কেনেকৈ হাইজেক হৈছিল আইচি ৮১৪? তাৰ পাছত কি হৈছিল ভাৰতত বন্দী মাছুদ আজহাৰৰ সৈতে
ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান আইচি-৮১৪ অপহৰণ কৰাৰ পাছত ১৯৯৯ চনত ভাৰতৰ পৰা মুকলি কৰি দিয়া হৈছিল মাছুদ আজহাৰক। ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান আইচি-৮১৪ (কাঠমাণ্ডুৰ পৰা দিল্লীলৈ) অপহৰণ কৰা হৈছিল। বিমানখনত প্ৰায় ১৮০ জন যাত্ৰী আৰু ক্ৰু আছিল।
জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ আন এক অডিঅ’ ৰেকৰ্ডিং পোহৰলৈ আহিছে। এই অডিঅ’টোত সন্ত্ৰাসবাদীজনে আইচি ৮১৪ বিমান হাইজেকিঙৰ পিছৰ পৰিস্থিতিৰ কথা কয়। মাছুদ আজহাৰ ভাৰতত কাৰাবন্দী হৈ আছিল সেই সময়ত। কিন্তু আইচি ৮১৪ হাইজেকিঙৰ পিছতে তেওঁক মুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰে সন্ত্ৰাসবাদীয়ে। এই অডিঅ’টোত মাছুদ আজহাৰে তেওঁক ভাৰতীয় কাৰাগাৰৰ পৰা কেনেকৈ লৈ যোৱা হৈছিল সেই বিষয়ে বৰ্ণনা কৰিছে।
মাছুদ আজহাৰে অডিঅ’টোত কয়, “মোৰ মনত আছে, মোৰ মুক্তিৰ পূৰ্বে দিল্লীৰ পৰা কিছুমান বিষয়া আহিছিল। তেওঁলোকে মোক জেৰা কৰিবলৈ আৰম্ভ কৰিছিল যে মোৰ এতিয়াও সেই আবেগ আছে নে নাই।”
আই চি ৮১৪ৰ কাহিনী ক’লে মাছুদে
মাছুদ আজহাৰে অডিঅ’টোত কয়, “মই কৈছিলো যে আমাৰ মাতৃসকলে প্ৰতিদিনে জেহাদৰ লুলাবী গায়। আমাৰ হাতত কোৰাণ আছে। আপুনি দেৱালৰ পৰা জেহাদ মচিব পাৰে, কিন্তু কোৰাণৰ আয়াতৰ পৰা মচিব নোৱাৰে। মোক সোধা হৈছিল যে কোৰাণত জেহাদ আছে নেকি? মই ক’লো যে জেহাদ কোৰাণৰ প্ৰতিটো আয়াতত আছে, আৰু প্ৰতিজন মুছলমানে পঢ়ে আৰু বুজি পায়।”
তেওঁ ক’লে আপোনালোক কম সংখ্যক মুজাহিদীনে আমাৰ কি ক্ষতি কৰিব পাৰে, “মই ক’লোঁ ১০ বছৰত মুজাহিদীনৰ কি ক্ষতি কৰিলে। আমি বহুত কথা পাতিলোঁ আৰু শেষত তেওঁ ক’লে, মৌলানা তুমি কেৱল ভাৰততে থাকিব লাগিব। মাটিৰ ফালে আঙুলিয়াই তেওঁ ক’লে যে আপোনাৰ কবৰ ইয়াতেই বনোৱা হৈছে। এই কাম আল্লাহৰ। যশৱন্ত সিঙে সেইদিনাৰ পৰা ৭০ ঘন্টা সাৰে থাকিল। যেতিয়া টায়াৰাক অপহৰণ কৰা হৈছিল। তাতে সিহঁতৰ কবৰ বনোৱা হৈছিল আৰু তাৰ পিছত মোৰ ওচৰলৈ আহি ক’লে, মৌলানা তুমি যাবই লাগিব।”
“তেওঁ মোক নিজেই তালৈ লৈ আহিছিল।”
মই ক’লোঁ, “অলপ জিৰণি লওঁ, অজু কৰিবলৈ দিয়ক। মই অজু কৰিলো। সহকৰ্মীসকলক লগ পাই নিজৰ বাহনেৰে তালৈ লৈ আহিলোঁ। বৰ্ডিং নাছিল, ভিছা নাছিল, পাছপ’ৰ্ট নাছিল, ইমিগ্ৰেচন নাছিল আৰু আল্লাহৰ শপত তালাচীও কৰা নাছিল। তেওঁলোকে ইমানেই ভয় খাইছিল যে মোৰ চকু-হাত বান্ধিছিল আনিছিল।
তেওঁক কেনেকৈ মুকলি কৰি দিয়া হ’ল?
ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান আইচি-৮১৪ অপহৰণ কৰাৰ পাছত ১৯৯৯ চনত ভাৰতৰ পৰা মুকলি কৰি দিয়া হৈছিল মাছুদ আজহাৰক। ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান আইচি-৮১৪ (কাঠমাণ্ডুৰ পৰা দিল্লীলৈ) অপহৰণ কৰা হৈছিল। বিমানখনত প্ৰায় ১৮০ জন যাত্ৰী আৰু ক্ৰু আছিল। বিমানখন অপহৰণকাৰীয়ে অমৃতসৰ, লাহোৰ, আৰু ডুবাই হৈ লৈ আফগানিস্তানৰ কান্দাহাৰলৈ যায়, যি তেতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছিল।
যাত্ৰীসকলৰ মুক্তিৰ বিনিময়ত কাৰাবন্দী একাংশ সন্ত্ৰাসবাদীক মুক্তিৰ দাবী জনায় অপহৰণকাৰীয়ে। দীৰ্ঘদিনীয়া উত্তেজনা, আন্তঃৰাষ্ট্ৰীয় হেঁচা, যাত্ৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকিৰ পিছত ভাৰত চৰকাৰে আপোচ কৰে। ১৯৯৯ চনৰ ৩১ ডিচেম্বৰত ভাৰতে তিনিটা সন্ত্ৰাসবাদীক মুকলি কৰি দিয়ে:
১/ মাছুদ আজহাৰ
২) আহমেদ ওমৰ ছাইদ শ্বেখ
৩/ মুস্তাক আহমেদ জাৰগাৰ
বিনিময়ত সকলো যাত্ৰী আৰু ক্ৰুক মুকলি কৰি দিয়া হয়। মুক্তিৰ পাছত মাছুদ আজহাৰে পাকিস্তানলৈ পলায়ন কৰে। পিছত তেওঁ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ গঠন কৰে। এই সংগঠনটো ভাৰতত সংসদ আক্ৰমণ (২০০১) আৰু পুলৱামা আক্ৰমণ (২০১৯)কে ধৰি কেইবাটাও বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত হৈ আছে।