শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মূৰটো ভৰিৰে দলিয়াই দিলে…পত্নী-সন্তানৰ সন্মুখত আমেৰিকাত ভাৰতীয় ব্যক্তিক নৃশংসভাৱে হত্যা…

আমেৰিকাৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। ভাৰতীয়মূলৰ এজন লোকক পত্নী আৰু সন্তানৰ সন্মুখতে অতি নৃংশসভাৱে হত্যা কৰে এজনে। এই ঘটনাই তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।

মূৰটো ভৰিৰে দলিয়াই দিলে…পত্নী-সন্তানৰ সন্মুখত আমেৰিকাত ভাৰতীয় ব্যক্তিক নৃশংসভাৱে হত্যা…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 12 Sep 2025 14:33 PM

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এজন ভাৰতীয়ক অতি নৃশংসভাৱে হত্যা কৰে এজন আমেৰিকান ব্যক্তিয়ে। জানিব পৰা মতে, সামান্য এটা কথাতে ব্যক্তিজনক অতি নৃশংসভাৱে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে। ঘটনাৰ সময়ত নিহত ব্যক্তিজনৰ পত্নী আৰু কন্যাই তেওঁক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও অভিযুক্তই কাৰো কথা শুনা নাছিল। তাৰ পাছতে অতি নৃশংসভাৱে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি ভাৰতীয় ব্যক্তিজনৰ প্ৰাণ লয়। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযুক্ত জৰ্ডানিছ কবছ-মাৰ্টিনেজ (৩৭) বুলি চিনাক্ত হৈছে। যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে নিহত লোকজন কৰ্ণাটকৰ বাসিন্দা চন্দ্ৰ নাগামল্লাইয়া (৫০) বুলি জানিব পৰা গৈছে। নাগামাল্লাইয়া আছিল অভিযুক্তৰ মেনেজাৰ।

ঘটনাটো কি আছিল?

তথ্য অনুসৰি জানিব পৰা মতে, বুধবাৰে সংঘটিত হৈছে এই ঘটনা।  মেনেজাৰ নাগামল্লাইয়া আৰু আমেৰিকান কৰ্মচাৰীজন কৰ্মৰত অৱস্থাত আছিল।দুয়ো কাপোৰ ধোৱা কোম্পানী এটাত কাম কৰিছিল। সেই সময়ত মেনেজাৰ নাগামল্লাইয়াই জৰ্ডানিছক ভঙা ৱাশ্বিং মেচিন ব্যৱহাৰ কৰাত বাধা দিছিল। মেনেজাৰে এই কথা তেওঁক প্ৰত্যক্ষভাৱে কোৱা নাছিল। আন এজন কৰ্মচাৰীৰ হতুৱাই কৈছিল। যাৰ বাবে ক্ষোভিত হৈ পৰিছিল যুৱকজন।

ইয়াৰ পাছতে অভিযুক্তই সেই স্থানত থকা চোকা অস্ত্ৰ তুলি মেনেজাৰক বহুবাৰ আক্ৰণ কৰে। জানিব পৰা মতে নাগামল্লাইয়াই পাৰ্কিং ল’টৰ মাজেৰে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও অভিযুক্তই তেওঁক খেদি খেদি হত্যা কৰে।

পত্নী-সন্তানৰ সন্মুখত হত্যা

নাগামল্লাইয়াৰ শব্দ শুনি পত্নী আৰু ১৮ বছৰীয়া পুত্ৰ বাহিৰলৈ ওলাই আহে আৰু অভিযুক্তক বাধা দিয়াৰ চেষ্টা কৰে। কিন্তু অভিযুক্তই তেওঁলোকক ঠেলি পুনৰ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। পাছত অভিযুক্তই নাগামল্লাইক উপৰ্যুপৰি আক্ৰমণ কৰে আৰু মূৰটো কাটি পেলায়। ইমানতেই ক্ষান্ত নাথাকি কটা মূৰটো ভৰিৰে দলিয়াই দিয়ে।

কটা মূৰটো ডাষ্টবিনত

ইয়াতেই ক্ষান্ত নাছিল তেওঁ। পাছত অভিক্তই ভাৰতীয় ব্যক্তিজনৰ কটা মূৰটো লৈ ডাষ্টবিনৰ ওচৰলৈ যায় আৰু পেলাই দিয়ে। অভিযুক্তই যেতিয়া মূৰটো পেলাই ডাষ্টবিনস্থলীৰ পৰা ওলাই আহে তেতিয়া লগে লগে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ ভিডিঅ’ সমগ্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ভাৰতীয় দূতবাসৰ প্ৰতিক্ৰিয়া

ভাৰতীয় দূতবাসে এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে, আৰু কৈছে যে নাগামল্লাইয়াক নিৰ্মমভাৱে হত্যা কৰা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে এটা পোষ্ট কৰি দূতবাসে পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সকলো সম্ভৱপৰ সহায় কৰিব বুলি কয়।

 

 

অন্য খবৰ পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ জেল! অপৰাধ কি? প্ৰতিক্ৰিয়া প্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ…