Israel Attack: গাজা যুদ্ধৰ ১ বছৰঃ ইজৰাইলৰ ওপৰত হিজাবুল্লাহৰ এটাৰ পাছত আনটো আক্ৰমণ, VIDEO
Israel attack: শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শনিবাৰে সন্ধিয়া কয় যে এই আক্ৰমণৰ প্ৰতি নিজৰ ৰক্ষা আৰু প্ৰত্যুত্তৰ দিয়াৰ আমাৰ অধিকাৰ আছে। লেবাননৰ সন্দৰ্ভত তেওঁ কয় যে আমাৰ কাম এতিয়াও শেষ হোৱা নাই।

লেবাননৰ ৰাজধানী বেৰুটত ইজৰাইলে এটাৰ পাছত আন এটা আক্ৰমণ সংঘটিত কৰাৰ মাজতে এইবাৰ ইজৰাইলৰ হাইফা চহৰত সন্ত্ৰাস চলাইছে হিজাবুল্লাহে। ৭ অক্টোবৰত ইজৰাইলৰ বন্দৰ চহৰ হাইফাত লেবাননৰ পৰা এই ৰকেট নিক্ষেপ কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে, ৭ অক্টোবৰৰ দিনা গাজা আক্ৰমণৰ ১ বছৰ সম্পূৰ্ণ হ’ল। এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে হিজাবুল্লাহে এই আক্ৰমণ চলায়। লেবাননৰ পৰা নিক্ষেপ কৰা এই ৰকেটসমূহ ইজৰাইলে ডিফেন্স চিষ্টেম (IDF) য়ে ৰোধ কৰিব নোৱাৰিলে, যাৰ ফলত ৫টা ৰকেট লক্ষ্য স্থানত পৰে।
খবৰ অনুসৰি এই আক্ৰমণত প্ৰায় ১০ জন লোক আহত হৈছে। যোৱা মাহত বেৰুটত ইজৰাইলৰ বোমা বিস্ফোৰণত নিহত হোৱা নেতা হাছান নছৰল্লাহৰ নামত হিজবুল্লাই এই আক্ৰমণ উৎসৰ্গা কৰে। কিন্তু অনুমান কৰা হৈছে যে হিজবুল্লাই ৭ অক্টোবৰৰ গাজা যুদ্ধৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে এই আক্ৰমণ সংঘটিত কৰিছে।
ইয়াৰোপৰি লেবাননত চলি থকা ইজৰাইলৰ আক্ৰমণৰ সঁহাৰি হিচাপেও এই আক্ৰমণক বিবেচনা কৰা হৈছে। আক্ৰমণ সংঘটিত কৰি হিজাবুল্লাহে এক বিবৃতিত কয় যে, হিজাবুল্লাহে হাইফা বন্দৰৰ ওচৰৰ ইজৰাইলৰ সামৰিক ঘাটি এটাক লক্ষ্য কৰি লৈছে। ইয়াৰ পূৰ্বেও হাইফাৰ দক্ষিণে থকা আন এটা ঘাটিত দুটা আক্ৰমণ সংঘটিত হৈছিল।এই আক্ৰমণৰ ভিডিঅ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
BREAKING: ROCKETS HIT HAIFA IN ISRAEL RIGHT NOW pic.twitter.com/hu1k4o7MR2
— Sulaiman Ahmed (@ShaykhSulaiman) October 6, 2024
দক্ষিণ লেবাননৰ পৰা নিক্ষেপ কৰা এই ৰকেট ৰোধ কৰাত ব্যৰ্থ হৈছে ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা। অৱশ্যে সময়মতে ছাইৰেন বজাৰ বাবে মানুহে আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে। নহ’লে হাইফাত ধ্বংবলীলাৰ সৃষ্টি হ’লহেতেন। ইজৰাইলে কয় যে কি কাৰণে আই ডি এফ বিফল হয়, সেই সন্দৰ্ভত তদন্ত চলি আছে। এই আক্ৰমণৰ ফলত প্ৰায় ১০জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ চলাইছিল। হামাছক প্ৰায় ধ্বংস কৰাৰ পাছত ইজৰাইলে লক্ষ্য কৰি লৈছে হিজাবুল্লাহক। ইতিমধ্যে ইজৰাইলে হামাছ আৰু হিজাবুল্লাহৰ মুৰব্বীৰ লগতে কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। ইয়াৰ মাজতে যোৱা সপ্তাহত ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাইছিল ইৰাণে।
শেহতীয়াকৈ ইজৰাইলে উত্তৰ গাজা খালী কৰাৰ বাবে জনতাক নিৰ্দেশ দিছে। এই যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই এই স্থানৰ পৰা অধিকাংশলোকে স্থানান্তৰ হৈছিল কিন্তু কঠিন পৰিস্থিতি আৰু বৃহৎ পৰিসৰৰ ধ্বংসলীলাৰ মাজতো তাত ৩,০০,০০০ লোকে বাস কৰি থকাৰ অনুমান কৰা হৈছে।
পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই শেহতীয়া আক্ৰমণৰ বাবে গাজাত নিহত পেলেষ্টাইনীৰ সংখ্যা এতিয়া প্ৰায় ৪২ হাজাৰ হৈছেগৈ। ইয়াৰে কিমানজন সাধাৰণ নাগৰিক আৰু সন্ত্ৰাসবাদী সেই কথা মন্ত্ৰালয়ে প্ৰকাশ কৰা নাই যদিও নিহতসকলৰ ভিতৰত বহু মহিলা আৰু শিশুও আছে।
এই আক্ৰমণৰ ঘটনাৰ এবছৰ হৈ গ’ল যদিও যুদ্ধ কম হোৱাৰ নাম লোৱা নাই। গাজাৰ পাছত লেবাননত এতিয়া ইজৰাইলে ধ্বংসলীলা চলাইছে। লেবাননৰ বেৰুটকে ধৰি কেইবাখনো ঠাইত যোৱা কেইটামান দিনত ইজৰাইলে আক্ৰমণ চলাইছে। ইয়াৰ মাজতে শনিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শনিবাৰে সন্ধিয়া কয় যে এই আক্ৰমণৰ প্ৰতি নিজৰ ৰক্ষা আৰু প্ৰত্যুত্তৰ দিয়াৰ আমাৰ অধিকাৰ আছে। লেবাননৰ সন্দৰ্ভত তেওঁ কয় যে আমাৰ কাম এতিয়াও শেষ হোৱা নাই।