শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হ’বলৈ গৈ আছে মধ্যপ্ৰাচ্য !…ইজৰাইলৰ আক্ৰমণৰ পাছতে প্ৰত্যাক্ৰমণ হিজবুল্লাহৰ

শেহতীয়াকৈ লেবানন সীমান্তৰ দুয়োপাৰে বিমান আক্ৰমণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দেওবাৰে পুৱা ইজৰাইলে হিজবুল্লাহৰ সামৰিক স্থানক লক্ষ্য কৰি লোৱাৰ পাছত হিজবুল্লাহে ইজৰাইলৰ ওপৰত প্ৰায় ৩২০টা ৰকেট নিক্ষেপ কৰি প্ৰতিশোধ লয়। ইয়াৰ পাছতে বৃহৎ আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ইজৰাইলত আইডিএফে জৰুৰীকালীন অৱস্থা জাৰি কৰিছে বুলি জানিব পৰা গৈছে ।

ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হ’বলৈ গৈ আছে মধ্যপ্ৰাচ্য !…ইজৰাইলৰ আক্ৰমণৰ পাছতে প্ৰত্যাক্ৰমণ হিজবুল্লাহৰ
manas-borah
Manas Borah | Updated On: 25 Aug 2024 12:24 PM

হিজবুল্লাহ আৰু ইজৰাইলৰ শত্ৰুতাই ইতিমধ্যে যুদ্ধৰ ৰূপ হৈছে । শেহতীয়াকৈ লেবানন সীমান্তৰ দুয়োপাৰে বিমান আক্ৰমণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দেওবাৰে পুৱা ইজৰাইলে হিজবুল্লাহৰ সামৰিক স্থানক লক্ষ্য কৰি লোৱাৰ পাছত হিজবুল্লাহে ইজৰাইলৰ ওপৰত প্ৰায় ৩২০টা ৰকেট নিক্ষেপ কৰি প্ৰতিশোধ লয়। ইয়াৰ পাছতে বৃহৎ আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ইজৰাইলত আইডিএফে জৰুৰীকালীন অৱস্থা জাৰি কৰিছে বুলি জানিব পৰা গৈছে ।

এই আক্ৰমণৰ পাছত হিজবুল্লাহে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকৰ কমাণ্ডাৰ হত্যাৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ সংঘটিত কৰিছে । বিবৃতিটোত হিজবুল্লাহে কয় যে, ইজৰাইলৰ সামৰিক লক্ষ্যক ৩০০ৰো অধিক ৰকেটেৰে লক্ষ্য কৰি লৈছে । বিবৃতিটোত প্ৰথম পৰ্যায়ৰ আক্ৰমণ সম্পূর্ণ হোৱা বুলিও উল্লেখ কৰিছে হিজবুল্লাই ৷ উল্লেখ্য যে, হিজবুল্লাহৰ এই বিবৃতিয়ে এক ভয়াৱহ যুদ্ধৰ ইংগিত প্ৰদান কৰিছে ।

বিবৃতি অনুসৰি হিজবুল্লাহে মেৰন ঘাটি আৰু দখল কৰা গোলান হাইটছৰ চাৰিটা স্থানকে ধৰি ইজৰাইলৰ ১১টা সামৰিক ঘাটি আৰু বেৰেকত ৩২০টাতকৈও অধিক কাটিউছা ৰকেট নিক্ষেপ কৰে। ইফালে, ইজৰাইলৰ সেনাই এক বৃহৎ আক্ৰমণৰ বিষয়ে অৱগত হৈছিল আৰু আত্মৰক্ষাৰ বাবে দেওবাৰে পুৱাৰ ভাগত লেবাননত হিজবুল্লাহৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছিল ইজৰাইল সেনাই।

ইজৰাইলৰ সেনাই কয় যে, হিজবুল্লাহৰ ভাবুকিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লেবাননত থকা হিজবুল্লাৰ ঘাটিসমূহ লক্ষ্য কৰি আক্ৰমণ কৰা হয়। ইজৰাইলৰ সেনাৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয়, ‘হিজবুল্লাই ইজৰাইলৰ ওপৰত মিছাইল আৰু ৰকেট নিক্ষেপ কৰিবলৈ হৈছিল। আমি লেবাননৰ সেই সন্ত্ৰাসবাদী ঘাটিবোৰ আক্ৰমণ কৰিছো য’ৰ পৰা হিজবুল্লাই ইজৰাইলৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল।’

ইৰাণত হামাছৰ ৰাজনৈতিক মুৰব্বী ইছমাইল হানিয়া আৰু হিজবুল্লাহৰ অধিনায়ক ফৱাদ শুক্ৰক হত্যা কৰাৰ পাছৰে পৰা ইৰাণ আৰু হিজবুল্লাই ইজৰাইলৰ ওপৰক প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইফালে এই ভাবুকিৰ পাছত ইজৰাইলক যিকোনো আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আমেৰিকাই এই অঞ্চলত নিজৰ সেনা আৰু যুদ্ধ জাহাজৰ নিয়োগ বৃদ্ধি কৰিছে।