চকুত চকুলো, অভিষেকে ঐশ্বৰ্য-আৰাধ্যাৰ বিষয়ে কি ক’লে?
বিগত এবছৰ ধৰি ইণ্টাৰনেটত ঐশ্বৰ্য আৰু অভিষেকৰ বিচ্ছেদৰ খবৰে হুলস্থুলৰ সৃষ্টি হৈছে। এতিয়া অভিষেকৰ বক্তব্যৰ পিছতে অনুৰাগীসকলে শান্তিৰ নিশ্বাস লৈছে। পুত্ৰৰ সফলতাত সুখী অমিতাভ বচ্চনো।

২৫ বছৰীয়া চিনেমাৰ যাত্ৰাৰ অন্তত অৱশেষত প্ৰত্যাশিত স্বীকৃতি লাভ কৰে অভিষেক বচ্চনে। এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ডত ‘I Want To Talk’ ছবিত অভিনয়ৰ বাবে জুনিয়ৰ বচ্চনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। মঞ্চত কান্দি কান্দি অভিষেকে ক’লে, “পাহৰি গ’লোঁ এই ভাষণৰ অনুশীলন কিমানবাৰ আইনাখনৰ সন্মুখত কৰিছোঁ!” কেৰিয়াৰৰ ২৫ বছৰৰ পাৰ হ‘ল আৰু এই ২৫ বছৰীয়া যাত্ৰাত তেওঁ প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
বঁটা লাভ কৰাৰ সময়ত অভিষেকে নিজৰ সুদীৰ্ঘ যাত্ৰাৰ কথা স্মৰণ কৰে। তেওঁ কয়, “এয়া কেৱল ট্ৰফী নহয়, ই মোৰ জীৱনৰ কাহিনী, কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ।” আৱেগিক হৈ পৰিল অভিনেতাগৰাকী। জুনিয়ৰ বচ্চনে তেওঁৰ বঁটাটো তেওঁৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনৰ নামত উৎসৰ্গা কৰে। তেওঁ কয়, “মোৰ সপোন খেদিবলৈ অনুমতি দিয়া ঐশ্বৰ্য আৰু আৰাধ্যাক ধন্যবাদ। আজি মই যি হৈছো তাৰ বাবে তেওঁলোকে বহুত ত্যাগ কৰিছে। এই বঁটা দেখাৰ পিছত তেওঁলোকে বুজিব বুলি আশা কৰিছোঁ যে তেওঁলোকৰ ত্যাগ অসাৰ নাছিল।” এই আৱেগিক মুহূৰ্তটোত বহু দৰ্শকেও চকুলো টুকে, আৰু ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে উপচি পেলাই অভিষেকক।
বিগত এবছৰ ধৰি ঐশ্বৰ্য আৰু অভিষেকৰ বিচ্ছেদৰ খবৰে সামাজিক মাধ্যমত হুলস্থুল সৃষ্টি কৰি থকাৰ সময়তে অভিষেকৰ বক্তব্যই সকলোকে আচৰিক কৰিছে। এতিয়া অনুৰাগীয়ে স্বস্তিৰ উশাহ লৈছে। পুত্ৰৰ সফলতাত সুখী অমিতাভ বচ্চনো।