শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে অপহৰণ, ধৰ্মান্তৰকৰণ… বিশেষভাৱে সক্ষম হিন্দু কিশোৰীৰ সৈতে বিবাহ ৭ কন্যাৰ পিতৃৰ

পাকিস্তানৰ সিন্ধ প্ৰদেশত এসপ্তাহৰো অধিক সময় ধৰি নিৰুদ্দেশ হৈ আছিল বিশেষভাৱে সক্ষম এগৰাকী ১৫ বছৰীয়া হিন্দু কিশোৰী। পিছত সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ছোৱালীজনীক উদ্ধাৰ কৰাৰ পূৰ্বে তেওঁক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰি নিজৰ দুগুণ বয়সৰ পুৰুষৰ সৈতে বিয়া কৰাই দিয়া হৈছে।

প্ৰথমে অপহৰণ, ধৰ্মান্তৰকৰণ… বিশেষভাৱে সক্ষম হিন্দু কিশোৰীৰ সৈতে বিবাহ ৭ কন্যাৰ পিতৃৰ
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 19 Oct 2025 16:19 PM

পাকিস্তানত অব্যাহত আছে সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে অপৰাধ আৰু অত্যাচাৰৰ ঘটনা। বলপূৰ্বক ধৰ্মান্তৰকৰণৰ এনে অসংখ্য গোচৰে প্ৰায়ে শিৰোনাম দখল কৰে। ইয়াৰ মাজতে কথা ক’ব নোৱাৰা,  কাণেৰে নুশুনা ১৫ বছৰীয়া হিন্দু ছোৱালীক ইছলাম ধৰ্ম গ্ৰহণ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

পাকিস্তানৰ সিন্ধ প্ৰদেশত এসপ্তাহৰো অধিক সময় ধৰি নিৰুদ্দেশ হৈ আছিল বিশেষভাৱে সক্ষম এগৰাকী ১৫ বছৰীয়া হিন্দু কিশোৰী। পিছত সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ছোৱালীজনীক উদ্ধাৰ কৰাৰ পূৰ্বে তেওঁক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰি নিজৰ দুগুণ বয়সৰ পুৰুষৰ সৈতে বিয়া কৰাই দিয়া হৈছে।

প্ৰথমে ধৰ্মান্তৰকৰণ, তাৰ পিছত বিবাহ

ছোৱালীজনীক ইছলাম ধৰ্ম গ্ৰহণৰ প্ৰমাণ পত্ৰ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। খবৰ পোৱা গৈছে যে কিশোৰীগৰাকীক এজন বৃদ্ধ মুছলমান লোকৰ সৈতে বিয়া কৰাই দিয়া হৈছে। বাদিন জিলাৰ কোৰৱাহ চহৰৰ কিশোৰীগৰাকী প্ৰায় ৯ দিন পূৰ্বে নিৰুদ্দেশ হৈছিল। তেওঁৰ পিতৃ-মাতৃয়ে স্থানীয় আৰক্ষীত অপহৰণৰ অভিযোগ দাখিল কৰিছিল। শনিবাৰে কথিত স্বামীৰ সৈতে বাদিন প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ সন্মুখত হাজিৰ হয় কিশোৰীগৰাকী । য’ত ধৰ্মান্তৰকৰণৰ প্ৰমাণ পত্ৰৰ সৈতে তেওঁৰ ফটো তোলা হয়।

কিশোৰীগৰাকীৰ পিতৃ প্ৰশ্ন-  ইতিমধ্যে সাতগৰাকী কন্যা সন্তান থকা এজন লোকে কেনেকৈ কথা ক’ব নোৱাৰা,  কাণেৰে নুশুনা ছোৱালীক বিয়া কৰাবলৈ সন্মত হ’ব পাৰে বুলি । যিজন ড্ৰাগছ সৰবৰাহৰ লগত জড়িত। হিন্দু আৰু সংখ্যালঘুৰ অধিকাৰৰ বাবে কাম কৰা দাৰাবৰ ইত্তেহাদে কয় যে, কিশোৰীগৰাকীক অপহৰণ কৰা হৈছে যদিও পৰিয়ালৰ অভিযোগৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

তেওঁ কয় যে, আমি আমাৰ অধিবক্তাসকলৰ সৈতে এই বিষয়টো আইনীভাৱে আগবঢ়াই নিবলৈ কথা পাতিছোঁ। কিয়নো আমি নিশ্চিত যে ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে এই কাম কৰা নাছিল। তেওঁ লগতে কয় যে তেওঁ এই বিষয়ৰ তদন্তৰ দাবী জনাই আৰক্ষীৰ উচ্চপদস্থ বিষয়ালৈও পত্ৰ লিখিছে।

হিন্দু জনসংখ্যা কিমান?

Minority Rights ৱেবছাইট অনুসৰি পাকিস্তানত হিন্দু জনসংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ১২ শতাংশ অৰ্থাৎ প্ৰায় ১৯.৬ লাখ লোক। ইয়াৰে বিপুল সংখ্যক (প্ৰায় ৯৬ শতাংশ) সিন্ধ প্ৰদেশৰ গ্ৰাম্য অঞ্চলত বাস কৰে। জানিব পৰা মতে, আগষ্ট মাহত পাকিস্তানৰ শীৰ্ষ মানৱ অধিকাৰ সংস্থাই উল্লেখ কৰিছিল যে, বিগত এটা বছৰত ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে হিংসা, বলপূৰ্বক ধৰ্মান্তৰকৰণ, নাবালক হিন্দু আৰু খ্ৰীষ্টান ছোৱালীৰ বলপূৰ্বক বিবাহ আদি আতংকজনকভাৱে বৃদ্ধি পাইছে।

পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ (HRCP) প্ৰতিবেদন “ষ্ট্ৰীটছ অৱ ভয়: ফ্ৰিডম অৱ ৰিলিজিয়ন অৰ বিলিভ ২০২৪/২৫”ত বিগত বছৰটোক দেশখনৰ ধৰ্মীয় স্বাধীনতা আৰু সংখ্যালঘুৰ অধিকাৰৰ বাবে অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰা হৈছে। প্ৰতিবেদনত আহমদী, হিন্দু, খ্ৰীষ্টানৰ বিৰুদ্ধে হিংসাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে, পঞ্জাৱ আৰু সিন্ধ প্ৰদেশত হিন্দু আৰু খ্ৰীষ্টান ছোৱালীৰ বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু আগতীয়াকৈ বিবাহৰ গোচৰ উত্থাপন হৈয়েই আছে। যিয়ে চৰকাৰে বাল্য বিবাহ বিৰোধী আইন বলবৎ কৰাত ব্যৰ্থ হোৱাৰ প্ৰতিফলন ঘটায়।