সুৰক্ষাৰ প্ৰট’কল অনুসৰণ কৰক, সহায়ৰ বাবে যোগাযোগ কৰক…ইজৰাইলত বাস কৰা ভাৰতীয়সকলৰ বাবে পৰামৰ্শ
হিজবুল্লাহৰ মুৰব্বীক ইজৰাইলে হত্যা কৰাৰ পাছত ইৰাণে ইজৰাইলৰ ওপৰত ডাঙৰ আক্ৰমণ সংঘটিত কৰিছে । বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ সংঘটিত কৰা বুলি খবৰ প্ৰকাশ পাইছে । এনে পৰিপ্ৰেক্ষিততে সুৰক্ষা দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় দূতাবাসে এক বিবৃতিৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক সতৰ্ক কৰি দিছে ।
ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘাতৰ পৰিণতি ভয়াবহ হ’বলৈ গৈ আছে । হিজবুল্লাহৰ মুৰব্বীক ইজৰাইলে হত্যা কৰাৰ পাছত ইৰাণে ইজৰাইলৰ ওপৰত ডাঙৰ আক্ৰমণ সংঘটিত কৰিছে । বেলিষ্টিক মিছাইলেৰে এই আক্ৰমণ সংঘটিত কৰা বুলি খবৰ প্ৰকাশ পাইছে । এনে পৰিপ্ৰেক্ষিততে সুৰক্ষা দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় দূতাবাসে এক বিবৃতিৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক সতৰ্ক কৰি দিছে । লগতে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত থকা সকলো ভাৰতীয় নাগৰিককে সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে ভাৰতীয় দূতাবাসে ।
ভাৰতীয় দূতাবাসে সকলো ভাৰতীয়কে স্থানীয় কৰ্তৃপক্ষই পৰামৰ্শ দিয়া সুৰক্ষা প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে । ইজৰাইলত বসবাস কৰা নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় দূতাবাসে। ভাৰতীয় দূতাবাসে জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে, প্ৰবাসী ভাৰতীয় নাগৰিকসকলে দেশৰ ভিতৰত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক । সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ইজৰাইল কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থকাৰ কথাও জানিবলৈ দিছে ভাৰতীয় দূতাবাসে ।
📢*IMPORTANT ADVISORY FOR INDIAN NATIONALS IN ISRAEL*
Link : https://t.co/OEsz3oUtBJ pic.twitter.com/llt83IwIZ0
— India in Israel (@indemtel) October 1, 2024
ইফালে, যিকোনো পৰিস্থিতিত সহায়ৰ বাবে দূতাবাসৰ হেল্পলাইনত যোগাযোগ কৰিবলৈ কোৱা হৈছে । দূতাবাস হেল্পলাইন +৯৭২-৫৪৭৫২০৭১১, +৯৭২-৫৪৩২৭৮৩৯২ আৰু ইমেইল হৈছে cons1.telaviv@mea.gov.in । ভাৰতীয় দূতাবাসে জনাইছে যে, যিসকল ভাৰতীয় নাগৰিকে এতিয়াও দূতাবাসত পঞ্জীয়ন কৰা নাই তেওঁলোকে এই লিংক https://forms.gle/ftp3DEXgJwH8XVRdA ৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব ।
উল্লেখ্য যে, ইৰাণৰ আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ সেনাই দাবী কৰিছে কয় যে, ইৰাণৰ ফালৰ পৰা ইজৰাইলক লক্ষ্য কৰি ৪০০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। বিশেষকৈ মধ্য আৰু দক্ষিণ ইজৰাইলৰ লোকসকলক বাংকাৰত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে ইজৰাইল সেনাই ।