শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অথলে গ’ল যুদ্ধবিৰতিৰ চুক্তি! পুনৰ ইজৰাইলৰ আক্ৰমণত গাজাত ১০০জনৰ মৃত্যু

যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, এনে লাগিছিল যেন বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া সমাপ্ত হ'ব। কিন্তু ভবা মতে নহ'ল। আকৌ এবাৰ গাজাত আক্ৰমণ ইজৰাইলৰ।

অথলে গ’ল যুদ্ধবিৰতিৰ চুক্তি! পুনৰ ইজৰাইলৰ আক্ৰমণত গাজাত ১০০জনৰ মৃত্যু
গাজাত ইজৰাইলৰ এয়াৰষ্ট্ৰাইক
Trishna Kalita
Trishna Kalita | Updated On: 17 Jan 2025 08:40 AM

যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, পুনৰ এবাৰ আৰম্ভ হৈছে হামাছ-ইজৰাইলৰ যুদ্ধ। পুনৰ গাজাত ইজৰাইলৰ এয়াৰষ্ট্ৰাইক। এই আক্ৰমণত বৰ্তমানলৈ মৃত্যু লোকৰ সংখ্যা ১০০জন।মৃতসকলৰ ভিতৰত আছে বহুতো শিশু আৰু মহিলা। বুধবাৰে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি ঘোষণা কৰা হৈছিল। কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন আব্দুল ৰহমান আল থানীয়ে এই কথা ঘোষণা কৰিছিল।

১৫ মাহ ধৰি চলি থকা বিধ্বংসী যুদ্ধ আৰু বহুতো ইজৰাইলী বন্দীক মুক্তি দিয়াৰ বাবে এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। কিন্তু পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে ইজৰাইলে গাজাত এয়াৰষ্ট্ৰাইক কৰে। আল থানীয়ে কৈছিল যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি ১৯ জানুৱাৰী, দেওবাৰে কাৰ্যকৰী হ’ব। কিন্তু তাৰ পূৰ্বেই ইজৰাইলে যুদ্ধবিৰতিৰ চুক্তি উলংঘা কৰে।

যুদ্ধবিৰতি চুক্তি ঘোষণাৰ পিছত, এনে লাগিছিল যে বিগত ১৫ মাহ ধৰি হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়া সমাপ্ত হ’ব। কিন্তু ভবা মতে নহ’ল। আনকি দুয়ো পক্ষই যুদ্ধবিৰতি চুক্তিত সন্মত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত ইজৰাইল আৰু হামাছৰ মাজত সাত দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। এই সময়ছোৱাত গাজাৰ পৰা ১০০ৰো অধিক বন্দীক মুকলি কৰা হৈছিল।

 

যুদ্ধবিৰতিৰ চুক্তি সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছিল যে হামাছে নতুন দাবী ত্যাগ কৰিব লাগিব। এই মুহূৰ্তত যুদ্ধবিৰতি সন্দৰ্ভত নহ’ব কোনো বৈঠক। যুদ্ধ কেবিনেটে সন্দৰ্ভত এতিয়াই সিদ্ধান্ত নলয়। তেওঁ কৈছিল যে গাজাৰ পৰা হামাছে পিছুৱাব লাগিব। হামাছে ইয়াৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছত হামাছে ইজৰাইলকো সতৰ্ক কৰি দিয়ে। হামাছে কৈছিল যে ইজৰাইলত যুদ্ধবিৰতি ধ্বংস হ’ব, হামাছ জিকিব। বন্ধকী চুক্তি হৈছে ইজৰাইলৰ পৰাজয়।

যুদ্ধবিৰতিৰ চৰ্ত

  • IDF নেটজাৰিম কৰিডৰৰ পৰা ৭০০ মিটাৰ দূৰলৈ যাব
  • ইজৰাইলে এসপ্তাহৰ ভিতৰত ৰাফা সীমান্ত ক্ৰছিং মুকলি কৰিব
  • হামাছে প্ৰতিদিনে ৫০জন আহত যুঁজাৰু হস্তান্তৰ কৰিব
  • ইজৰাইলে প্ৰায় ৩,০০০ যুঁজাৰুক মুকলি কৰিব
  • বিনিময়ত হামাছে ইজৰাইলী বন্দীসকলক মুক্তি দিব

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰিছিল। য’ত ১,২০০ৰো অধিক লোক নিহত হোৱা লগতে ২৫০জনক বন্দী কৰি ৰখা হৈছিল। ইয়াৰ পিছত, ইজৰাইলে হামাছৰ ওপৰত বোমা বিস্ফোৰণ কৰাৰ উপৰিও গাজাত বৃহৎ অভিযান আৰম্ভ কৰে।এতিয়ালৈকে, ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ৪৬ হাজাৰৰো অধিক লোক নিহত হৈছে। ইয়াৰ পাছত নব্বৈ শতাংশ জনসংখ্যাক স্থানচ্যুত হৈছিল। যাৰ পৰিপেক্ষিতত সৃষ্টি হৈছিল মানৱীয় সংকটৰ।