অৰাজক বাংলাদেশত উন্মাদনাৰ কিৰিলিঃ ৰক্ষা নপৰিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সন্মানো…
শেহতীয়া সময়ছোৱাত বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছত একপ্ৰকাৰে উন্মাদনাও বৃদ্ধি পাইছে। এই উন্মাদনাৰ চিকাৰ হৈছে এইবাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্ব বন্দিত কবিগুৰুৰ যেন নূন্যতম সন্মানো ৰক্ষা নপৰিল বাংলাদেশত। দেশখনত একাংশ উন্মাদ লোকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বপুৰুষৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে।

অৰাজক অৱস্থাই বিৰাজ কৰিছে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত। শেহতীয়া সময়ছোৱাত দেশখনত সৃষ্টি হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনৰ পিছত একপ্ৰকাৰে উন্মাদনা বৃদ্ধি পাইছে। এই উন্মাদনাৰ চিকাৰ হৈছে এইবাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। বিশ্ব বন্দিত কবিগুৰুৰ যেন নূন্যতম সন্মানো ৰক্ষা নপৰিল বাংলাদেশত। দেশখনত একাংশ উন্মাদ লোকে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বপুৰুষৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে। এনে পৰিস্থিতিত ব্যাপক ক্ষতিসাধন হৈছে ৰবীন্দ্ৰ সংগ্ৰহালয়ৰ।
এই ঘটনাৰ পিছত বাংলাদেশ প্ৰশাসনে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই ঘৰত সাধাৰণ মানুহৰ প্ৰৱেশত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে। পিছে বিশ্ব বন্দিত নোবেল বঁটা বিজয়ী কবিগৰাকীৰ ঐতিহ্য সম্বলিত এই স্থানত কিয় নূন্যতম নিৰাপত্তাৰ ব্যৱস্থা কৰা নহ’ল, সেই লৈ ব্যাপক প্ৰশ্ন উত্থাপন হৈছে। উন্মত্ত লোকসকলে সেই স্থানত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱাৰ সময়ত আৰক্ষী-প্ৰশাসনে কি ভূমিকা লৈছিল, সেই সন্দৰ্ভতো প্ৰশ্ন উঠিছে।
উল্লেখ্য যে বাংলাদেশৰ ছিৰাজগঞ্জৰ কছাৰীবাৰীত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বপুৰুষৰ বাসগৃহ আছে। ১৯৪০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাদেউতাক ৰাজকুমাৰ দ্বাৰকানাথ ঠাকুৰে শ্বাহজাদপুৰ বাগিচাখন ক্ৰয় কৰে। সেই সময়ত কছাৰীবাৰী ঠাকুৰ পৰিয়ালৰ হাতলৈ আহিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে জীৱনৰ যথেষ্ট সময় এই ঘৰতে কটায়। ১৯৬৯ চনত পুৰাতত্ত্ব বিভাগে এই ঘৰটো সংৰক্ষিত কৰা হ’ব বুলি ঘোষণা কৰে। পিছত ঘৰটোক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়।
জানিব পৰা মতে, মঙলবাৰে বিয়লি একাংশ উন্মাদ লোকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই পূৰ্বপুৰুষৰ ঘৰখন ভাঙি লণ্ডভণ্ড কৰে। এক পৰ্যটক পৰিয়ালৰ সৈতে সংগ্ৰহালয়ৰ কৰ্মচাৰীৰ পাৰ্কিঙৰ সমস্যাক লৈ সৃষ্টি হোৱা বিবাদৰ পৰাই অশান্তময় পৰিস্থিতিৰ উদ্বৱ হোৱা বুলি জানিব পৰা গৈছে কাজিয়া হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সংগ্ৰহালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই বাইকৰ পাৰ্কিং মাচুলক লৈ বিবাদ আৰম্ভ হয়।
অভিযোগ অনুসৰি, পৰ্যটকজনক কাৰ্যালয় কক্ষত আটক কৰি ৰখাৰ লগতে শাৰীৰিক নিৰ্যাতন কৰা হয়। এই ঘটনাই অঞ্চলটোত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছিল। স্থানীয় বাসিন্দা আৰু ক্ষুব্ধ লোকসকলে শ্বাহজাদপুৰ প্ৰেছ ক্লাবৰ সন্মুখত মানৱ শৃংখল গঠন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পিছত কছাৰীবাৰীত এদল উন্মাদ লোকে প্ৰৱেশ কৰি কাৰ্যালয়, প্ৰেক্ষাগৃহৰ খিৰিকী-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে।
জানিব পৰা মতে, এই ঘটনাৰ ফলত কেইবাটাও মূল্যবান সামগ্ৰীৰ ক্ষতিসাধন হৈছে। সংগ্ৰহালয়টোৰ পৰিচালকজনকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ পিছতে এই আক্ৰমণৰ তদন্তৰ বাবে পুৰাতত্ত্ব বিভাগে তিনিজনীয়া তদন্ত সমিতি গঠন কৰিছে আৰু ৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।