শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইফালে কৰালে যুদ্ধবিৰতি, আনফালে ৰাছিয়াক আক্ৰমণৰ বাবে ইউক্ৰেইনলৈ মিছাইল প্ৰেৰণ আমেৰিকাৰ

ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। জাৰ্মানীৰ ষ্টকপাইলৰ পৰা ইউক্ৰেইনলৈ ১০০টা পেট্ৰিয়াট মিছাইল আৰু ১২৫টা আৰ্টিলাৰী ৰকেট যোগান ধৰিবলৈ অনুমোদন জনাইছে আমেৰিকাই । এই পদক্ষেপে শান্তি আলোচনাত যথেষ্ট ক্ষতি কৰিব পাৰে।

ইফালে কৰালে যুদ্ধবিৰতি, আনফালে ৰাছিয়াক আক্ৰমণৰ বাবে ইউক্ৰেইনলৈ মিছাইল প্ৰেৰণ আমেৰিকাৰ
পুটিন, জেলেনস্কি, ট্ৰাম্প
trishna-kalita
Trishna Kalita | Published: 11 May 2025 17:12 PM

ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ পিছত ৩ বছৰতকৈও অধিক সময় ধৰি চলি থকা এই সংঘাতৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। কিন্তু পুনৰবাৰ জুইত ইন্ধন যোগোৱা কাম কৰিছে ট্ৰাম্প প্ৰশাসনে । এফালে ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি আনিলে যদিও আনফালে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি আলোচনাত বাধা হৈ থিয় দিছে।

শুকুৰবাৰে কংগ্ৰেছৰ এজন বিষয়াৰ উদ্ধৃতি দি নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা খবৰ অনুসৰি আমেৰিকাই জাৰ্মানীৰ ষ্টকপাইলৰ পৰা ইউক্ৰেইনলৈ ১০০টা পেট্ৰিয়াট এয়াৰ ডিফেন্স মিছাইল আৰু ১২৫টা দীৰ্ঘ দূৰত্বৰ আৰ্টিলাৰী ৰকেট যোগান ধৰিবলৈ অনুমোদন জনাইছে। আমেৰিকাৰ এই পদক্ষেপৰ পিছত শান্তি আলোচনাই হয়তো আকৌ এবাৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।

দীৰ্ঘদিন ধৰি দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ আৰু পেট্ৰিয়াট ব্যৱস্থাৰ দাবী কৰি আহিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। শেহতীয়াকৈ তেওঁ কয় যে কিয়েভে আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰৰ বাবে ৩০-৫০ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ বা উৎপাদনৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ইচ্ছুক আৰু তেওঁ চৰকাৰক পেট্ৰিয়াট চুক্তি আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ প্ৰতিটো ইউনিটৰ খৰচ ১ বিলিয়ন ডলাৰতকৈ অধিক আৰু ইয়াক চলাবলৈ প্ৰায় ৯০ জন কৰ্মীৰ প্ৰয়োজন হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জানুৱাৰী মাহত হোৱাইট হাউছলৈ উভতি অহাৰ পিছত ইউক্ৰেইনৰ বাবে নতুন সামৰিক সাহায্যৰ অনুমোদন দিয়া নাই। এতিয়া যেতিয়া ৰাছিয়াই ইংগিত দিছে যে তেওঁলোকে আমেৰিকা অবিহনে ইউক্ৰেইনৰ সৈতে আলোচনা কৰিব বিচাৰে, তাৰ পাছতে এই অনুমোদন দিছে ট্ৰাম্পে।

খবৰ অনুসৰি বাইডেন প্ৰশাসনৰ সময়ত ইউক্ৰেইনে যি অস্ত্ৰ-শস্ত্ৰ লাভ কৰিছিল প্ৰায় শেষ হৈ গৈছে। ট্ৰাম্পে ইউক্ৰেইনক অস্ত্ৰ প্ৰদানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল যদিও ইউৰোপীয় মিত্ৰ দেশসমূহৰ পৰা সহায় লাভ কৰিছিল। এতিয়া শান্তিৰ আশাৰ মাজতে ইউক্ৰেইনলৈ ১০০টা পেট্ৰিয়াট এয়াৰ ডিফেন্স মিছাইল আৰু ১২৫টা দীৰ্ঘ দূৰত্বৰ আৰ্টিলাৰী ৰকেট যোগান ধৰাত অনুমোদন জনাইছে ট্ৰাম্পে।

লগতে পঢ়ক: যুদ্ধবিৰতিৰ পিছত বিশেষ তিনিটা বিষয়ত ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী পাকিস্তান! খোৱাজা আছিফে ক’লে…