স্বাধীন বেলুচিস্তানৰ দাবী! কিয় বাৰে বাৰে পঞ্জাৱৰলোকক টাৰ্গেট কৰি লয় লিবাৰেশ্যন আৰ্মীয়ে?
বেলুচিস্তানৰ তুৰবটত অজ্ঞাত অস্ত্ৰঘাৰীয়ে পঞ্জাৱৰ ৬ জন শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল। পাকিস্তান আৰক্ষীয়ে এয়া টাৰ্গেট কিলিং বুলি কৈছিল।আৰক্ষীয়ে কৈছিল যে তেওঁলোকৰ পৰিচয় গ'ম পোৱাৰ পাছত হত্যা কৰা হৈছিল। ২০১৫ চনতো এনে এক ঘটনা সংঘটিত হৈছিল য'ত ২০ জন শ্ৰমিকক হত্যা কৰা হৈছিল।

স্বাধীনতাৰ দাবীত পাকিস্তানৰ বেলুচিস্তানত এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে। সোমবাৰে বেলুচিস্তানৰ কেইবাটাও অঞ্চলত বেলুচ লিবাৰেশ্যন আৰ্মী ( BLA)ৰ আক্ৰমণত কেইবাজনলোকৰ মৃত্যু হয়। মুছাখেলত বি এল এলৰ সশস্ত্ৰ যোদ্ধাসকলে ঘাইপথ বন্ধ কৰি বাহন ৰখাই ২৩ জন লোকক হত্যা কৰিছিল। এই লোকসকলৰ পৰিচয় সোধাৰ পাছত হত্যা কৰা হৈছিল। মৃত্যু হোৱাৰ ২০ জন নাগৰিক পাকিস্তানৰ পঞ্জৱ প্ৰদেশৰ।
এয়াই প্ৰথম নহয়, বছৰ বছৰ ধৰি বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পঞ্জাৱৰ সাধাৰণ জনতাক লক্ষ্য কৰি আহিছে। ইয়াৰ পূৰ্বেও বেলুচ আৰ্মীৰ আক্ৰমণত পঞ্জাৱৰ বহু লোকৰ মৃত্যু হৈছিল। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে কেৱল পঞ্জাৱৰ জনতাক কিয় লক্ষ্য কৰি লোৱা হৈছে? বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে চলি থকা সংগ্ৰামত কিয় আন ৰাজ্যৰ লোকক লক্ষ্য কৰি লোৱা হৈছে?
উল্লেখ্য যে, স্বাধীনতাৰ সময়ত ভাৰত- পাকিস্তানৰ বিভাজন হোৱাৰ পাছৰ পৰাই বেলুচিস্তানৰ জনসাধাৰণে এখন স্বাধীন দেশৰ দাবী কৰি আহিছে। এই অঞ্চলৰ লোকসকলে দাবী কৰে যে পাকিস্তানে বেলুচিস্তানত অবৈধভালে দখল কৰি আছে। যাৰ বাবে বেলুচিস্তানক স্বাধীন কৰিবলৈ বহু দল সংগঠনৰ জন্ম হৈছিল। তাৰ ভিতৰত বেলুচ লিবাৰেশ্যন আৰ্মী অতি প্ৰভাৱশালী আৰু শক্তিশালী সংগঠন।
এই সংগঠনটো বহু কূটাঘাটমূলক ঘটনা সংঘটিত কৰি আহিছে। আজিৰ পৰা প্ৰায় ২৪ বছৰ পূৰ্বে এই সংগঠনটোৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰা ই অহৰহ বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। এই বেলুচ লিবাৰেশ্যন আৰ্মীৰ মূল যুঁজখন পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যদিও বছৰ বছৰ ধৰি তেওঁলোকে পাকিস্তানৰ পঞ্জাৱৰ জনসাধাৰণক লক্ষ্য কৰি আহিছে।
তথ্য অনুসৰি বিগত বৰ্ষতো বেলুচিস্তানৰ তুৰবটত অজ্ঞাত অস্ত্ৰঘাৰীয়ে পঞ্জাৱৰ ৬ জন শ্ৰমিকক গুলীয়াই হত্যা কৰিছিল। পাকিস্তান আৰক্ষীয়ে এয়া টাৰ্গেট কিলিং বুলি কৈছিল।আৰক্ষীয়ে কৈছিল যে তেওঁলোকৰ পৰিচয় গ’ম পোৱাৰ পাছত হত্যা কৰা হৈছিল। ২০১৫ চনতো এনে এক ঘটনা সংঘটিত হৈছিল য’ত ২০ জন শ্ৰমিকক হত্যা কৰা হৈছিল। মৃত্যু হোৱা আটাইকেইজন পঞ্জাৱ আৰু সিন্ধু প্ৰান্তৰ আছিল।
কাৰণ
দেখা যায় যে বছৰ বছৰ ধৰি বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পঞ্জাৱৰ জনতাক টাৰ্গেট কৰি আগিছে। ইয়াৰ কাৰণ মুখ্যত দুটা হ’ব পাৰে। প্ৰথমটো- পাকিস্তানৰ ৰাজনীতি আৰু আমোলাতন্ত্ৰত পঞ্জাৱৰ আধিপত্য অধিক।স্বাধীনতাৰ পাছৰে পৰা পাকিস্তানৰ ৰাজনীতিত পঞ্জাৱৰ লোকৰ যথেষ্ঠ প্ৰভাৱ আছে। ক্ষেত্ৰৰ ফালৰ পৰা পঞ্জাৱ পাকিস্তানৰ দ্বিতীয় বৃহত্তম ৰাজ্য যদিও ইয়াৰ জনসংখ্যা অধিক। আনহাতে, ক্ষেত্ৰফলৰ ফালৰ পৰা পাকিস্তানৰ সৰ্ববৃহৎ ৰাজ্য বেলুচিস্তান, কিন্তু ইয়াৰ জনসংখ্যা বহুত কম। উন্নয়নৰ ফালৰ পৰাও এই ৰাজ্যখন পিছ পৰি আছে।
ইয়াৰ দ্বিতীয় কাৰণ বিচ্ছিন্নতা বা অন্যায়ৰ মনোভাৱ হ’ব পাৰে। বেলুচিস্তান প্ৰাকৃতিক গেছৰ বাবে জনাজাত। তেনে স্থলত বেলুচিস্তানৰ লোকসকলে দাবী কৰে যে পাকিস্তানৰ পঞ্জাৱ অঞ্চলৰ লোকসকলে বেলুচিস্তানৰ প্ৰাকৃতিক সম্পদৰ সুবিধা লয়। ইয়াৰোপৰি বিভিন্ন ডাঙৰ প্ৰকল্পত বেলুচিস্তানৰ যুৱক-যুৱতীক চাকৰি নিদিয়াৰো অভিযোগ তোলে। এইবোৰ কাৰণতেই বেলুচ লিবাৰেশ্যন আৰ্মীৰ লক্ষ্য পঞ্জাৱৰ বাসিন্দাসকল হৈ পৰিছে।