ভাৰতীয় ক্ৰিকেটত ১১ বছৰৰ পাছত দেখা যাব এনে ঘটনা

21 NOV 2025

TV9 ASSAM

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিম টেষ্ট। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ।

গুৱাহাটী টেষ্ট

বৰ্ষাপাৰাত এইখনেই হ’ব প্ৰথমখন টেষ্ট। শৃংখলা ড্ৰ ৰূপে সামৰণি পেলাবলৈ এই মেচখনত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগিব ভাৰতীয় দল।

প্ৰথম টেষ্ট

এই মেচত এক বৃহৎ পৰিৱৰ্তনেৰে খেলপথাৰত নামিব ভাৰত। শুভমন গিলৰ স্থানত দলৰ অধিনায়ক হিচাপে দেখা যাব উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টক।

অধিনায়ক পণ্ট

আঘাতৰ বাবে শুভমন গিল গুৱাহাটী টেষ্টৰ পৰা বাহিৰ হৈছে। ফলত ঋষভ পণ্টক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। এই মুহূৰ্ত পণ্টৰ লগতে ভাৰতীয় ক্ৰিকেটৰ বাবেও হ’ব বিশেষ।

বাদ পৰিল গিল

টেষ্ট ক্ৰিকেটত নেতৃত্ব দিয়া ৩৮ সংখ্যক ভাৰতীয় খেলুৱৈ হ’ব ঋষভ পণ্ট। লগতে তেওঁ ধোনীৰ পিছত ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব দিয়া প্ৰথমজন উইকেটকীপাৰ হিচাপে পৰিগণিত হ’ব।

টেষ্ট অধিনায়ক

২০০৮ চনৰ পৰা ২০১৪ চনলৈ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক আছিল এম এছ ধোনী। এতিয়া ১১ বছৰৰ মূৰত ভাৰতীয় ক্ৰিকেটে টেষ্ট ক্ৰিকেটত উইকেটকীপাৰ অধিনায়ক লাভ কৰিব।

১১ বছৰৰ পিছত

গিল আঘাতপ্ৰাপ্ত হোৱাৰ পিছত শৃংখলাৰ প্ৰথমখন মেচতো ভাৰপ্ৰাপ্ত অধিনায়কৰ ৰূপত দেখা গৈছিল ঋষভ পণ্টক। ইতিপূৰ্বে পণ্টে টি-২০ ফৰ্মেটত ভাৰতক নেতৃত্ব দিছিল।

পণ্টৰ বাবে বিশেষ

পঢ়িবলৈ ক্লিক কৰক 

পেটৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি জানেনে?