শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Imran Khan: হত্যা কৰা হ’ল নেকি ইমৰাণ খানক? ৫টা কথাই সৃষ্টি কৰিছে ৰহস্যৰ…

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক কেন্দ্ৰ কৰি পৰিস্থিতি ক্ৰমান্বয়ে ৰহস্যময় হৈ পৰিছে। তেওঁৰ হত্যাৰ দাবী কৰিছে আফগান সংবাদ মাধ্যমে। তিনি সপ্তাহ ধৰি তেওঁৰ পৰিয়ালক তেওঁৰ সৈতে যোগাযোগৰ পৰা বঞ্চিত কৰা হৈছে আৰু দুসপ্তাহ ধৰি কোনো আনুষ্ঠানিক খবৰ পোৱা নাই। অৱশ্যে টিভি9-এ তেওঁৰ মৃত্যুৰ দাবী নিশ্চিত কৰা নাই।

Imran Khan: হত্যা কৰা হ’ল নেকি ইমৰাণ খানক? ৫টা কথাই সৃষ্টি কৰিছে ৰহস্যৰ…
Is Pakistan Former Pm Imran Khan Missing Or Dead
trishna-kalita
Trishna Kalita | Published: 26 Nov 2025 17:32 PM

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ হত্যাৰ এই চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে আফগান সংবাদ মাধ্যমে । এই চাঞ্চল্যকৰ খবৰটো এনে সময়তে আহিছে যেতিয়া ইমৰাণ খানৰ পৰিয়ালে একেৰাহে তিনি সপ্তাহ ধৰি তেওঁৰ সৈতে যোগাযোগৰ পৰা বঞ্চিত হৈছে। তেওঁৰ ভগ্নী আলিমা, উজমা আৰু নোৰিনে বাৰে বাৰে আদিয়ালা জেললৈ গৈছিল যদিও প্ৰতিবাৰেই গেটত ৰখাই দিয়া হৈছিল।

পৰিস্থিতি ইমানেই সন্দেহজনক হৈ পৰিছে যে ইমৰাণৰ সমৰ্থকসকলে জেলৰ বাহিৰত সমবেত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশ্যে চৰকাৰ বা কাৰাগাৰ প্ৰশাসনে কোনো তথ্য প্ৰদান কৰা নাই। ইফালে দুসপ্তাহ ধৰি প্ৰকাশ হোৱা নাই ইমৰাণ খানৰ কোনো চৰকাৰী ফটো। এই সকলোবোৰৰ মাজত এতিয়া পাঁচটা লক্ষণৰ উন্মেষ ঘটিছে যিয়ে ইমৰাণ খানৰ কিবা অশুভ ঘটনা ঘটাৰ আশংকা আৰু অধিক গভীৰ কৰি তুলিছে। অৱশ্যে তেওঁৰ মৃত্যু সন্দৰ্ভত এই দাবী নিশ্চিত কৰা নাই টিভি9-এ।

১/ ডাক্তৰক লগ কৰিবলৈ নিদিয়া

২০২৫ চনৰ মাৰ্চ মাহত পিআইএমএছ হাস্পতালৰ চিকিৎসা দলে তেওঁক পৰীক্ষা কৰিছিল। কিন্তু PTIয়ে দাবী কৰিছে যে এই চিকিৎসা পৰীক্ষাটো এটা নকল আছিল। ইয়াৰ পিছত কোনো বিশ্বাসযোগ্য চিকিৎসকক তেওঁক পৰীক্ষা কৰিবলৈ দিয়া নহ’ল। আদালতে তেওঁক সপ্তাহত দুবাৰকৈ পৰিয়াল, অধিবক্তা, বন্ধু-বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়াৰ স্পষ্ট আদেশ দিছিল। এতিয়া তেওঁৰ স্বাস্থ্যক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন হৈছে।

২/ অধিবক্তাৰ সৈতে সাক্ষাৎ কৰাত বাধা

মাৰ্চ মাহত ইছলামবাদ উচ্চ ন্যায়ালয়ে আইনী দলৰ সৈতে নিয়মীয়া বৈঠক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু যোৱা মাহৰ পৰা অধিবক্তাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইয়াৰ ফলত ইমৰাণৰ অৱস্থা লুকুৱাই ৰখাৰ PTIৰ অভিযোগ তীব্ৰতৰ হৈ পৰে।

৩/ পৰিয়ালকো সাক্ষাৎ কৰাত বাধা

ইমৰাণ খানৰ ভগ্নী আলিমা খান, নুৰিন খান, উজমা খানক বাৰে বাৰে গেটত ৰখাই দিয়া হৈছিল। ২৫ নৱেম্বৰৰ নিশা তিনিওগৰাকী ভগ্নীয়ে শতাধিক সমৰ্থকৰ সৈতে জেলৰ বাহিৰত প্ৰতিবাদত বহিছিল।তেওঁলোকৰ অভিযোগ ইমৰাণৰ লগতে কিবা এটা অঘটন হৈছে। ইমৰাণৰ ভগ্নী নুৰিন খানে পঞ্জাৱ আৰক্ষীয়ে আক্ৰমণৰ আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ ক’লে, “ষ্ট্ৰীটলাইটবোৰ কোনো সতৰ্কবাণী নোহোৱাকৈ বন্ধ কৰি দিয়া হৈছিল, তাৰ পিছত আৰক্ষীয়ে আমাক আক্ৰমণ কৰিছিল।”

৭১ বছৰীয়া নুৰিন খানৰ দাবী যে, আৰক্ষীয়ে তেওঁৰ চুলিত ধৰি মাটিত পেলাই থৈ টানি লৈ যায়। আন মহিলাৰ ওপৰত প্ৰহাৰ কৰাৰ খবৰ পোৱা গৈছে। পঞ্জাৱৰ আই জি পিক এই হিংসাত্মক ঘটনাৰ লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

৪/ দুসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে ইমৰাণ

পিটিআইৰ নেতাসকলে কয় যে, ইমৰাণ খানক হয় গোপন স্থানলৈ স্থানান্তৰ কৰা হৈছে নহয় কঠোৰ বিচ্ছিন্নতাত ৰখা হৈছে। বিগত দুবছৰত তেওঁৰ কাৰাগাৰৰ পৰা অসংখ্য চৰকাৰী ফটো আৰু আপডেট ওলাইছে যদিও দুসপ্তাহ ধৰি ইমৰাণ খানৰ কোনো সুনিৰ্দিষ্ট খবৰ প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা নাই, যাৰ ফলত সন্দেহ আৰু অধিক গভীৰ হৈ পৰিছে।

৫/ জেনেৰেল মুনিৰৰ জৰুৰী বৈঠক

ইমৰাণ খানৰ ৰহস্যজনক অৱস্থাৰ মাজতে হঠাতে উচ্চ পৰ্যায়ৰ জৰুৰী নিৰাপত্তা বৈঠক আহ্বান কৰিছে পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে। আই এছ আই, সামৰিক চোৰাংচোৱা, আৰু স্বৰাজ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া উপস্থিত থকা বুলি জানিব পৰা গৈছে। বৈঠকৰ এজেণ্ডা ৰাজহুৱা নহ’লেও ইয়াৰ ফলত পাকিস্তানৰ ক্ষমতা আৰু সামৰিক মহলৰ ভিতৰত কিবা গুৰুতৰ কথা চলি আছে বুলি জল্পনা-কল্পনাত ইন্ধন যোগাইছে৷