শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিক আদৰণি নতুন পোপৰঃ দিলে এনে বাৰ্তা….

শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে ভাৰত আৰু পাকিস্তানে। দুয়োপক্ষই যুদ্ধবিৰতিত সন্মতি জনোৱাৰ লগে লগে এক ভয়াৱহ যুদ্ধৰ আশংকাৰৰ অন্ত পৰে। দুই চুবুৰীয়া দেশৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন পোপ চতুৰ্দশ লিঅ’ই। পোপ হিচাপে দায়িত্ব বহন কৰাৰ পিছত দেওবাৰে তেওঁ প্ৰথমবাৰৰ বাবে বিশ্ববাসীক সম্বোধন কৰে।

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিক আদৰণি নতুন পোপৰঃ দিলে এনে বাৰ্তা….
পোপ লিঅ’ চতুৰ্দশImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 12 May 2025 00:22 AM

ক্ৰমবৰ্ধমান যুদ্ধশংকাৰ মাজতে শনিবাৰে যুদ্ধবিৰতি ঘোষণা কৰে ভাৰত আৰু পাকিস্তানে। দুয়োপক্ষই যুদ্ধবিৰতিত সন্মতি জনোৱাৰ লগে লগে এক ভয়াৱহ যুদ্ধৰ আশংকাৰৰ অন্ত পৰে। দুই চুবুৰীয়া দেশৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন পোপ লিঅ’ চতুৰ্দশে। পোপ হিচাপে দায়িত্ব বহন কৰাৰ পিছত দেওবাৰে তেওঁ প্ৰথমবাৰৰ বাবে বিশ্ববাসীক সম্বোধন কৰে। নিজৰ প্ৰথম সম্বোধনতে তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিক আদৰণি জনায়। আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা হ’ব বুলি নতুন পোপ লিঅ’ চতুৰ্দশে আশা প্ৰকাশ কৰে।

একে সময়তে তেওঁৰ বিশ্ববাসীলৈ শান্তিৰ বাৰ্তাও প্ৰেৰণ কৰে। বিশ্ববাসীক সম্বোধন কৰি তেওঁ কয়, “আৰু যুদ্ধ নহয়। ঈশ্বৰে পৃথিৱীক শান্তি প্ৰদান কৰক।” উল্লেখ্য যে যোৱা ২১ এপ্ৰিলত পোপ ফ্ৰান্সিছৰ মৃত্যুৰ পিছত তিনিদিন পূৰ্বে নতুন পোপ হিচাপে নিৰ্বাচিত হৈছিল ৰবাৰ্ট প্ৰেভষ্ট। তেওঁ পোপ হিচাপে দায়িত্ব লাভ কৰা প্ৰথমজন আমেৰিকান নাগৰিক হিচাপে পৰিগণিত হৈছিল।

পোপ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ চতুৰ্দশ লিঅ’ নামেৰে নতুন পৰিচয় লাভ কৰে। বিশ্ববাসীক সম্বোধন কৰি তেওঁ ইউক্ৰেইনৰ লগতে ভাৰত আৰু পাকিস্তানত শান্তিৰ কামনা কৰে। ইয়াৰ লগতে তেওঁ গাজাত যুদ্ধৰ অন্ত পেলাবলৈও আহ্বান জনায়। তদুপৰি পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ৭ মে’ত ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটি তথা প্ৰশিক্ষণ স্থানত আঘাত হানে। অৱশ্যে পাকিস্তানৰ কোনো সামৰিক আন্তঃগাঁথনি তথা সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ কৰা নাই বুলি ভাৰতে স্পষ্ট কৰি দিছে।

কিন্তু তাৰ পিছতে পাকিস্তানী সেনাই সীমান্তত অপ্ৰৰোচিত গুলীচালনা আৰম্ভ কৰে। লগতে সীমান্তৰ কেইবাটাও স্থানত পাকিস্তানে ড্ৰ’ন আক্ৰমণৰো চেষ্টা চলায়। পাকিস্তানৰ এই প্ৰতিটো আক্ৰমণৰ চেষ্টাকে অৱশ্যে ভাৰতে ব্যৰ্থ কৰে। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত সংঘাতৰ পৰিৱেশ অধিক বৃদ্ধি পায়। এনে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে শনিবাৰে দুয়োপক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।