শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গোপনীয় নথি-পত্ৰ সংগ্ৰহ, চীনৰ সৈতে গোপন সম্পৰ্ক…ভাৰতীয় মূলৰ এছলী টেলিছক আমেৰিকাত গ্ৰেপ্তাৰ

এছলী টেলিছক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তেওঁক গোপনীয় নথি-পত্ৰ ৰখাৰ লগতে চীনৰ চৰকাৰী বিষয়াৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

গোপনীয় নথি-পত্ৰ সংগ্ৰহ, চীনৰ সৈতে গোপন সম্পৰ্ক…ভাৰতীয় মূলৰ এছলী টেলিছক আমেৰিকাত গ্ৰেপ্তাৰ
এছলী টেলিছক আমেৰিকাত গ্ৰেপ্তাৰ
manas-borah
Manas Borah | Published: 15 Oct 2025 12:31 PM

ভাৰতীয়-আমেৰিকান মূলৰ বিশিষ্ট বিশ্লেষক তথা দক্ষিণ এছিয়াৰ নীতি উপদেষ্টা এছলী টেলিছক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তেওঁক গোপনীয় নথি-পত্ৰ ৰখাৰ লগতে চীনৰ চৰকাৰী বিষয়াৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। আদালতে ৰায় দিয়ে যে, ৬৪ বছৰীয়া এছলী টেলিছে ভাৰ্জিনিয়াৰ ভিয়েনাৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা ১০০০ পৃষ্ঠাৰো অধিক গোপনীয় নথিকে ধৰি ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ তথ্য অবৈধভাৱে ৰাখিছিল।

জৰ্জ ডব্লিউৱে বুছ প্ৰশাসনৰ পৰা পেন্টাগনলৈকে কাম কৰিছিল

শুকুৰবাৰে নিৰাপত্তা সংস্থাই টেলিছক গ্ৰেপ্তাৰ কৰিছিল যদিও সোমবাৰে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰা হৈছিল। ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ কাৰ্যকালত টেলিছে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এফ বি আইৰ শপতনামাত তেওঁক ষ্টেট ডিপাৰ্টমেণ্টৰ উপদেষ্টা আৰু পেন্টাগনৰ অফিচ অৱ নেট এচেছমেণ্টৰ ঠিকাদাৰ হিচাপে তালিকাভুক্ত কৰা হয়। তেওঁ এগৰাকী ৱাশ্বিংটনৰ থিংক টেংক “কাৰ্নেগী এনডাউমেণ্ট ফৰ ইণ্টাৰনেশ্যনেল পিছ”ৰ জ্যেষ্ঠ ফেলোও।

এছলী টেলিছ কোন?

টেলিছ ২০০১ চনত আমেৰিকা চৰকাৰত যোগদান কৰা এজন জ্যেষ্ঠ নীতি কৌশলবিদ। তেওঁ ভাৰত আৰু দক্ষিণ এছিয়া সম্পৰ্কে ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা প্ৰশাসনক পৰামৰ্শ আগবঢ়াইছে। ট্ৰাম্প প্ৰশাসন আৰু ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক টালচি গাবাৰ্ডে গোপনীয় তথ্যৰ অপব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি অপৰাধীৰ বিৰুদ্ধে ব্যতিক্ৰম নোহোৱাকৈ গোচৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

মুম্বাইত জন্মগ্ৰহণ কৰা টেলিছে চিকাগো বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি লাভ কৰাৰ পূৰ্বে ছেইণ্ট জেভিয়াৰ কলেজত পঢ়িছিল। ইয়াৰ উপৰিও তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ ডিগ্ৰী লাভ কৰিছে। যোৱা কেইবছৰমানৰ পৰা টেলিছ আমেৰিকা-ভাৰত-চীন নীতিৰ ক্ষেত্ৰখনৰ এজন ফিক্সচাৰ, পেনেলত চিনাকি মুখ আৰু ৱাশ্বিংটন, নতুন দিল্লী, বেইজিঙত তেওঁ লেখাৰ ওপৰত সকলোৱে দৃষ্টি ৰাখে।

নিৰাপত্তা সংস্থাই প্ৰমাণ পাইছিল

আদালতৰ নথি-পত্ৰত অভিযোগ কৰা হৈছে যে, টেলিছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত প্ৰতিৰক্ষা আৰু বিদেশ বিভাগৰ গোপনীয় ফাইলসমূহত প্ৰৱেশ কৰিছিল। চিচিটিভি ফুটেজত দেখা গৈছিল যে, তেওঁ আমেৰিকাৰ সামৰিক বিমানৰ সামৰ্থ্যৰ সৈতে জড়িত গোপনীয় ফাইল ছপা কৰি চামৰাৰ ব্ৰীফকেছ লৈ এটা অট্টালিকাৰ পৰা ওলাই আহিছিল। ১১ অক্টোবৰত জাৰি কৰা চাৰ্চ ৱাৰেণ্টত টেলিছৰ ঘৰত কেইবাটাও স্থানত জমা হৈ থকা গোপনীয় নথি-পত্ৰ উদ্ধাৰ হয়।