শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মানৱ দেহত থকা টি কোষ কি? যাৰ বাবে ৩ বিজ্ঞানীয়ে লাভ কৰিলে ন’বেল বঁটা…

এইবাৰৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল, আৰু শ্বিমল ছাকাগুচিক। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ শৰীৰক বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া আৰু বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। বহুতো বীজাণু মানুহৰ কোষৰ সৈতে মিল আছে। তেনে ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতাই কেৱল বীজাণুক কেনেকৈ আক্ৰমণ কৰে?

মানৱ দেহত থকা টি কোষ কি? যাৰ বাবে ৩ বিজ্ঞানীয়ে লাভ কৰিলে ন’বেল বঁটা…
৩ গৰাকী ব্যক্তিলৈ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা
trishna-kalita
Trishna Kalita | Updated On: 07 Oct 2025 12:56 PM

মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। আমি যেনেকৈ অসুস্থ শৰীৰক সুস্থ কৰিবলৈ ঔষধ সেৱন কৰোঁ, তেনেদৰে আমাৰ  ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক সুস্থ কৰি ৰাখিবলৈ যুঁজ দিয়ে। যদি ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ নিজৰ শৰীৰৰ বিভিন্ন অংগক আক্ৰমণ কৰে তেন্তে কি হ’ব? তেতিয়া আমাৰ শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতাক কেনেকৈ নিয়ন্ত্ৰণত ৰাখে? সেই গোপনীয়তা আৱিষ্কাৰ কৰাৰ বাবে এইবাৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে। সোমবাৰে ৰয়েল ছুইডিছ একাডেমীয়ে তেওঁলোকৰ নাম ঘোষণা কৰে।

এইবাৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল, আৰু শ্বিমল ছাকাগুচিক। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাৰ শৰীৰক বিভিন্ন ভাইৰাছ, বেক্টেৰিয়া, বীজাণুৰ পৰা ৰক্ষা কৰে।  এই বিষয়ে গৱেষণা কৰি থাকোঁতে তিনিজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে যে ইয়াৰ আঁৰত এটা বিশেষ ধৰণৰ ইমিউন চেল আছে। যিটো হৈছে নিয়ন্ত্ৰণকাৰী টি কোষ। এই কোষবোৰে শৰীৰৰ ‘অটোইম্যুন’ ৰোগ প্ৰতিৰোধ কৰে। ন’বেল কমিটীয়ে কয় যে ,তেওঁলোকৰ এই আৱিষ্কাৰে কেন্সাৰ আৰু অন্যান্য ‘অটোইম্যুন’ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰিছে।

ভাইৰ’লজিষ্ট সিদ্ধাৰ্থ জ’ৰদাৰে এই তিনিজন বিজ্ঞানীৰ গৱেষণাৰ সন্দৰ্ভত এইদৰে কয়, “তেজৰ যোগেদি আমাৰ গোটেই শৰীৰত চলাচল কৰা লিম্ফোচাইট নামৰ প্ৰতিৰোধ কোষবোৰ বাহিৰৰ পৰা বীজাণু বা ভাইৰাছ প্ৰৱেশ কৰিলেহে সক্ৰিয় হয়, নিজৰ প্ৰ’টিন এন্টিজেনক শত্ৰু বুলি গণ্য কৰি ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰে। কিন্তু এটা সময়ত এই লিম্ফোচাইটবোৰে নিজৰ শৰীৰ বা অংগৰ প্ৰ’টিনৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতাৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰে।”

তেওঁ কয়, “বাতবিষ, চিষ্টেমিক লুপাছ এৰিথেমেটাছ, ইনচুলিন-নিৰ্ভৰশীল ডায়েবেটিছ মেলিটাছ, আৰু অটোইম্যুন হেমোলাইটিক এনিমিয়া আদি ৰোগৰ সৃষ্টি হয় এই ধৰণৰ নিয়ন্ত্ৰক টি-লিম্ফোচাইট কোষে আমাৰ শৰীৰত অটো-ইমিউনিটি ৰোধ কৰে আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে।”

এই তিনিওগৰাকী বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটাৰ বাবে ১২ লাখ মাৰ্কিন ডলাৰৰ আৰ্থিক বঁটা লাভ কৰিব। ছুইডেনৰ ৰজাই তেওঁলোকক সোণৰ পদকো প্ৰদান কৰিব। ৩ জন ন’বেল বঁটা বিজয়ীৰ ভিতৰত ব্ৰুংকো আৰু ৰেমছডেল আমেৰিকাৰ নাগৰিক আৰু ছাকাগুচি জাপানী নাগৰিক। যোৱা বছৰ দুই আমেৰিকান বিজ্ঞানী ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনে চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।