শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তাচপাতৰ দৰে খহিছে অট্টালিকা, চৌদিশে মাথোঁ ধ্বংসস্তূপ! প্ৰবল ভূমিকম্পত হাজাৰ লোকৰ মৃত্যুৰ আশংকা

প্ৰবল ভূমিকম্পই থাইলেণ্ডৰ ৰাজধানী বেংককত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। চকুৰ সন্মুখতে তাচপাতৰ দৰে খহি পৰিল নিৰ্মীয়মান অট্টালিকা। ম্যানমাৰতো ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হৈছে। হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ আশংকা। বেংককৰ মেট্ৰ’ আৰু উচ্চ অট্টালিকাসমূহো ক্ষতিগ্ৰস্ত হৈছে।

তাচপাতৰ দৰে খহিছে অট্টালিকা, চৌদিশে মাথোঁ ধ্বংসস্তূপ! প্ৰবল ভূমিকম্পত হাজাৰ লোকৰ মৃত্যুৰ আশংকা
বেংককত ভূমিকম্প
Trishna Kalita
Trishna Kalita | Updated On: 28 Mar 2025 16:35 PM

শুকুৰবাৰে পুৱা ম্যানমাৰত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন থাইলেণ্ড পৰ্যন্ত অনুভূত হৈছিল। সৃষ্টি হৈছিল আতংকময় পৰিৱেশৰ। ৰাজধানী বেংককত নিৰ্মাণৰত এটা অট্টালিকা ভাঙি যোৱাৰ বিপৰীতে শ শ লোক কাৰ্যালয় আৰু ঘৰৰ পৰা ওলাই আহিছিল।  ভূমিকম্পৰ বাবে থাইলেণ্ডত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। ক্ষতিগ্ৰস্ত হৈছে বিমানসেৱা।

ভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংকক আৰু ম্যানমাৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰবল ভূমিকম্পৰ বাবে বেংককৰ চাটুচাকত খহি পৰিছে নিৰ্মীয়মান অট্টালিকা। খহি পৰা অট্টালিকাটোত ৪৩ জন লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নিৰুদ্দেশ হোৱা অধিকাংশ লোক শ্ৰমিক। স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি, ভূমিকম্পৰ ফলত বেংককত মৃত্যু হৈছে ১৫ জন লোকৰ। ইফালে হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ আশংকা কৰা ব্যক্ত কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে, চাটুচাকত অৱস্থিত ১২ মহলীয়া অট্টালিকাই ভূমিকম্পৰ প্ৰচণ্ড কম্পন সহ্য কৰিব নোৱাৰি অতি কম সময়ৰ ভিতৰতে ভাঙি পৰে। ভাইৰেল ভিডিঅ’টোত অট্টালিকাটো ভাঙি পৰাৰ পিছত মানুহ দৌৰি থকা দেখা গৈছে।

হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ আশংকা

আমেৰিকাৰ ভূতাত্ত্বিক সমীক্ষাৰ উদ্ধৃতিৰে বিএনঅ’ নিউজে প্ৰকাশ কৰিছে যে, এই প্ৰবল ভূমিকম্পৰ বাবে থাইলেণ্ড আৰু ম্যানমাৰত হাজাৰ হাজাৰ লোকৰ মৃত্যু হ’ব পাৰে। ইয়াত দুয়োখন দেশৰ ভূমিকম্পৰ পিছত সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে। কোৱা হৈছে যে, প্ৰশাসনৰ প্ৰথম কাম হৈছে ধ্বংসাৱশেষ আঁতৰাই নিহত হোৱা লোকৰ সংখ্যা উলিওৱা।

ম্যানমাৰৰ পৰা বেংককলৈকে…ধ্বংসৰ ৩টা ডাঙৰ দৃশ্য

১) ম্যানমাৰৰ ভূমিকম্পৰ ফলত ভাঙিছে এখন দলং । এই দলংখন দেশৰ দ্বিতীয় বৃহত্তম চহৰ ছাগাইং টাউনশ্বিপত অৱস্থিত।

২) বেংককৰ আইকনিক বিল্ডিং মহানাকৰ্ণ নাওৰ দৰে দোলা খাই থকা দেখা গৈছে। ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

৩) ভূমিকম্পৰ বাবে বেংককৰ অট্টালিকাৰ ছাদৰ ওপৰৰ পুলৰ পানী তললৈ নামিবলৈ ধৰিছিল। পানী পৰি যোৱাৰ বাবে সমগ্ৰ অট্টালিকাটোৰ বস্তুবোৰ সিঁচৰতি হৈ পৰিছে।

কেনেকৈ সংঘটিত হ’ল ভূমিকম্প, ক’ত আছিল অভিকেন্দ্ৰ?

ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল চাৰ্ভেৰ তথ্য অনুসৰি, ম্যানমাৰৰ ছাংগাইঙৰ ওচৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল।  মাটিৰ পৰা ১০ কিলোমিটাৰ তলত দুটা শিলৰ সংঘৰ্ষ হোৱাৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। কোৱা হৈছে যে ,প্ৰবল ভূমিকম্পৰ কেইঘণ্টামান আগতে ইয়াত কম তীব্ৰতাৰ ভূমিকম্পও অনুভৱ কৰা হৈছিল। উল্লেখ্য যে, বেংককত ১.৭ কোটি আৰু ম্যানমাৰত ৫ কোটি লোক বাস কৰে। ম্যানমাৰৰ সেই অঞ্চলত প্ৰায় ২০ লাখ লোক বাস কৰে য’ত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল।