এইবাৰ ইৰাণৰ ৰাজপথত জেন-জিৰ প্ৰতিবাদ, পশ্চিমীয়া দেশক জগৰীয়া কৰিলে খামেনেইৰ চৰকাৰে
তাছনিম নিউজ এজেন্সীৰ তথ্য অনুসৰি, প্ৰতিবাদৰ উচটনি দিয়াৰ অভিযোগত এনে ৭ জন ব্যক্তিক আটক কৰিছে যি আমেৰিকা আৰু ইজৰাইলৰ নিৰ্দেশমৰ্মে কাম কৰি আছে। ইৰাণে কয় যে কোনো মূল্যৰ বিনিময়ত এই প্ৰতিবাদ সফল হ’বলৈ নিদিয়ে।
ইৰাণত যোৱা পাঁচ দিনী ধৰি অব্যাহত থকা অশান্তিক পশ্চিমীয়া দেশৰ বিৰোধিতা বুলি দাবী কৰিছে আলী খামেনেইৰ চৰকাৰে। খামেনেইৰ সেনাৰ সৈতে জড়িত চোৰাংচোৱা সংস্থাটোৱে সীমান্তৰ সিপাৰৰ পৰা আমদানি কৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিদ্ৰোহী এজেণ্টকে ধৰি কিছু প্ৰমাণ সংবাদ মাধ্যমৰ আগত দাখিল কৰিছে। ইৰাণে দাবী কৰিছে যে পশ্চিমীয়া দেশসমূহে প্ৰতিবাদৰ আঁৰ লৈ ইছলামিক শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ চেষ্টা কৰিছে।
তাছনিম নিউজ এজেন্সীৰ তথ্য অনুসৰি, প্ৰতিবাদৰ উচটনি দিয়াৰ অভিযোগত এনে ৭ জন ব্যক্তিক আটক কৰিছে যি আমেৰিকা আৰু ইজৰাইলৰ নিৰ্দেশমৰ্মে কাম কৰি আছে। ইৰাণে কয় যে কোনো মূল্যৰ বিনিময়ত এই প্ৰতিবাদ সফল হ’বলৈ নিদিয়ে।
সীমান্তৰ সিপাৰৰ পৰা অস্ত্ৰ প্ৰেৰণ
বিক্ষোভৰ সময়ত প্ৰতিবাদকাৰীয়ে ব্যৱহাৰ কৰি থকা ১০০টা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিছে ইৰাণৰ চোৰাংচোৱা সংস্থাই। চোৰাংচোৱা সংস্থাটোৱে জনোৱা মতে, এই সকলোবোৰ আগ্নেয়াস্ত্ৰ সীমান্তৰ সিপাৰৰ পৰা আহিছিল। ইৰাণলৈ এই অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা লোকসকলক বিচাৰিছে।
ইৰানে দাবী কৰিছে যে চৰকাৰক অস্থিৰ কৰাৰ প্ৰয়াসৰ অংশ হিচাপে এই অস্ত্ৰসমূহ প্ৰেৰণ কৰা হৈছে। চোৰাংচোৱা সংস্থাটোৱে দাবী কৰিছে যে এই অস্ত্ৰসমূহ পশ্চিমীয়া দেশৰ পৰা প্ৰেৰণ কৰা হৈছে।
৭ জন এজেণ্ট গ্ৰেপ্তাৰ
ইৰাণে গ্ৰেপ্তাৰ কৰিছে ৭জন এজেণ্টক। মেহৰ নিউজ এজেন্সীৰ মতে, গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকলৰ ভিতৰত পাঁচজন আমেৰিকাতস্থিত ৰাজতন্ত্ৰবাদী গোটৰ সংস্পৰ্শত আছিল, আৰু আন দুজন ইউৰোপস্থিত বিৰোধী গোটৰ সৈতে জড়িত আছিল। অধিক তদন্ত অব্যাহত আছে। ইৰাণ চৰকাৰে ৰাজতন্ত্ৰবাদী নেটৱৰ্ক ভাঙি পেলোৱাৰ কাম কৰি আছে।
খামেনেইৰ উপদেষ্টা জেনেৰেল হোছেইন আষ্টাৰীৰ মতে ইৰাণৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এই কথা বুজিব লাগিব। আষ্টাৰীয়ে আৰু কয়, “আমি ‘অধিকাৰ’ৰ দৰে শ্লোগানৰ আঁৰত লুকাই থকা শত্ৰুৰ চক্ৰান্ত বুজিব লাগিব। সকলোৱে জাতীয় ঐক্য বজাই ৰাখিব লাগে আৰু সামাজিক বিভাজন এৰাই চলিব লাগে।”
ইৰাণত কিয় প্ৰতিবাদ হৈছে?
ইৰাণৰ জল সংকট আৰু বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিক লৈ প্ৰথমে ব্যৱসায়ীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰী আৰু মহিলাসকলেও প্ৰতিবাদত যোগদান কৰে। ইৰাণ চৰকাৰে কয় যে এই প্ৰতিবাদ প্ৰথমে ইছ্যুভিত্তিক আছিল যদিও এতিয়া ই এক আন্দোলনত পৰিণত হৈছে। ইৰাণৰ আশংকা যে অভ্যুত্থানৰ দ্বাৰা তেওঁলোকৰ চৰকাৰ উফৰাই পেলাব পাৰে। ১৯৫৩ চনতো CIA ই ইৰাণত একেধৰণৰ অভ্যুত্থানৰ পৰিকল্পনা কৰিছিল।