শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সঁচা হ’ল জাপানৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী! ছুনামীৰ পিছত এইবাৰ কি?

বুধবাৰে ৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প অনুভূত হয়। ইয়াৰ পিছত ৰাছিয়াৰ কুৰিল দ্বীপ আৰু জাপানৰ উত্তৰ হোকাইডো দ্বীপত ছুনামীৰ প্ৰভাৱ পৰে। ছুনামীৰ ফলত যথেষ্ট ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

সঁচা হ’ল জাপানৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী! ছুনামীৰ পিছত এইবাৰ কি?
জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
Trishna Kalita
Trishna Kalita | Published: 31 Jul 2025 11:26 AM

তাৰিখৰ কিছু অমিল থাকিলেও সঁচা হ’ল জাপানৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী! প্ৰথমে ৰাছিয়াত প্ৰবল ভূমিকম্প আৰু তাৰ পিছত জাপানকে ধৰি কেইবাখনো ঠাইত ছুনামীয়ে আঘাত হানিলে। আতংকিত হৈ পৰিল মানুহ। জাপানৰ ভূমিকম্প বিশেষজ্ঞ ৰিয়া তাটছুকিয়ে এনে এক ভয়ানক দুৰ্যোগৰ কথা পূৰ্বেই উল্লেখ কৰিছিল।

বুধবাৰে ৰাছিয়াৰ কামচাটকাত ৮.৮ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প অনুভূত হয়। ইয়াৰ পিছত ৰাছিয়াৰ কুৰিল দ্বীপ আৰু জাপানৰ উত্তৰ হোকাইডো দ্বীপত ছুনামীৰ প্ৰভাৱ পৰে। ছুনামীৰ ফলত যথেষ্ট ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। কিন্তু জাপানী মাংগা শিল্পী ৰিয়া তাটছুকিয়ে ১৯৯৯ চনত তেওঁৰ কিতাপখনত এনে দুৰ্যোগৰ বিষয়ে লিখা থকাটোৱে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

সেই কিতাপখনত লিখা আছিল যে ২০২৫ চনৰ ৫ জুলাইত প্ৰবল ভূমিকম্প আৰু ছুনামী হ’ব।যদিও সেইদিনা জাপানৰ বিচ্ছিন্ন ঠাইত ভূমিকম্প সংঘটিত হৈছিল, তথাপিও ছুনামী হোৱা নাছিল। সেই সময়ত সকলোৱে ভাবিছিল ৰিয়া তাটছুকিৰ ভৱিষ্যদ্বাণী প্ৰথমবাৰৰ বাবে মিছা বুলি প্ৰমাণিত হ’ল নেকি? কিন্তু কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতেই ছুনামীয়ে আঘাত হানিলে জাপানত।

ছুনামীৰ পিছত বহুতে কৈছে যে জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা হ’ল। বহুতে এইটোও কৈছে যে হয়তো ৰিয়া টাটছুকিয়ে ৫ জুলাইৰ কথা কোৱা নাছিল, বৰঞ্চ গোটেই মাহটো বিপদৰ সতৰ্কবাণী দিছিল। জাপানী বাবা ভাংগাৰৰ এই ভৱিষ্যদ্বাণী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মন কৰিবলগীয়া যে ৰিয়া তাটছুকিৰ ভৱিষ্যদ্বাণীৰ পিছত জুলাইৰ আৰম্ভণিতে পৰ্যটকৰ বিমানৰ বুকিং ৮৩ শতাংশ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি ক’ৰোনা সংক্ৰমণ জাপানী বাবা ভাংগাৰ একাধিক ভৱিষ্যদ্বাণী সঁচা হৈছে।

লগতে পঢ়ক: বিশ্বৰ ১০টা বৃহৎ ভূমিকম্প, আছে ভাৰতৰো নাম, কিমান প্ৰাবল্যৰ ভূমিকম্প বিপজ্জনক জানক…