সঁচা হ’ল নেকি জাপানী বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ…
এই ভয়ৰ আঁৰৰ কাৰণ হৈছে সমগ্ৰ জাপানক লৈ কৰা এটা ভৱিষ্যদ্বাণী। জাপানী মাংগা শিল্পী ৰিয়া টাটছুকিয়ে তেওঁৰ গ্ৰন্থত লিখিছিল যে ২০২৫ চনৰ ৫ জুলাইত জাপানত ভয়ংকৰ ভূমিকম্প আৰু ছুনামী হ’ব। জাপান আৰু ফিলিপাইনছৰ মাজত দুখন টেকটনিক প্লেটৰ মাজত বিস্ফোৰণ হ’ব আৰু ইয়াৰ ফলত মেগা চুনামীৰ সৃষ্টি হ’ব, যাৰ ঢৌ ২০১১ চনৰ চুনামীতকৈ তিনিগুণ বেছি হ’ব।

জাপানত মেগা ছুনামী হ’ব বুলি কৰা হৈছিল এক ভৱিষ্যদ্বাণী। এতিয়াও ছুনামী অহা নাই যদিও জাপানত বিপদৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিছে। সাৰ পাই উঠিছে জাপানৰ মাউণ্ট শ্বিনমোডেকে। আগ্নেয়গিৰিৰ পৰা ইতিমধ্যে ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে। যাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে স্থানীয় প্ৰশাসনে। জানিব পৰা মতে বুধবাৰে এই আগ্নেয়গিৰিৰ উদগীৰণ হৈছিল। ভিতৰৰ পৰা ওলাই আহিছে লাভা । ৩০০০ মিটাৰ পৰ্যন্ত ওপৰলৈ উঠিছে ধোঁৱা। ২০১১ চনৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ আগ্নেয়গিৰিৰ ধোঁৱা ইমান ওপৰলৈ উঠা দেখা গৈছে।
আনহাতে, বৃহস্পতিবাৰে কাগোছিমা প্ৰিফেকচাৰত এক প্ৰবল ভূমিকম্প অনুভৱ কৰা হয়। বিগত দুসপ্তাহত ১০০০ৰো অধিক কম্পন অনুভৱ কৰা হৈছে। দক্ষিণ ক্যুছুতো ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। যাৰ বাবে খালী কৰা হৈছে অঞ্চলটো । শনিবাৰে জাপান প্ৰশাসনে আৰু অধিক ভূমিকম্প হ’ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰে।
কাকতালীয়কৈ ক’বলৈ গ’লে এই ভয়ৰ আঁৰৰ কাৰণ হৈছে সমগ্ৰ জাপানক লৈ কৰা এটা ভৱিষ্যদ্বাণী। জাপানী মাংগা শিল্পী ৰিয়া টাটছুকিয়ে তেওঁৰ গ্ৰন্থত লিখিছিল যে ২০২৫ চনৰ ৫ জুলাইত জাপানত ভয়ংকৰ ভূমিকম্প আৰু ছুনামী হ’ব। জাপান আৰু ফিলিপাইনছৰ মাজত দুখন টেকটনিক প্লেটৰ মাজত বিস্ফোৰণ হ’ব আৰু ইয়াৰ ফলত মেগা চুনামীৰ সৃষ্টি হ’ব, যাৰ ঢৌ ২০১১ চনৰ চুনামীতকৈ তিনিগুণ বেছি হ’ব।
ইয়াৰ আগতেও তাটছুকিৰ একাধিক সপোন বাস্তৱায়িত হৈছে। তেওঁৰ গ্ৰন্থখনত ২০১১ চনৰ ছুনামীৰ পৰা ক’ৰোনা মহামাৰীৰ কথাও উল্লেখ কৰা হৈছে। সেইবাবেই তেওঁক জাপানী বাবা ভাংগা বুলি কোৱা হয়। তেওঁৰ ভৱিষ্যদ্বাণীৰ ভয়ত বহু পৰ্যটকে জুলাই মাহত বুকিং বাতিল কৰিছিল।