শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়াৱহ বিস্ফোৰণে জোকাৰিলে পাকিস্তান, কাৰখানাত ৰাসায়নিক বিস্ফোৰণত ১৭ জন নিহত

প্ৰকাশিত খবৰ অনুসৰি, বিস্ফোৰণৰ সমীপত কাৰখানাটোত ২০ জন লোকে কাম কৰি আছিল। বিস্ফোৰণৰ ফলত ইয়াৰে ১৬ জন লোকৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পিছতে স্থানীয় প্ৰশাসনে লগে লগে ঘটনাস্থলীত উদ্ধাৰ তথা সাহায্য অভিযান আৰম্ভ কৰিছে।

ভয়াৱহ বিস্ফোৰণে জোকাৰিলে পাকিস্তান, কাৰখানাত ৰাসায়নিক বিস্ফোৰণত ১৭ জন নিহত
পাকিস্তানত ভয়াৱহ বিস্ফোৰণ
monjit-dutta
Monjit Dutta | Updated On: 21 Nov 2025 19:08 PM

এক ভয়াৱহ বিস্ফোৰণে জোকাৰিছে পাকিস্তান। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ ফৈছালাবাদৰ এটা কাৰখানাত সংঘটিত ৰাসায়নিক বিস্ফোৰণত ১৭ জন লোকৰ মৃত্যু হয়। আনহাতে বিস্ফোৰণত আন ৬ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে সমীপৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে বিস্ফোৰণস্থলীৰ সমীপৰ বিস্তৃত অঞ্চলজুৰি কঁপাই তোলে। জিঅ’ নিউজৰ তথ্য অনুসৰি ফৈছালাবাদ অঞ্চলৰ চাৰিটা ঘৰত একেলগে সংঘটিত হৈছে এই ৰাসায়নিক বিস্ফোৰণ।

প্ৰকাশিত খবৰ অনুসৰি, বিস্ফোৰণৰ সমীপত কাৰখানাটোত ২০ জন লোকে কাম কৰি আছিল। বিস্ফোৰণৰ ফলত ইয়াৰে ১৬ জন লোকৰ থিতাতে মৃত্যু হয়। ঘটনাৰ পিছতে স্থানীয় প্ৰশাসনে লগে লগে ঘটনাস্থলীত উদ্ধাৰ তথা সাহায্য অভিযান আৰম্ভ কৰিছে।

কিদৰে ঘটিল বিস্ফোৰণ!

প্ৰাথমিক তদন্তৰ অন্তত স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা মতে ৰাসায়নিক কাৰখানাটোৰ বয়লাৰটোৰ বিস্ফোৰণৰ ফলত এই ভয়াৱহ ঘটনাৰ সূত্ৰপাত ঘটে। ইয়াৰ ফলত কাৰখানাত ব্যৱহৃত পাইপসমূহৰ কেইবাটাও স্থানত ফাটি যায়। বিস্ফোৰণত কেৱল কাৰখানাটোত নিয়োজিত শ্ৰমিক-কৰ্মচাৰীসকল নিহত তথা আহত বুলি প্ৰকাশ পাইছে।

অৱশ্যে এই বিস্ফোৰণৰ ফলত কাৰখানাটোৰ সমীপৰ একাংশ ঘৰো ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় আৰক্ষী তথা প্ৰশাসনিক দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে এই সমগ্ৰ ঘটনাৰ তদাৰক কৰি থকা বুলি উল্লেখ কৰে।

কাৰখানাৰ মালিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

পঞ্জাৱ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কাৰখানাৰ মালিক বিলালক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি তেওঁক জেৰা চলাই থকা হৈছে। আন এজন অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে। তেওঁলোকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। ইফালে প্ৰশাসনে এই বিষয়টোৰ তদন্তৰ বাবে পাঁচজনীয়া এটা দল গঠন কৰাৰ কথা ঘোষণা কৰিছে।