দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগ…
পদত্যাগ কৰিলে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে। দীৰ্ঘদিনীয়া বিবাদৰ অন্তত পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে জাষ্টিন ট্ৰুডোয়ে। প্ৰধানমন্ত্ৰী পদৰ লগতে তেওঁ দলৰ নেতাৰ পদো ত্যাগ কৰে। চৰকাৰ আৰু ব্যক্তিগত আলোচনাৰ পাছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।
![দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগ… দীৰ্ঘদিনীয়া প্ৰতিবাদৰ অন্তত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগ…](https://images.assamtv9.com/uploads/2025/01/canda-prime-minister-justin-trudeau-1.webp?w=1280)
দীৰ্ঘদিন ধৰি চলি থকা প্ৰতিবাদৰ অন্তত সোমবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী তথা লিবাৰেল পাৰ্টিৰ নেতা জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, কানাডত মূল্য়বৃদ্ধি, চৰকাৰী চাকৰিৰ অভাৱ, মন্দাৱস্থাকে ধৰি বিভিন্ন কাৰণত দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনৰি লিবাৰেল পাৰ্টিৰ বহু নেতাই বিচাৰিছিল ট্ৰুডোৱে পদত্যাগ কৰাতো। তেওঁলোকৰ মতে প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিলে ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দলে প্ৰধানমন্ত্ৰী পদৰ বাবে নতুন মুখ লাভ কৰিব । এই সকলোবোৰৰ মাজতেই ৬ জানুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে।
প্ৰধানমন্ত্ৰী পদৰ লগতে তেওঁ দলৰ নেতাৰ পদো ত্যাগ কৰে। চৰকাৰ আৰু ব্যক্তিগত আলোচনাৰ পাছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। দেশত সম্বোধন কৰি পদত্যাগৰ ঘোষণা কৰি জাষ্টিন ট্ৰুডোয়ে কয় যে, পত্নী আৰু সন্তানৰ সৈতে দীৰ্ঘসময় ধৰি কৰা আলোচনাৰ অন্তত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে, দলৰ আভ্যন্তৰীণ বিবাদে কাম-কাজত যথেষ্ঠ প্ৰভাৱিত কৰিছে আৰু তেওঁৰ এনে লাগে যে দল আৰু দেশক নতুন শক্তি আৰু নেতৃত্ব দিয়াৰ এইটোৱেই উপযুক্ত সময়।অৱশ্যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে জাষ্টিন ট্ৰুডো কাৰ্যভাৰত থাকিব।
ট্ৰুডোৱে পদত্যাগৰ সময়ত দুখ প্ৰকাশ কৰি কয় যে, তেওঁ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কানাডাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰাত ব্যৰ্থ হৈছে। পদত্যাগৰ পাছতেই কানাডাৰ সংসদক ২৪ মাৰ্চলৈ স্থগিত কৰা হৈছে আৰু নীতি অনুসৰি ইয়াৰ পূৰ্বে দলটোৱে নতুন নেতা বাচনি কৰিব লাগিব।
কোন হ’ব নতুন নেতা
বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে যে, লিবাৰেল পাৰ্টিৰ নতুন নেতা কোন হ’ব। এনে পৰিস্থিতিত সাম্ভাব্য নেতাসকলৰ ভিতৰত আছে বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ কানাডাৰ প্ৰাক্তন গৱৰ্ণৰ মাৰ্ক কাৰ্নি, বৈদেশিক মন্ত্ৰী মেলানি জলী আৰু প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ক্ৰীষ্টিয়া ফ্ৰীলেণ্ড। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰেই লিবাৰেল পাৰ্টিয়ে নতুন নেতা লাভ কৰিব আৰু এই নেতাই দলটোক সাধাৰণ নিৰ্বাচনৰ পূৰ্বে গতি প্ৰদান কৰিব।
পদত্যাগৰ সময়ত কি কয়
সোমবাৰে ট্ৰুডোৱে কয় যে এই দেশে আগন্তুক নিৰ্বাচনত প্ৰকৃত বিকল্প বাচনি কৰা যোগ্য আৰু মোৰ বাবে এয়া স্পষ্ট যে যদি মই আভ্যন্তৰীণ যুদ্ধ কৰিব লগা হৈছে তেন্তে সেই নিৰ্বাচনত মই জনতাৰ প্ৰথম পচন্দ হ’ব নোৱাৰিম। উল্লেখ্য যে, ট্ৰুডো ২ বাৰকৈ কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ২০২১ চনত তেওঁ ক্ষমতাত থাকিবলৈ সক্ষম হৈছিল যদিও তেওঁৰ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। তেতিয়াৰ পৰাই পইলিভ্ৰেৰ কনজাৰ্ভেটিভ পাৰ্টিয়ে ৰাষ্ট্ৰীয় ভোটদানৰ গড়ত লিবাৰেল পাৰ্টিতকৈ ২০ শতাংশতকৈ অধিক অগ্ৰগতি লাভ কৰিছে। সোমবাৰে সাংবাদিকৰ আগত ট্ৰুডোৱে কয় যে পইলিভ্ৰেৰ ৰক্ষণশীল চিন্তাধাৰা কানাডিয়ানসকলৰ বাবে ভাল নহয়।
![টিভি৯ৰ উদ্যোগত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱঃ পৰ্যটন উদ্যোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা টিভি৯ৰ উদ্যোগত বিশ্ব ভ্ৰমণ আৰু পৰ্যটন মহোৎসৱঃ পৰ্যটন উদ্যোগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা...](https://images.assamtv9.com/uploads/2025/01/World-Travel-and-Tourism-Festival.jpg?w=400)
![8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ? 8th pay commision: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে কপাল ফুলিব নেকি অসম চৰকাৰৰ কৰ্মচাৰীৰো ?...](https://images.assamtv9.com/uploads/2025/01/Untitled-design-14.jpg?w=400)
![মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে? মাত্ৰ ৪ শতাংশ সুতৰ হাৰত লাভ কৰিব ঋণ! জানেনে এই চৰকাৰী আঁচনিৰ বিষয়ে?...](https://images.assamtv9.com/uploads/2025/01/Kisan-Credit-Card-2-1.jpg?w=400)
![কেৱল গৰম দিনতে নহয়, শীতকালতো এলোভেৰাৰ ৰস পান কৰি সুস্থ হৈ থাকিব পাৰে আপুনি ! জানি লওক গুণাগুণ কেৱল গৰম দিনতে নহয়, শীতকালতো এলোভেৰাৰ ৰস পান কৰি সুস্থ হৈ থাকিব পাৰে আপুনি ! জানি লওক গুণাগুণ...](https://images.assamtv9.com/uploads/2024/07/aloe-vera-gel-2.webp?w=400)