শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সামৰিক ছাউনীক অস্থায়ী কাৰাগাৰ ঘোষণা ইউনুছ চৰকাৰৰ

সামৰিক ছাউনীক অস্থায়ী কাৰাগাৰ ঘোষণা ইউনুছ চৰকাৰৰ

raj-saikia
Raj Saikia | Published: 14 Oct 2025 21:43 PM

দেওবাৰে বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, "ঢাকা কেণ্টনমেণ্টৰ বছাৰ ৰোডৰ কাষতে থকা এম ই এছ বিল্ডিংটো সাময়িকভাৱে ৰূপান্তৰিত কৰা হৈছে কাৰাগাৰলৈ। কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে এই আদেশ। যিটো তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে।"

বাংলাদেশৰ ৰাজধানী ঢাকাৰ কেণ্টনমেণ্টৰ এটা অট্টালিকাক অস্থায়ী কাৰাগাৰ হিচাপে ঘোষণা কৰিছে ইউনুছ চৰকাৰে। কিন্তু তেওঁলোকে কিয় হঠাতে ছাউনীটোক কাৰাগাৰলৈ ৰূপান্তৰিত কৰিবলগীয়া হ’ল? বহুতে বিশ্বাস কৰে যে এই অস্থায়ী কাৰাগাৰ নিৰ্মাণৰ আঁৰৰ কাৰণ হ’ল শ্বেখ হাছিনাৰ কাৰ্যকালত ‘গোপনভাৱে নিৰ্যাতন’ আৰু জুলাইৰ বিদ্ৰোহৰ সময়ত ‘মানৱতাৰ বিৰুদ্ধে অপৰাধ’ৰ সৈতে জড়িত বুলি অভিযুক্ত ১৫ জন সেনা বিষয়াক জিম্মাত লোৱা। ইতিমধ্যে বাংলাদেশৰ সেনাই এই অভিযুক্ত সেনা বিষয়াসকলক জিম্মাত লৈছে। তাৰ পিছত নিৰ্মাণ হ’ল অস্থায়ী কাৰাগাৰ।

দেওবাৰে বাংলাদেশৰ গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি কয়, “ঢাকা কেণ্টনমেণ্টৰ বছাৰ ৰোডৰ কাষতে থকা এম ই এছ বিল্ডিংটো সাময়িকভাৱে ৰূপান্তৰিত কৰা হৈছে কাৰাগাৰলৈ। কৰ্তৃপক্ষৰ অনুমোদন অনুসৰি জাৰি কৰা হৈছে এই আদেশ। যিটো তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে।” কিন্তু বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে এই অস্থায়ী কাৰাগাৰত কাক বন্দী হিচাপে ৰখা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰদান কৰা নাই।

যোৱা বুধবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ৩টা গোচৰত ২৫জন কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত বাংলাদেশী সেনা বিষয়াৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰৰ পৰোৱানা। ইয়াৰে ১৫ জন এতিয়াও সেনাবাহিনীত কৰ্মৰত আৰু এজন অৱসৰৰ পূৰ্বে ছুটীত আছে। এই ১৬ জনৰ ভিতৰত পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰৰ সামৰিক সচিব মেজৰ জেনেৰেল কবীৰ আহমেদৰ বাহিৰে সকলোকে জিম্মাত লোৱা হৈছে। অৱশ্যে সেনাৰ এডজুটেণ্ট জেনেৰেল মেজৰ হাকিমুজ্জামানে সংবাদমেলত কয় যে কবীৰ ‘লুকাই’ আছে। সেয়ে তেওঁৰ অৱস্থান বিচাৰি পোৱা নগ’ল।