প্ৰতিটো পলত আমাৰ মৃত্যু হৈছে! হামাছে জাৰি কৰা এক ভয়ংকৰ ভিডিঅ’…
ইজৰাইল আৰু গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে পোহৰলৈ আহিছে এক বুকু কঁপি যোৱা ভিডিঅ। হামাছৰ ওচৰত পণবন্দী হৈ থকা আমেৰিকান-ইজৰাইলী নাগৰিকগৰাকী কান্দি কান্দি প্ৰাণ ভিক্ষা মাগিছে। ৪২০ ধৰি তেওঁ বন্দী হৈ এক দুৰ্বিসহ জীৱন যাপন কৰি আছে।

ইজৰাইল আৰু গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে পোহৰলৈ আহিছে এটা গাৰ নোম শিঁয়ৰি উঠা ভিডিঅ’। যোৱা বছৰৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত প্ৰথমে আক্ৰমণ চলাইছিল। পৰৱৰ্তী সময়ত ইয়াৰ প্ৰত্যুত্তৰ ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত এই যুদ্ধ চলিয়েই আছে। প্ৰায় প্ৰতিদিনে ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ কৰি গৈছে আৰু ধ্বংসস্তুপলৈ পৰিণত কৰিছে গাজাক। কিন্তু এতিয়াও হামাছৰ ওপৰত পণবন্দী হৈ আছে বহু ইজৰাইলী আৰু বিদেশী নাগৰিক। এই পণবন্দীসকলক উভতাই অনাৰ বাবে ইজৰাইলে চেষ্টা কৰিছে যদিও সফল হোৱা নাই।
ইয়াৰ মাজতে পোহৰলৈ আহিছে এটা ভিডিঅ’। পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে শনিবাৰে এই ভিডিঅ’ জাৰি কৰিছে য’ত এজন ২০ বছৰীয়া আমেৰিকান- ইজৰাইলী বন্ধকে প্ৰাণ ভিক্ষা কৰিছে। এই ভিডিঅ’ই গাৰ নাম শিঁয়ৰাই তুলিব আপোনাৰ। ভিডিঅ’টোত দেখা গৈছে যে যুৱকজন হামাছৰ ওচৰত বন্দী হৈ আছে আৰু তেওঁলোকক উদ্ধাৰ কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক আহ্বান জনাইছে।
যুৱকজনৰ নাম এডেন আলেকজেণ্ডাৰ। এই ভিডিঅ’টো চোৱাৰ পাছত আপোনাৰো হৃদয় কান্দি উঠিব। হিব্ৰু আৰু ইংৰাজী ভাষাত যুৱকজনে ইজৰাইলীসকলক তেওঁলোকৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনায় আৰু ট্ৰাম্পক তেওঁৰ মুক্তিৰ আলোচনাৰ বাবে আমেৰিকাৰ প্ৰভাৱ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ভিডিঅ’টোত কথাৰ মাজতে বাৰে বাৰে কান্দি উঠিছে যুৱকজন।
The family of Edan Alexander, the Israeli-American held hostage in Gaza, has authorized the release of the heartbreaking proof of life video published by terrorists earlier today. pic.twitter.com/pYp8vttt8t
— Aviva Klompas (@AvivaKlompas) November 30, 2024
৩ মিনিটৰ এই ভিডিঅ’টোত আলেকজেণ্ডাৰক এটা কোঠাৰ চকী এখনত বহি থকা দেখা গৈছে। যুৱকজনক দেখিলেই গ’ম পোৱা যায় যে দুখ কষ্টত তেওঁ ভাগি পৰিছে। তেওঁ জনোৱা মতে ৪২০ দিন ধৰি তেওঁ হামাছৰ ওচৰত বন্দী হৈ আছে। তেওঁ ভিডিঅ’টোত মুক্তিৰ বাবে আহ্বান জনাইছে। যুৱকজনে ভিডিঅ’টোত কৈছে যে আমি প্ৰতিদিনে. প্ৰতিটো সময়তে ভয়, শংকাৰ মাজত মৰি মৰি জীয়াই আছো। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে যাতে তেওঁলোকক পাহৰি নাযায় আৰু উদ্ধাৰ কৰে তাৰ বাবে তেওঁ আহ্বান জনায়।
এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছত আলেকজেণ্ডাৰৰ মাতৃ ইয়েলে কয় যে এই ভিডিঅ’টোৱে পণবন্দীসকলৰ দুৰ্দশা পোহৰলৈ আনিছে। ইয়ে তেওঁক অতিকে মৰ্মাহত কৰি তুলিছে। তেওঁ কয়, আলেকজেণ্ডাৰৰ দৰে বহু পণবন্দীয়ে এতিয়া উদ্ধাৰৰ বাবে চিঞৰি আছে। আমি বিচাৰো ইজৰাইলে যুদ্ধ বন্ধ কৰক আৰু হামাছৰ লগত চুক্তিৰ দ্বাৰা পণবন্দীসকলক উদ্ধাৰ কৰক।
পৰৱৰ্তী সময়ত হোৱাইট হাউছে এই ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। হোৱাইট হাউছ নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ মুখপাত্ৰ শ্বেন চেভেটে এক বিবৃতিত কয় যে আমি আলেকজেণ্ডাৰৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো। আমেৰিকান-ইজৰাইলৰ নাগৰিক এডান আলেকজেণ্ডাৰৰ এই ভিডিঅ’টোৱে বহু দেশৰ নাগৰিকৰ আগত তুলি ধৰিছে হামাছৰ সন্ত্ৰাসৰ ছবি। যদি হামাছে বন্দীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয় তেন্তে কাইলৈ গাজাৰ যুদ্ধৰ অন্ত পৰিব আৰু গাজাবাসীৰ দুখ-কষ্ট তৎক্ষণাত শেষ হ’ব। হামাছে পণবন্দী কৰি ৰখা সকলোকে মুকলি কৰি দিয়াৰ বাবে আমেৰিকাই ২৪ ঘণ্টাই কাম কৰি যাব বুলি বিবৃতিত কয়।
আনহাতে এই ভিডিঅ’ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে, এয়া নিষ্ঠুৰ মানসিকতাৰ যুঁজ। তেওঁ কয়, ইজৰাইলে নিজৰ নাগৰিকসকলক উভতাই অনাৰ বাবে সকলো চেষ্টা কৰি আছে। উল্লেখ কৰা প্ৰয়োজন যে, গাজাত এতিয়াও ১০১ জন ইজৰাইল- বিদেশী পণবন্দী আছে।