শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমত প্ৰৱেশ কৰাৰ সময়তে শ্ৰীৰামপুৰ গেটত ASF আক্ৰান্ত গাহৰি জব্দ

শ্ৰীৰামপুৰ গেটত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি কঢ়িয়াই অনা দুখন ট্ৰাক জব্দ। হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা আহিছিল ট্ৰাক দুখন।

অসমত প্ৰৱেশ কৰাৰ সময়তে শ্ৰীৰামপুৰ গেটত ASF আক্ৰান্ত গাহৰি জব্দ
manas-borah
Manas Borah | Published: 21 Nov 2025 20:22 PM

ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সময়তে অসম–বংগ সীমান্তত জব্দ বহিঃৰাজ্যৰ গাহৰি কঢ়িয়াই অনা দুখন ট্ৰাক। একে সময়তে, ট্ৰাক দুখনে কঢ়িয়াই অনা গাহৰিবোৰ আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত বুলি দাবী কৰা হৈছে। অসমলৈ বহিঃৰাজ্যৰ গাহৰি পৰিবহন নিষেধাজ্ঞা থকাৰ সময়তে এই খবৰ পোৱা গৈছে। এইলৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম গাহৰি পালক সন্থাই।

ইণ্ডিয়া টুডে নৰ্থ ইষ্টে প্ৰকাশ কৰা এক খবৰ অনুসৰি, অসম–বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত আক্ৰান্ত গাহৰি কঢ়িয়াই অনা দুখন ট্ৰাক জব্দ কৰা হৈছে। একে সময়তে এই খবৰে অসমৰ বাহিৰৰ পৰা গাহৰি পৰিবহণত ৰাজ্যজুৰি নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও অবৈধ পশুধন যোগান ছিণ্ডিকেট অব্যাহত থকাৰ কথা উদঙাই দিছে।

কোকৰাঝাৰ আৰু চিৰাং জিলাৰ গাহৰি পালক সন্থাৰ বিষয়ববীয়াই নিয়মীয়াকৈ পৰিদৰ্শন কৰি থকাৰ সময়তে জব্দ কৰে ট্ৰাক দুখন। প্ৰতিবেদনত কোৱা হৈছে যে, পৰৱৰ্তী পশু চিকিৎসা পৰীক্ষাত হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা ট্ৰাক দুখনে কঢ়িয়াই অনা গাহৰিবোৰৰ আফ্ৰিকান ছোৱাইন ফিভাৰ পজিটিভ পোৱা গৈছে। ইয়াৰ পাছতে প্ৰশাসনে গাহৰিখিনি জব্দ কৰে।

উল্লেখ্য যে, যোৱা কিছুদিনত অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰ ফলত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হৈছে। যাৰ ফলত সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছে গাহৰি পালকসকল। আফ্ৰিকান ছোৱাইন ফিভাৰ এক সংক্ৰামক ভাইৰাছজনিত ৰোগ।

চৰকাৰী প্ৰট’কল অনুসৰি, এ এছ এফ পজিটিভ এই গাহৰিবোৰ হয় ঘূৰাই পঠিয়াব লাগিব, নহয় কঠোৰ জৈৱ সুৰক্ষা নীতিৰ অধীনত হত্যা কৰি পুতি থ’ব লাগিব। জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ হৈছে-HR 68C 0189(হাৰিয়ানা) আৰু UP 19T 9510 (উত্তৰ প্ৰদেশ)। ট্ৰাকদুখন শ্ৰীৰামপুৰ হৈ ডিমাপুৰলৈ আহি থকা অৱস্থাত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।

স্থানীয় গাহৰি পালকসকলে অভিযোগ কৰে যে, ৰাজ্য চৰকাৰে ইতিমধ্যে উজনি অসমৰ সাতখন জিলাত এ এছ এফৰ দ্ৰুত সংক্ৰমণৰ বাবে গাহৰিৰ পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু ইয়াৰ মাজতে এটা সুসংগঠিত ছিণ্ডিকেটে “প্ৰভাৱশালী চক্ৰৰ সুৰক্ষাত” অসমলৈ অবৈধ গাহৰিৰ চালান অব্যাহত ৰাখিছে।

সদৌ অসম গাহৰি পালক সন্থাই দাবী জনাইছে, অসমত সকলো অবৈধ গাহৰিৰ প্ৰৱেশ শীঘ্ৰে বন্ধ কৰিব লাগে। ৰাজ্যজুৰি এই নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰাৰ বাবে দাবী জনাইছে সদৌ অসম গাহৰি পালক সন্থাই।