল। পহলগাম আক্ৰমণকে ধৰি ভাৰতৰ বিৰুদ্ধে একাধিক আক্ৰমণত TRFৰ জড়িততাক আলোকপাত কৰি বিদেশ মন্ত্ৰালয়ে কয় যে এই সিদ্ধান্তই ট্ৰাম্প প্ৰশাসনৰ “আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষা, সন্ত্ৰাসবাদ প্ৰতিহত আৰু পহলগাম আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ন্যায়ৰ আহ্বান বলবৎ কৰাৰ প্ৰতিশ্ৰুতি” প্ৰতিফলিত কৰিছে।

২০১৯ চনত লস্কৰ-ই-তৈবাৰ প্ৰক্সি হিচাপে গঠন হোৱা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক ২০২৩ চনত ভাৰতে নিষিদ্ধ কৰিছিল। ই অনলাইনযোগে যুৱক-যুৱতীক নিযুক্তি দিয়া, সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰা, পাকিস্তানৰ পৰা জম্মু-কাশ্মীৰলৈ অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে।

জম্মু-কাশ্মীৰত সাধাৰণ নাগৰিক, ৰাজনৈতিক নেতা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি কেইবাটাও আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছিল TRF এ। ইয়াৰ প্ৰতিষ্ঠাপক তথা সেনাধ্যক্ষ শ্বেখ ছাজ্জাদ গুলক ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন অনুসৰি সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছে।