শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ট্ৰাম্পৰ ‘জলদস্যুৰ দৰে আচৰণ’ৰ প্ৰত্যুত্তৰ দিব পুটিনে! সমুদ্ৰ বক্ষত ৰাছিয়াই ল’ব নেকি এনে পদক্ষেপ?

দুই মহাশক্তিধৰ দেশৰ মাজৰ এই উত্তেজনাই এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে এক শংকাৰ, অধিক প্ৰশস্ত হৈছে নেকি তৃতীয় বিশ্বযুদ্ধৰ পথ! ৰাছিয়ান সংবাদ মাধ্যমৰ বিস্ফোৰক দাবী অনুসৰি, ট্ৰাম্পৰ আক্ৰমণাত্মক স্থিতিৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

ট্ৰাম্পৰ ‘জলদস্যুৰ দৰে আচৰণ’ৰ প্ৰত্যুত্তৰ দিব পুটিনে! সমুদ্ৰ বক্ষত ৰাছিয়াই ল’ব নেকি এনে পদক্ষেপ?
আমেৰিকা-ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে সংঘাতImage Credit source: PTI/Getty Image
Monjit Dutta
Monjit Dutta | Published: 09 Jan 2026 13:24 PM

আমেৰিকা আৰু ৰাছিয়াৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা। দুই মহাশক্তিধৰ দেশৰ মাজৰ এই উত্তেজনাই এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে এক শংকাৰ, অধিক প্ৰশস্ত হৈছে নেকি তৃতীয় বিশ্বযুদ্ধৰ পথ! ৰাছিয়ান সংবাদ মাধ্যমৰ বিস্ফোৰক দাবী অনুসৰি, ট্ৰাম্পৰ আক্ৰমণাত্মক স্থিতিৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। বুধবাৰে আমেৰিকান সেনাই আটলাণ্টিক আৰু কেৰিবিয়ান সাগৰত ৰাছিয়াৰ দুখনকৈ তেল টেংকাৰ জব্দ কৰিছিল। প্ৰত্যুত্তৰত এতিয়া পুটিনেও কৃষ্ণ সাগৰ (Black Sea), উত্তৰ সাগৰ (North Sea) আৰু বাল্টিক সাগৰত আমেৰিকান তেল টেংকাৰ জব্দ কৰাৰ পৰিকল্পনা কৰিছে নেকি, তাক লৈ চৰ্চা আৰম্ভ হৈছে।

ট্ৰাম্পক প্ৰত্যাহ্বান পুটিনৰ

ৰাছিয়াৰ একাংশ সংবাদ মাধ্যমৰ দাবী অনুসৰি এইসমূহ এলেকাত আমেৰিকাৰ লগতে ব্ৰিটেইনৰ পতাকা থকা কোনো টেংকাৰো দেখা পালে সেইসমূহকো ৰাছিয়ান নৌসেনাই নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। উল্লেখ্য যে, যোৱা বুধবাৰে আমেৰিকান উপকূলৰক্ষী বাহিনী আৰু ট্ৰাম্পৰ স্পেচিয়েল ফৰ্চে ৰাছিয়াৰ পতাকা থকা ‘Bella-1’ আৰু ‘Marinara’ নামৰ টেংকাৰ দুখন মাজ সাগৰতে জব্দ কৰে।

হোৱাইট হাউচৰ অভিযোগ, এই টেংকাৰসমূহৰ জৰিয়তে ভেনিজুৱেলাৰ ইন্ধন চোৰাংকৈ সৰবৰাহ কৰা হৈছিল। ট্ৰাম্পে স্পষ্টকৈ ঘোষণা কৰিছে যে এতিয়াৰে পৰা আমেৰিকাৰ অনুমতি অবিহনে ভেনিজুৱেলাৰ তেল ক’তো লেনদেন কৰিব নোৱাৰিব।

ৰাছিয়াৰ প্ৰতিক্ৰিয়া

ৰাছিয়াই আমেৰিকাৰ এই কাৰ্যক তীব্ৰ গৰিহণা দি আমেৰিকাই ‘জলদস্যুৰ দৰে আচৰণ’ কৰা বুলি অভিহিত কৰিছে। আমেৰিকাৰ প্ৰতিও এনে আচৰণ কৰা হ’ব বুলি ইতিমধ্যে ক্ৰেমলিনে সকীয়াই দিছে আৰু তেতিয়া যেন ট্ৰাম্পে কোনো আপত্তি নকৰে বুলিও সকীয়নি প্ৰদান কৰিছে। ৰাছিয়াৰ ডুমা কাউন্সিলৰ প্ৰতিৰক্ষা সমিতিৰ অধ্যক্ষ আলেক্সেই জুৰাভলভে পোনপটীয়াকৈ সামৰিক পদক্ষেপৰ হুংকাৰ দি আমেৰিকান জাহাজত টৰ্পিডোৰে আক্ৰমণ কৰা হ’ব বুলি মন্তব্য কৰিছে।

ৰহস্যময় চাবমেৰিন K-329 Belgorod অৱতৰণ

ৰাছিয়াৰ এই হুংকাৰ কেৱল ভাবুকি নহয় বুলি সংবাদ মাধ্যমে দাবী কৰিছে। আমেৰিকাই টেংকাৰ দুখন জব্দ কৰাৰ পূৰ্বেই পুটিনে তেওঁৰ আটাইতকৈ বিপদজনক চাবমেৰিন K-329 Belgorod প্ৰেৰণ কৰিছিল। পাৰমাণৱিক ইন্ধনেৰে চলা এই চাবমেৰিনখনত আছে বিশ্বৰ দীৰ্ঘতম পাৰমাণৱিক অস্ত্ৰ কঢ়িওৱা টৰ্পিডো ‘পোসেইডেন’। এই মিছাইলটো বিশ্বৰ কোনো প্ৰতিৰক্ষা ব্যৱস্থাই বাধা দিব নোৱাৰে।

গ্ৰীক দেৱতা পোসেইডেনৰ নামেৰে নামাকৰণ কৰা এই টৰ্পিডোৱে সাগৰৰ তলত ভয়ংকৰ চুনামি আৰু ধ্বংসলীলা চলাবলৈ সক্ষম। বৰ্তমান সমগ্ৰ বিশ্বৰ চকু এতিয়া পুটিনৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত। ট্ৰাম্পৰ এই আক্ৰমণাত্মক পদক্ষেপৰ পাছত পুটিনে কিদৰে প্ৰত্যুত্তৰ দিয়ে, সেয়া হ’ব লক্ষণীয়।