২৮টা দ্বীপৰ পৰিচালনাৰ দায়িত্ব ভাৰতক দিলে মালদ্বীপে, ইয়াৰ পৰা কি লাভ হ’ব ভাৰতৰ ? কূটনৈতিক কৌশলৰে জয়ী হ’ল নেকি ভাৰত ?
ভাৰত মহাসাগৰ অঞ্চলত মালদ্বীপ ভাৰতৰ প্ৰধান অংশীদাৰ আৰু ই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্ৰতিফলিত কৰি আহিছে । ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ দেশ মালদ্বীপ। মালদ্বীপৰ পৰ্যটন ক্ষেত্ৰখন কেৱল ভাৰতৰ সহযোগতহে চলি থাকে । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও মালদ্বীপ ভ্ৰমণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ।
মালদ্বীপে ২৮টা দ্বীপৰ পৰিচালনা দায়িত্ব ভাৰতক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া এই ২৮টা দ্বীপত পানী যোগান আৰু নলা সম্পৰ্কীয় প্ৰকল্পৰ কাম আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’ব ভাৰত চৰকাৰে । মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে নিজেই এই কথা ঘোষণা কৰিছে। তেওঁ ছচিয়েল মিডিয়াত এটা পোষ্ট কৰি কয় যে, মালদ্বীপৰ ২৮টা দ্বীপত পানী আৰু নলা-নৰ্দমা সম্পৰ্কীয় প্ৰকল্পসমূহ কাম আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰক গতাই দিয়া হৈছে আৰু এই উপলক্ষে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক লগ পাই আনন্দিত হয় । ভাৰত চৰকাৰ আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মালদ্বীপক সহায় কৰাৰ বাবে ধন্যবাদ জনাই মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীয়ে । প্ৰশ্ন হয় যে, এই দ্বীপ কেইটাৰ দায়িত্ব লাভ কৰাৰ পাছত ভাৰতৰ কি লাভ হ’ব ?
মালদ্বীপত প্ৰায় ১১৯০ টা দ্বীপ আছে । ইয়াৰে মাত্ৰ ২০০ টা দ্বীপত জনবসতি আছে। ১৫০টা দ্বীপ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হৈছে । এতিয়া ২০০ টা দ্বীপৰ ভিতৰত ২৮ টা দ্বীপৰ পৰিচালনা ভাৰতৰ হাতলৈ আহিব। প্ৰশ্ন হয়, কেৱল পানী আৰু নলা-নৰ্দমা নিৰ্মাণৰ স্বাৰ্থত মুইজ্জুৱে ২৮টা দ্বীপৰ পৰিচালনাৰ দায়িত্ব ভাৰতক কিয় গতাই দিলে। প্ৰকৃততে মালদ্বীপৰ হোটেল আৰু ৰিজ’ৰ্টৰ বাবে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ নিয়ম আছে।
মালদ্বীপৰ হোটেল আৰু ৰিজৰ্টসমূহে আৱৰ্জনা নিষ্কাশন কৰাটো বাধ্যতামূলক। আৱৰ্জনাবোৰ থিলাফুছি দ্বীপলৈ লৈ যোৱা হয় আৰু ইয়াত এই আৱৰ্জনাবোৰ গলোৱা হয় । হোটেল আৰু ৰিজ’ৰ্টসমূহে নিশ্চিত কৰিব লাগিব যে, তেওঁলোকৰ আৱৰ্জনাসমূহ সঠিকভাৱে পেক কৰি লেবেল লগোৱা হৈছে নে নাই, যাতে ইয়াক নিৰাপদে থিলাফুছিলৈ লৈ যাব পৰা যায়।
মালদ্বীপত জাবৰ পেলোৱাৰ মূল স্থান হৈছে থিলাফুছি দ্বীপ । যাক প্ৰায়ে ‘জাবৰ দ্বীপ’ বুলি জনা যায়। এই দ্বীপটো মালেৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত। নব্বৈৰ দশকত ইয়াক লেণ্ডফিল হিচাপে গঢ়ি তোলা হৈছিল । তাৰ পাছত মালদ্বীপৰ অন্যান্য দ্বীপসমূহৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰি থিলাফুছিত পেলোৱা হয়। জাবৰ নিষ্কাশনৰ বাবে ভাৰতে মালদ্বীপক প্ৰযুক্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰে।
It was a pleasure to meet @DrSJaishankar today and join him in the official handover of water and sewerage projects in 28 islands of the Maldives. I thank the Government of India, especially Prime Minister @narendramodi for always supporting the Maldives. Our enduring partnership… pic.twitter.com/fYtFb5QI6Q
— Dr Mohamed Muizzu (@MMuizzu) August 10, 2024
ভাৰত মহাসাগৰ অঞ্চলত মালদ্বীপ ভাৰতৰ প্ৰধান অংশীদাৰ আৰু ই ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্ৰতিফলিত কৰি আহিছে । ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ দেশ মালদ্বীপ। মালদ্বীপৰ পৰ্যটন ক্ষেত্ৰখন কেৱল ভাৰতৰ সহযোগতহে চলি থাকে । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও মালদ্বীপ ভ্ৰমণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ।
প্ৰশ্ন উত্থাপন হৈছে যে, ভাৰততকৈ চীনক অগ্ৰাধিকাৰ দিয়া মুইজ্জুৱে পুনৰ কিয় ভাৰতক গুৰুত্ব দিছে । কূটনীতিৰ বিশেষজ্ঞ সকলৰ মতে, প্ৰকৃততে ৰাষ্ট্ৰপতি মুইজ্জুৱে চীনৰ পৰা আশা কৰা ধৰণে সহায় পোৱা নাই । সেয়েহে তেওঁ পুনৰ ভাৰতক গুৰুত্ব প্ৰদান কৰিছে । মুইজ্জু যেতিয়া মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া তেওঁ ভাৰতৰ বিপৰীত মেৰুত থকা দেশসমূহ ভ্ৰমণ কৰিছিল। সেই দেশসমূহৰ ভিতৰত বিশেষভাৱে আছিল তুৰ্কি আৰু চীন ।
চীন ভ্ৰমণৰ সময়ত মুইজ্জুৱে নিজৰ ৩৬টা দ্বীপ চীনক গতাই দিয়াৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পিছতে চীনে ১২০০ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰিছিল । চীন আৰু মালদ্বীপৰ মাজৰ এই চুক্তিয়ে প্ৰভাৱিত কৰিছিল ভাৰতক । উল্লেখ্য যে, ভাৰতে অনুভৱ কৰে যে, যদি এই দ্বীপসমূহত চীনৰ প্ৰভাৱ পৰে তেন্তে নিৰাপত্তা ক্ষেত্ৰত ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হ’ব পাৰে । ভাৰতে কূটনীতিৰ জৰিয়তে ইয়াৰ সমাধান বিচাৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলতে চীনে ১২০০ কোটি টকাত যি ৩৬টা দ্বীপ পাইছিল আৰু ইয়াৰ বিপৰীতে ভাৰতে ৯২৩ কোটি টকাত ২৮ টা দ্বীপ লাভ কৰিছে।