শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, ২৩ জন পেলেষ্টাইনী নিহত

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই যুদ্ধত এতিয়ালৈকে ৫২,৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। ১ লাখ ১৯ হাজাৰৰো অধিক লোক আহত হৈছে। ইজৰাইলে হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক হত্যা কৰা বুলি দাবী কৰিছে যদিও ইয়াৰ কোনো প্ৰমাণ প্ৰদান কৰা নাই।

গাজাত পুনৰ ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক, ২৩ জন পেলেষ্টাইনী নিহত
প্ৰতীকি ফটো
trishna-kalita
Trishna Kalita | Published: 11 May 2025 11:34 AM

শনিবাৰে গাজাত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় কমেও ২৩জন পেলেষ্টাইনী, য’ত তিনিটা শিশু আৰু তেওঁলোকৰ পিতৃ-মাতৃও আছিল। গাজাত সাহায্য বিতৰণ নিয়ন্ত্ৰণৰ বাবে ইজৰাইলে কৰা পৰিকল্পনাক লৈ আন্তঃৰাষ্ট্ৰীয় সতৰ্কবাণী বৃদ্ধি পোৱাৰ লগে লগে অব্যাহত আছে বোমা বিস্ফোৰণ । ইয়াৰ পূৰ্বে শুকুৰবাৰে মাজনিশা জাবালিয়াত সংঘটিত আক্ৰমণক ৰাষ্ট্ৰসংঘৰ সংস্থাৰ এটা গুদামক লক্ষ্য কৰি লোৱা হৈছিল । এই আক্ৰমণত চাৰিজন লোক নিহত হয়।

ইজৰাইলৰ সেনাই জনোৱা মতে, গাজা চহৰৰ শ্বুজাইয়া অঞ্চলত চলোৱা অভিযানৰ সময়ত হোৱা বিস্ফোৰণৰ ফলত তেওঁলোকৰ ৯ জন জোৱান আহত হয়। কিন্তু ইজৰাইলৰ অভিযানৰ বাবে  অতি বেয়া হৈ পৰিছে গাজাৰ পৰিস্থিতি। বন্ধ হৈ পৰিছে ৰান্ধনি ঘৰ আৰু সাহায্য কেন্দ্ৰ। কাৰণ শেষ হোৱাৰ উপক্ৰম হৈছে খাদ্য সামগ্ৰী ।

একে সময়তে ইজৰাইলে কয় যে হামাছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ এই কাম কৰা হৈছে, যাতে পণবন্দীসকলক মুকলি কৰি অস্ত্ৰ-শস্ত্ৰ এৰিবলৈ বাধ্য কৰিব পৰা যায়। আনহাতে মানৱ অধিকাৰ সংগঠনসমূহে ইয়াক অনাহাৰৰ অস্ত্ৰ আৰু সম্ভাৱ্য যুদ্ধ অপৰাধ বুলি অভিহিত কৰিছে। কিন্তু ইজৰাইলে সাহায্য সামগ্ৰী বিতৰণ নিয়ন্ত্ৰণৰ পৰিকল্পনাৰ প্ৰতিবাদ কৰিছে ৰাষ্ট্ৰসংঘৰ লগতে বহু সাহায্য সংস্থাই। ইতিমধ্য়ে ‘গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যন’ নামৰ আমেৰিকাৰ এটা গোটৰ পৰিকল্পনাও নাকচ কৰা হৈছে।

উল্লেখ্য যে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই যুদ্ধত এতিয়ালৈকে ৫২,৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। ১ লাখ ১৯ হাজাৰৰো অধিক লোক আহত হৈছে। ইজৰাইলে হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক হত্যা কৰা বুলি দাবী কৰিছে যদিও ইয়াৰ কোনো প্ৰমাণ প্ৰদান কৰা নাই।

ইফালে ইজৰাইলে হামাছৰ সৈতে দুমাহৰ যুদ্ধবিৰতি ভংগ কৰি ১৮ মাৰ্চৰ পৰা গাজাত পুনৰ বোমা বিস্ফোৰণ আৰম্ভ কৰে। স্থল সৈন্যই আধাতকৈ অধিক ভূখণ্ড দখল কৰি উত্তৰ গাজাৰ কিছু অংশ আৰু দক্ষিণৰ ৰাফা চহৰত অভিযান আৰু তালাচী চলাই আছে। ইজৰাইলৰ কেইবামাহো ধৰি চলা অভিযানত দুয়োটা অঞ্চলৰ বৃহৎ অংশ বিধ্বস্ত হৈ পৰিছে।

২০২৩ চনৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পিছত হামাছক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছিল ইজৰাইলে। সেই আক্ৰমণত সন্ত্ৰাসবাদীয়ে প্ৰায় ১২০০ লোকক হত্যা কৰে, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক আৰু ২৫০ জনতকৈ অধিক লোকক অপহৰণ কৰে। হামাছে এতিয়াও প্ৰায় ৫৯ জন পণবন্দী কৰি ৰাখিছে, ইয়াৰে প্ৰায় এক তৃতীয়াংশ এতিয়াও জীয়াই আছে বুলি অনুমান কৰা হৈছে।