শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

খান ইউনিছত পুনৰ বৃহৎ আক্ৰমণ ইজৰাইল সেনাৰ, নিহত ৩৬ পেলেষ্টাইনীৰ

দক্ষিণ গাজা ষ্ট্ৰিপত ইজৰাইল সেনাই পুনৰ এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে । এই আক্ৰমণত শিশু সহ প্ৰায় ৩৬ গৰাকী পেলেষ্টাইনী নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । খান ইউনিছ চহৰত সংঘটিত কৰা ইজৰাইলৰ এই বিমান আক্ৰমণতে দুটি শিশুকে ধৰি এটা পৰিয়ালৰ এঘাৰজন সদস্য নিহত হোৱা বুলি বিষয়া সকলে জানিবলৈ দিছে ।

খান ইউনিছত পুনৰ বৃহৎ আক্ৰমণ ইজৰাইল সেনাৰ, নিহত ৩৬ পেলেষ্টাইনীৰ
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 25 Aug 2024 07:33 AM

কেতিয়া গাজালৈ ঘূৰি আহিবলৈ নিৰ্ভয়ে জীৱনটোক উদযাপন কৰাৰ পৰিৱেশ ! শেহতীয়াকৈ দক্ষিণ গাজা ষ্ট্ৰিপত ইজৰাইল সেনাই পুনৰ এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে । এই আক্ৰমণত শিশু সহ প্ৰায় ৩৬ গৰাকী পেলেষ্টাইনী নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । খান ইউনিছ চহৰত সংঘটিত কৰা ইজৰাইলৰ এই বিমান আক্ৰমণতে দুটি শিশুকে ধৰি এটা পৰিয়ালৰ এঘাৰজন সদস্য নিহত হোৱা বুলি বিষয়া সকলে জানিবলৈ দিছে ।

বিষয়াসকলে জনোৱা মতে, খান ইউনিছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত তিনিটা পৃথক আক্ৰমণত নিহত মুঠ ৩৩টা মৃতদেহ চিকিৎসালয়খনলৈ অনা হৈছে। ইফালে, শনিবাৰে পুৱা সংঘটিত এই আক্ৰমণত নিহত আৰু তিনিজন লোকৰ মৃতদেহ আল আকছা চিকিৎসালয়লৈ অনা হৈছে বুলি জানিবলৈ দিছে বিষয়া সকলে । নাছেৰ হাস্পতালে প্ৰকাশ কৰা অনুসৰি, খান ইউনিছৰ দক্ষিণে থকা এটা পথত সংঘটিত আক্ৰমণত আন ১৭ জন লোক নিহত হৈছে।

উল্লেখ্য যে, ইজৰাইলে এই সময়লৈকে এই আক্ৰমণৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই । কৰিবলগীয়া যে, হামাছক লক্ষ্য কৰি ইজৰাইলে সংঘটিত এই ধৰণৰ আক্ৰমণত প্ৰায়ে গাজাৰ সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

যোৱা ৯ মাহ ধৰি চলি থকা গাজা যুদ্ধত এতিয়ালৈকে ১২০০ লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয় । নিহত এই লোকসকলৰ ভিতৰত অধিকাংশই হৈছে সাধাৰণ নাগৰিক। ইফালে ইজৰাইলেও দাবী কৰে যে, হামাছে প্ৰায় ১০০ জন ইজৰাইলী পণবন্দীক হামাছে মুকলি কৰি দিছে যদিও হামাছে আৰু ১১০ জন ইজৰাইলীক পণবন্দী কৰি থোৱা বুলি সন্দেহ কৰা হৈছে । কিন্তু মনকৰিবলগীয়া যে, ইয়াৰ এক তৃতীয়াংশৰ মৃত্যু হৈছে বুলি দাবী কৰিছে ইজৰাইলে ।