শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Masood Azhar: মাছুদৰ ভনীয়েকৰ কান্ধত ডাঙৰ দায়িত্ব, ‘টাৰ্গেট’ কাশ্মীৰী ছোৱালী!

Masood Azhar Women Brigade:অৱশ্যে এই নতুন বাহিনীৰ মুৰব্বী মাছুদ নহয়। এগৰাকী কুখ্যাত মহিলা উগ্ৰপন্থীক মূৰব্বী হিচাপে ৰখা হৈছে। মাছুদৰ ভনীয়েকৰ লগত আছে মহিলাগৰাকীৰ সম্পৰ্ক, যাৰ নাম সদিয়া আজহাৰ।

Masood Azhar: মাছুদৰ ভনীয়েকৰ কান্ধত ডাঙৰ দায়িত্ব, ‘টাৰ্গেট’ কাশ্মীৰী ছোৱালী!
ভনীয়েকৰ কান্ধত ডাঙৰ দায়িত্ব, 'টাৰ্গেট' কাশ্মীৰী ছোৱালী!
barasha-misra
Barasha Misra | Published: 09 Oct 2025 22:58 PM

সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে মহিলাৰ সৈতে ‘ব্ৰিগেড’ গঠন কৰিছে। এই সন্ত্ৰাসবাদীয়ে ক্ৰমান্বয়ে অপাৰেচন সেন্দূৰৰ আঘাত লাহে লাহে পাহৰিব ধৰিছে। কিন্তু সৰ্বভাৰতীয় সংবাদ মাধ্যম এনডিটিভিৰ এক প্ৰতিবেদন অনুসৰি নিজৰ সন্ত্ৰাসবাদী সংগঠনত সদায় মহিলাক নিষিদ্ধ কৰি ৰখা মাছুদে এতিয়া মহিলাৰ কাষ চাপিছে।

বুধবাৰে জইছ-ই-মহম্মদে বাহাৱালপুৰৰ পৰা নতুন বাহিনী সংক্ৰান্তীয় ঘোষণা কৰে। মাছুদ আজহাৰে ‘জামাত-উল-মমিনাত’ নামৰ মহিলা ব্ৰিগেড গঠন কৰিছে। উল্লেখযোগ্য যে, ভাৰতীয় বায়ুসেনাৰ অপাৰেচন সেন্দূৰৰ সময়ত বাহাৱালপুৰৰ জয়ছৰ মূল ঘাটিটো ধ্বংস কৰিছিল। বুধবাৰৰ ঘোষণাৰ সময়ত মাছুদে ক্ষতিগ্ৰস্ত মুখ্য কাৰ্যালয়ৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত বাহাৱালপুৰৰ আন এটা ঠাইত প্ৰথম মহিলা বাহিনী গঠনৰ কথা ঘোষণা কৰে ৷ গতিকে এয়া ভাৰতৰ বাবে প্ৰত্যক্ষ প্ৰত্যাহ্বান নেকি?

অৱশ্যে এই নতুন শক্তিৰ মুৰব্বীৰ পদ গ্ৰহণ কৰা নাই মাছুদে। এগৰাকী কুখ্যাত মহিলা উগ্ৰপন্থীক মহিলা বাহিনীৰ মুৰব্বী হিচাপে ৰখা হৈছে, যি মাছুদৰ ভনীয়েক। তেওঁৰ নাম সদিয়া আজহাৰ। শেহতীয়াকৈ সেন্দূৰ অভিযানৰ সময়ত বায়ুসেনাৰ প্রতিশোধমূলক কার্যত সাদিয়াই নিজৰ উগ্রপন্থী স্বামীক হেৰুৱাইছিল। ইয়াৰ পিছত এই নাৰী শক্তিৰ সৃষ্টি হ’ল।

লক্ষ্য কাশ্মীৰ

কাশ্মীৰত অশান্তি সৃষ্টি কৰাৰ সপোন দেখাটো এতিয়াও বন্ধ কৰা নাই মাছুদে। গতিকে নতুন নাৰী শক্তি গঠন কৰাৰ পিছত তেওঁ সেই উপত্যকাটো ব্যৱহাৰ কৰিব বিচাৰিছে। সূত্ৰ অনুসৰি মছুদে সৃষ্টি কৰা এই নাৰী শক্তিয়ে বিভিন্ন অনলাইন চাইট, ছ’চিয়েল মিডিয়া, আৰু হোৱাটছএপ গ্ৰুপ ব্যৱহাৰ কৰি ভাৰতীয় কাশ্মীৰৰ ছোৱালীৰ সৈতে যোগাযোগ স্থাপন কৰিছে। ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে।

মাছুদৰ ঠিকনা সলনি

অপাৰেচন সেন্দূৰৰ প্ৰতিক্ৰিয়াৰ পিছৰে পৰা মাছুদ আজহাৰে সংগঠনটোত বহু পৰিৱৰ্তন সাধন কৰিছে। নতুন দিল্লীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁৰ সন্ত্ৰাসবাদী সৃষ্টিৰ ঘাটি উদঙাই দিছে। মাছুদে সেই কথা সহ্য কৰিব নোৱাৰিলে। সেয়ে তেওঁ জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় সলনি কৰিছে, এতিয়া আৰু বাহাৱালপুৰ নহয়। ঠিকনা সলনি কৰি খাইবাৰ পখতুনখোৱাত নতুন ঘাটি নিৰ্মাণ কৰা হৈছে। এয়া এতিয়া মাছুদৰ স্থায়ী ঠিকনা।