Nobel Prize 2025: হাংগেৰীৰ ঔপন্যাসিক Laszlo Krasznahorkai লৈ সাহিত্যৰ ন’বেল বঁটা
Nobel Prize in Literature 2025: হাংগেৰীৰ সাহিত্যিক লাছলো ক্ৰাছনাহৰ্কাইলৈ এই বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা। তেওঁৰ গ্ৰন্থ "ছাটানটাংগো(Satantango)" আৰু মানৱতাৰ ওপৰত গভীৰ অন্তৰ্নিহিত লেখাৰ যথেষ্ঠ প্ৰশংসা হয়।

হাংগেৰীৰ প্ৰখ্যাত লেখক লাছলো ক্ৰাছনাহৰ্কাক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ছুইডিছ একাডেমীয়ে এই বঁটা প্ৰদান কৰি কয় যে এই বঁটা প্ৰদান কৰা হৈছে “তেওঁৰ প্ৰভাৱশালী আৰু দূৰদৰ্শী লেখাৰ বাবে, যিয়ে ধ্বংস আৰু ভয়ৰ মাজত শিল্পৰ শক্তিক জীয়াই ৰাখিছে”। হতাশা আৰু প্ৰলয়ৰ মাজত আশাৰ ভাষা গঢ়ি তোলা আধুনিক ইউৰোপীয় সাহিত্যৰ অন্যতম বিৰল কণ্ঠ ক্ৰাছনাহৰ্কাই। তেওঁৰ লেখাই প্ৰায়ে মানৱতাৰ অন্ত আৰু নৈতিক অৱক্ষয়ৰ পৰিস্থিতিৰ সৈতে যুঁজ দিয়ে যদিও প্ৰতিবাৰেই শিল্পক পুনৰ্জন্মৰ এক প্ৰকাৰ হিচাপে উপস্থাপন কৰে।
BREAKING NEWS
The 2025 #NobelPrize in Literature is awarded to the Hungarian author László Krasznahorkai “for his compelling and visionary oeuvre that, in the midst of apocalyptic terror, reaffirms the power of art.” pic.twitter.com/vVaW1zkWPS— The Nobel Prize (@NobelPrize) October 9, 2025
১৯৫৪ চনত জন্মগ্ৰহণ কৰা লাছলোৱে ১৯৮৫ চনত তেওঁৰ উপন্যাস Satantango ৰ জৰিয়তে সাহিত্য জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইয়াত পৃথিৱীৰ শেষৰ প্ৰতীকী কাহিনী কোৱা হয়।
ক্ৰাছনাহৰ্কাইৰ লেখনশৈলী দীঘলীয়া, জটিল আৰু দাৰ্শনিক, এটা বাক্যক ক’বলৈ গ’লে বিস্তৃত। তেওঁৰ কথাই বিশৃংখলতাৰ আৰু উন্মাদনাৰ ভিতৰত থকা গভীৰ সত্যক লুকুৱাই ৰাখে।
তেওঁৰ প্ৰধান গ্ৰন্থসমূহ হ’ল
-
- The Melancholy of Resistance (1989)
- War and War (1999)
- Seiobo There Below (2008)
তেওঁৰ গ্ৰন্থ Satantango এ ২০১৩ চনত Best Translated Book Award ৰ বঁটা লাভ কৰে, আৰু ২০১৫ চনত তেওঁক Man Booker International Prize সৈতে সন্মান লাভ কৰে। সাহিত্যৰ নোবেল বঁটা লাভ কৰা হাংগেৰীৰ দ্বিতীয়জন লাছলো ক্ৰাছনাহৰ্কাই।