শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিয়াৰ আনন্দ সলনি হ’ল শোকলৈ! পাকিস্তানত ‘শান্তি দূত’ৰ গৃহত আত্মঘাতী বিস্ফোৰণ, কেইবাজনৰো মৃত্যু

প্ৰদেশখনৰ মুখ্যমন্ত্ৰী চোহাইল আফ্ৰিদীয়ে এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি কাপুৰুষালি আখ্যা দিছে। তেওঁ এই ঘটনাত লিপ্ত থকা দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ নিৰ্দেশ দিছে।

বিয়াৰ আনন্দ সলনি হ’ল শোকলৈ! পাকিস্তানত ‘শান্তি দূত’ৰ গৃহত আত্মঘাতী বিস্ফোৰণ, কেইবাজনৰো মৃত্যু
দুৰ্ঘটনাত আহত কেইবাজনো লোক
Monjit Dutta
Monjit Dutta | Published: 24 Jan 2026 08:23 AM

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণত আহত কেইবাজনো লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এগৰাকী শান্তি প্ৰতিষ্ঠাৰ চেষ্টা চলাই থকা ব্যক্তিৰ ঘৰত চলা এই বিস্ফোৰণে দেশখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই দিছে।

আক্ৰমণৰ লক্ষ্য শান্তি সমিতিৰ অধ্যক্ষ

এই আক্ৰমণৰ মূল লক্ষ্য আছিল স্থানীয় শান্তি সমিতিৰ অধ্যক্ষ নুৰ আলম মেহছুদ। দেৰা ইছমাইল খান জিলাত থকা মেহছুদৰ নিজ বাসগৃহত বিবাহৰ ভোজ চলি থকাৰ সময়তে এই আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ এটা অংশৰ ছাদ সম্পূৰ্ণৰূপে খহি পৰে। যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয় আৰু বহু লোক ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।

উদ্ধাৰ আৰু চিকিৎসা সেৱা

খাইবাৰ পখতুনখোৱা কৰ্তৰপক্ষই সংবাদ মাধ্যমক জনোৱা মতে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৭খন এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমনৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। নিহত আৰু আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ জিলা মুখ্য হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত কেইবাজনৰো অৱস্থা অতি সংকটজনক বাবে চিকিৎসালয়খনত বৰ্তমান জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।

চৰকাৰী প্ৰতিক্ৰিয়া

প্ৰদেশখনৰ মুখ্যমন্ত্ৰী চোহাইল আফ্ৰিদীয়ে এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি কাপুৰুষালি আখ্যা দিছে। তেওঁ এই ঘটনাত লিপ্ত থকা দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ নিৰ্দেশ দিছে। আনহাতে, ৰাজ্যপালে জিলা প্ৰশাসনৰ পৰা সমগ্ৰ ঘটনাৰ ওপৰত এক বিতং প্ৰতিবেদন তলব কৰিছে আৰু আহতসকলক সকলো ধৰণৰ উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।

ধাৰাবাহিক লক্ষ্যত শান্তি সমিতি

এই অঞ্চলটোত শান্তি সমিতিৰ সদস্যসকল দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ আহিছে। এই মাহৰ আৰম্ভণিতে বন্নু জিলাত চাৰিজন সদস্যক হত্যা কৰা হৈছিল আৰু যোৱা নৱেম্বৰ মাহতো অনুৰূপ আক্ৰমণত সাতজন লোকে প্ৰাণ হেৰুৱাইছিল। পাকিস্তানৰ বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থাৰ এই শোচনীয় অৱস্থাক লৈ এতিয়া সৰ্বত্ৰে আলোচনা আৰম্ভ হৈছে।