শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উত্তৰ-পূবৰ আভ্যন্তৰীণ জলপথ উন্নয়নৰ বাবে ৩,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ

উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগিক সংযোগ বৃদ্ধিৰ বাবে বিভিন্ন অংশীদাৰৰ সৈতে ৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ। ইফালে, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনৰ সকলো প্ৰকল্পৰ ওপৰত এক বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

উত্তৰ-পূবৰ আভ্যন্তৰীণ জলপথ উন্নয়নৰ বাবে ৩,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ
manas-borah
Manas Borah | Updated On: 21 Nov 2025 19:42 PM

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে উন্নয়ন আৰু উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগিক সংযোগ বৃদ্ধিৰ বাবে বিভিন্ন অংশীদাৰৰ সৈতে ৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। শুকুৰবাৰে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে। কোৱা হৈছে যে, শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সময়ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। ইফালে, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় খণ্ড আঁচনিৰ অধীনত থকা অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ সকলো প্ৰকল্পৰ ওপৰত মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে IWAI ৰ সৈতে এক বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই পৰ্যালোচনা বৈঠকত চলি থকা ১৫টা প্ৰাথমিক প্ৰকল্পৰ লগতে ১০ টা চি এছ এছ প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত মিজোৰামৰ তিনিটা, নাগালেণ্ড আৰু ত্ৰিপুৰাত দুটাকৈ, আৰু অৰুণাচল প্ৰদেশ আৰু অসমৰ এটাকৈ চি এছ এছ প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত কাৰ্গো-কম-টুৰিষ্ট টাৰ্মিনেলৰ বাবে বগীবিলত এন-অল ৱেদাৰ এপ্ৰ’চ ৰোডৰ বাবেও কনচেপ্ট ষ্টাডি ক্লিয়াৰ কৰা হয়।

লগতে কোৱা হৈছে যে,ৰিভাৰ ক্ৰুজ পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰি IWAI য়ে হেৰিটেজ ৰিভাৰ জাৰ্নিজ প্ৰাইভেট লিমিটেডৰ সৈতে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ বাবে নতুন ক্ৰুজ জাহাজ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় জলপথত ক্ৰুজিং কাৰ্যকলাপ সম্প্ৰসাৰণ কৰা হ’ব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে, প্ৰিমিয়াম পৰ্যটন অভিজ্ঞতা শক্তিশালী কৰা আৰু ব্ৰহ্মপুত্ৰ আৰু অন্যান্য প্ৰধান নদীৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগৰ অভিজ্ঞতা প্ৰদান কৰা।

IWAI আৰু লাইটহাউচ আৰু লাইটশ্বিপ সঞ্চালকালয় (DGLL)য়ে অসমৰ ৰাষ্ট্ৰীয় জলপথ ২ (NW-2)ৰ কাষত নদী পৰিবহণৰ সুৰক্ষা বৃদ্ধি আৰু পৰ্যটনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে সহযোগিতামূলক কাঠামো স্থাপনৰ চুক্তিত স্বাক্ষৰ কৰে। ৰেনাছ লজিষ্টিকছৰ সৈতে ১০০০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত কৰা হয়, যাৰ ফলত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীত আধুনিক টাগ-বাৰ্জ প্ৰৱৰ্তন সম্ভৱ হ’ব, যাৰ ফলত মাল পৰিবহণৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব আৰু উত্তৰ-পূবৰ বাবে বহুমুখী লজিষ্টিক দক্ষতা উন্নত হ’ব।

বিবৃতিটোত কোৱা হৈছে যে, অসমৰ নিমাতি, শিলঘাট, বিশ্বনাথ ঘাট আৰু গুইজানত ক্ৰুজ টাৰ্মিনেল উন্নয়নৰ বাবে ২৯৯ কোটি টকাৰ বিনিয়োগ নিৰ্ধাৰণ কৰা হৈছে। ১৮৮ কোটি টকাৰ প্ৰকল্প মূল্যৰ ডিব্ৰুগড়ত ৰিজনেল চেণ্টাৰ অৱ এক্সচেলেন্স স্থাপন আৰু গুৱাহাটীত লেণ্ড পাৰ্চেল ডেভেলপিঙৰ বাবে ৫৫ কোটি টকাৰ দুখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।