শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৭.৩ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল দেশ, ছুনামীৰ সতৰ্কবাণী জাৰি

এই ভয়ংকৰ ভূমিকম্পই সংকেত দিছে নেকি ডাঙৰ দুৰ্যোগৰ?  প্ৰচণ্ড ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। ইতিমধ্যে  পিছুৱাই যাবলৈ আৰম্ভ কৰিছে সাগৰ।

৭.৩ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল দেশ, ছুনামীৰ সতৰ্কবাণী জাৰি
আলাস্কাত ভূমিকম্প
Trishna Kalita
Trishna Kalita | Published: 17 Jul 2025 08:13 AM

আলাস্কাৰ উপকূলত ৭.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। ভয়ংকৰ ভূমিকম্পই সংকেত দিছে নেকি ডাঙৰ দুৰ্যোগৰ?  প্ৰচণ্ড ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামীৰ সতৰ্কবাণী। ইতিমধ্যে  পিছুৱাই যাবলৈ আৰম্ভ কৰিছে সাগৰ। যিকোনো মুহূৰ্ততে ধ্বংসাত্মক ঢৌৱে আঘাত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

বুধবাৰে স্থানীয় সময় অনুসৰি ১২:৩৭ বজাত (ভাৰতীয় সময় অনুসৰি নিশা ৮:৩৭ বজাত) প্ৰবল ভূমিকম্পটো সংঘটিত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ইয়াৰ অভিকেন্দ্ৰ আলাস্কাৰ ছেণ্ড পইণ্ট দ্বীপৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণে আছিল। ভূমিকম্পৰ ভূমিকম্পৰ মূল অভিকেন্দ্ৰ আছিল ২০.১ কিলোমিটাৰ তলত।

৭.৩ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত দক্ষিণ আলাস্কা আৰু ইয়াৰ উপকূলৰ বাবে  জাৰি কৰা হৈছে। ছুনামীৰ সতৰ্কবাণী আলাস্কাৰ পালমাৰৰ নেশ্যনেল চুনামী ৱাৰ্নিং চেণ্টাৰে ছুনামী হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। আলাস্কাৰ বিভিন্ন উপকূলত পিছুৱাই যাবলৈ আৰম্ভ কৰিছে সাগৰ । যাৰ বাবে স্থানীয় বাসিন্দাৰ মাজত বিয়পি পৰিছে আতংক। বহুতে নিৰাপদ স্থানত আশ্ৰয় লৈছে।

কাকতালীয়কৈ ক’বলৈ গ’লে আলাস্কা পেচিফিক ৰিং অৱ ফায়াৰৰ অংশ। ই আটাইতকৈ বেছি ভূমিকম্পৰ প্ৰৱণ অঞ্চল। একাধিক টেকটনিক প্লেটৰ ঘৰ্ষণৰ বাবে প্ৰায়ে ভূমিকম্প হয়। ইয়াৰ আগতে ১৯৬৪ চনত আলাস্কাত ৯.২ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছিল। ইয়াৰ পিছত আলাস্কা, আমেৰিকাৰ পশ্চিম উপকূল আৰু হাৱাইত এক বিধ্বংসী ছুনামীয়ে আঘাত হানে। সেই ভূমিকম্প আৰু ছুনামীত কমেও ২৫০ জন লোকৰ মৃত্যু হৈছিল।