শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঢাকাত শাখা খুলিছে ISIএ! সংগোপনে চলিছে নেকি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ?

একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত গুৰুতৰ শংকা প্ৰকাশ কৰিছে। সংস্থাটোৱে পাকিস্তানত যি কাম কৰি আছিল, সেয়া এতিয়া বাংলাদেশতেই কৰিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। অৰ্থাৎ ভাৰতৰ নিচেই কাষতে থাকি এতিয়া ISI- এ কৰিব কাম-কাজ।

ঢাকাত শাখা খুলিছে ISIএ! সংগোপনে চলিছে নেকি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ?
বাংলাদেশত ISIৰ শাখা!Image Credit source: X
monjit-dutta
Monjit Dutta | Published: 09 Nov 2025 14:00 PM

কৰাচীৰ সৈতে সংযোগ স্থাপন কৰিছে ঢাকাই। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নতুন শাখা মুকলি কৰিছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI- এ। কিন্তু এই পদক্ষেপৰ উদ্দেশ্য কি? আঁৰত চলিছে নেকি কোনো ভয়ংকৰ ষড়যন্ত্ৰ! একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত গুৰুতৰ শংকা প্ৰকাশ কৰিছে সংস্থাটোৱে পাকিস্তানত যি কাম কৰি আছিল, সেয়া এতিয়া বাংলাদেশতেই কৰিব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে অৰ্থাৎ ভাৰতৰ নিচেই কাষতে থাকি এতিয়া ISI- কৰিব কামকাজ।

শেহতীয়াকৈ পাকিস্তানী সেনাৰ পাঁচজন শীৰ্ষ বিষয়াৰ এটা প্ৰতিনিধি দল বাংলাদেশ ভ্ৰমণ কৰিছিল। দলটোৰ নেতৃত্বত আছে শ্বাহীৰ ছামছাদ মিৰ্জা। তেওঁ পাক সেনা প্ৰধান অসীম মুনিৰৰ সৈতে প্ৰায় সমপৰ্যায়ৰ বিষয়া। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হয়ইয়াৰে কিছু চুক্তি ইতিমধ্যে সমগ্ৰ বিশ্বৰ আগত ৰাজহুৱা কৰা হৈছে।

হাছিনা প্ৰশাসনৰ এগৰাকী সামৰিক বিষয়াই এই গোপন চুক্তিখন এক বেনামী ছ’চিয়েল মিডিয়া একাউণ্ট যোগে ফাদিল কৰা বুলি দাবী উঠিছে। পিছে কি আছে এই চুক্তিত! ফাদিল হোৱা এখন চুক্তি অনুসৰি এতিয়াৰ পৰা বাংলাদেশত থকা পাকিস্তানৰ দূতাবাসত প্ৰতিৰক্ষা আৰু নিৰাপত্তা কাৰ্যালয় আৰম্ভ হ’ব। অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া আৰু চোৰাংচোৱা মুৰব্বীসকলে সাধাৰণতে এনে পদত অধিষ্ঠিত হয়

সূত্ৰ মতে পাকিস্তানে এই শাখাবোৰলৈ ISI বিষয়াক প্ৰেৰণ কৰিব। অৰ্থাৎ কূটনৈতিক আৱৰণ দি বাংলাদেশত প্ৰৱেশ কৰিছে পাকিস্তানী চোৰাংচোৱা সংস্থা। এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত বিশেষকৈ ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি পাইছে। বিভিন্ন সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই বিষয়াসকলৰ প্ৰত্যেকেই এক কূটনৈতিক ইউনিট লাভ কৰিব।

জ্ঞাত সূত্ৰ অনুসৰি, বাংলাদেশত নিৰ্বাচনৰ দিন চমু চাপিছে। ফেব্ৰুৱাৰী মাহতে দেশখনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰবল। এতিয়া এনে পৰিবেশত পাকিস্তানৰ সৈতে মধুৰ সম্পৰ্কই বাংলাদেশৰ ৰাজনৈতিক পৰিৱেশত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে। পাকিস্তান-বাংলাদেশৰ এই সম্পৰ্ক এতিয়া কেৱল প্ৰতিৰক্ষা ক্ষেত্ৰতে সীমাবদ্ধ নহয়

দুয়ো দেশৰ মাজত এতিয়া ব্যৱসায়িক সম্পৰ্কও স্থাপন হৈছে। এই সম্পৰ্কৰ দ্বাৰা এতিয়া কৰাচী বন্দৰত প্ৰৱেশ কৰিছে ঢাকা। এতিয়া বাংলাদেশৰ পৰা পোনপটীয়াকৈ কৰাচী বন্দৰলৈ চলাচল জাহাজ। তাৰ পৰাই বিশ্বৰ ২৫খন দেশলৈ সামগ্ৰী পৰিবহণ কৰা উল্লেখ্য যে ১৯৭১ চনৰ যুদ্ধত ভাৰতে কৰাচী বন্দৰ ধ্বংস কৰিছিল। ৭ দিনৰ চেষ্টাৰ অন্তত পাকিস্তান সেনাই এই জুই নিৰ্বাপন কৰে

সেই সময়তে, অৰ্থা ৫৪ বছৰ পূৰ্বে বাংলাদেশ এখন সুকীয়া দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিলএতিয়ালৈকে অৱশ্যে পাকিস্তান বা বাংলাদেশে এই সন্দৰ্ভত মুকলিকৈ তথ্য প্ৰকাশ কৰা নাইকিছু মাহ পূৰ্বে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে পাকিস্তানক কৰাচী বন্দৰ মুকলি কৰিবলৈ অনুৰোধ জনাইছিলশ্বেহবাজ শ্বৰীফ প্ৰশাসনে এতিয়া বাংলাদেশৰ এই অনুৰোধ মানি লৈছে।

নিৰাপত্তা বিশেষজ্ঞসকলে দাবী কৰিছে যে এই বন্দৰ চুক্তি অনাগত দিনত ভাৰতৰ বাবে অন্যতম ডাঙৰ ভাবুকি হৈ পৰিব। অতি সোনকালে এই পথ আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ অন্যতম পথ হৈ পৰিব পাৰে। এই পথৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছ, ধন আদি সন্ত্ৰাসবাদীৰ হাতত পৰিব। আৰু সেইবাবেই ভাৰতে এই বিষয়টোক লৈ সজাগ হৈ পৰিছে