শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাছিয়া, জাপান-আমেৰিকাত ছুনামিৰ সতৰ্কবাণী জাৰি

৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়া। ৰাছিয়া আৰু জাপান উভয়ৰে কিছু উপকূলীয় অঞ্চলত অহা কেইঘণ্টামানৰ ভিতৰত বিপদজনক ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

৮.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাছিয়া, জাপান-আমেৰিকাত ছুনামিৰ সতৰ্কবাণী জাৰি
প্ৰৱল ভূমিকম্পই জোকাৰিলে ৰাছিয়াImage Credit source: PTI
manas-borah
Manas Borah | Published: 30 Jul 2025 09:21 AM

প্ৰৱল ভূমিকম্পই জোকাৰি গৈছে ৰাছিয়া। জাপানৰ বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত প্ৰৱল ভূমিকম্পৰ অনুভূত হয়। প্ৰাৰম্ভিক তীব্ৰতা ৮.৮ ৰেকৰ্ড কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ৰাছিয়া আৰু জাপান উভয়ৰে কিছু উপকূলীয় অঞ্চলত অহা কেইঘণ্টামানৰ ভিতৰত বিপদজনক ছুনামিৰ সতৰ্কবাণীও জাৰি কৰিছে আমেৰিকাৰ চুনামী সতৰ্কতা ব্যৱস্থাই(US Tsunami Warning System)।

বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ পিছত এতিয়া ৰাছিয়াত ছুনামিৰ প্ৰভাৱ দেখা গৈছে। প্ৰশাসনেও বহু ঠাইত ছাইৰেন বজাই মানুহক সতৰ্ক কৰি দিছে। ইয়াৰ লগতে উপকূলীয় অঞ্চললৈ নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে।

ভূমিকম্পৰ এনে বহু ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে সকলোকে আতংকিত কৰি তুলিছে। বতৰ বিজ্ঞান বিভাগে এই সতৰ্কবাণী জাৰি কৰাৰ পিছত এতিয়া মানুহে ঘৰৰ পৰা ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। বহু ঠাইত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ছুনামিৰ ঢৌ।

ৰাছিয়াৰ পূব উপকূলত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হয়। মঙলবাৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি, ৰাছিয়াৰ কামচাটকাৰ পৰা ১৩৬ কিলোমিটাৰ পূবে ভূমিকম্পৰ অভিকেন্দ্ৰ। জাপানৰ বতৰ বিজ্ঞান সংস্থাই,দেশখনৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰি ১ মিটাৰ উচ্চতালৈকে ঢৌৰ উঠিব পাৰে বুলি সতৰ্ক কৰি দিছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, এই ভূমিকম্পটো অভিকেন্দ্ৰ বিশেষ গভীৰতাত নাছিল। মাত্ৰ ১৯.৩ কিলোমিটাৰ (১২ মাইল) গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। যাৰ ফলত পৃষ্ঠৰ কম্পন আৰু ছুনামিৰ আশংকা বৃদ্ধি পাইছে।