শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহাভাৰতৰ ‘কৰ্ণ’ৰ আকস্মিক বিয়োগ, কৰ্কট ৰোগেৰে যুঁজি জীৱন নাটৰ সামৰণি পেলালে পংকজ ধীৰে

আজি পুৱা আহিছে মনোৰঞ্জন জগতখনৰ বাবে এই দুঃখবৰ। বি আৰ চোপ্ৰাৰ "মহাভাৰত"ত কৰ্ণক স্মৰণীয় কৰি তোলা প্ৰবীণ অভিনেতা পংকজ ধীৰৰ মৃত্যু হৈছে।

মহাভাৰতৰ ‘কৰ্ণ’ৰ আকস্মিক বিয়োগ, কৰ্কট ৰোগেৰে যুঁজি জীৱন নাটৰ সামৰণি পেলালে পংকজ ধীৰে
অভিনেতা পংকজ ধীৰৰ মৃত্যুImage Credit source: Getty Images/Xhandle
raj-saikia
Raj Saikia | Updated On: 15 Oct 2025 14:17 PM

কৰ্ণ, মহাভাৰতৰ এক মুখ্য চৰিত্ৰ। কৰ্ণ বুলি ক’লেই আমাৰ মনলৈ কাৰ ছবি ভাঁহি আহে বাৰু? নিশ্চয়কৈ বি আৰ চোপ্ৰাৰ নিৰ্দেশনাত নিৰ্মিত ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ মুখখন। সেই ধাৰাবাহিকৰ চৰিত্ৰবোৰ আজিও সকলোৰে মনত সজীৱ হৈ আছে। কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ নাম হৈছে পংকজ ধীৰ। বিভিন্ন ছবিত অভিনয় কৰিলেও তেওঁ পৰিচিত হয় কৰ্ণ হিচাপেহে।

কিন্তু অতি দুখজনক খবৰ যে কৰ্ণ আৰু নাই। আজি পুৱা আহিছে মনোৰঞ্জন জগতখনৰ বাবে এই দুঃখবৰ। বি আৰ চোপ্ৰাৰ “মহাভাৰত”ত কৰ্ণক স্মৰণীয় কৰি তোলা প্ৰবীণ অভিনেতা পংকজ ধীৰৰ মৃত্যু হৈছে। এক সূত্ৰই টিভি৯ ডিজিটেলক জনোৱা অনুসৰি ১৪ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰিছিল অভিনেতাজনে। তেওঁৰ আকস্মিক মৃত্যুৱে চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগক স্তম্ভিত কৰি তুলিছে।

মহাভাৰতত কৰ্ণ হিচাপে সকলোৰে হৃদয় জয় কৰা পংকজ ধীৰ আৰু আমাৰ মাজত নাই। ৬৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি থকা অভিনেতাগৰাকী কেইবাদিনো ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। কিন্তু অৱশেষত জীৱন যুদ্ধত হাৰ মানি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে পংকজ ধীৰে।

মহাভাৰতত তেওঁ ‘কৰ্ণ’ হিচাপে অমৰ হৈ পৰিল

উজ্জ্বল অভিনয় দক্ষতা আৰু শক্তিশালী কণ্ঠৰ বাবে পংকজ ধীৰ পৰিচিত আছিল যদিও ১৯৮৮ চনৰ ঐতিহাসিক ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চিত্ৰণেই তেওঁক সঁচা অৰ্থত অমৰ কৰি তুলিছিল। তেওঁৰ কৰ্ণৰ অভিনয়ে ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে দেশৰ বহু ঠাইত তেওঁৰ প্ৰতিমূৰ্তি পূজা কৰা হৈছিল। ‘সাদক’, ‘ছোল্ডাৰ’, ‘বাদশ্বাহ’কে ধৰি কেইবাখনো ছবিতো অভিনয় কৰাৰ লগতে টেলিভিছনৰ পৰ্দাতো সক্ৰিয় আছিল পংকজ ধীৰ। তেওঁৰ পুত্ৰ নিকিতিন ধীৰো এজন সুপৰিচিত অভিনেতা।

পৱন হংসত অনুষ্ঠিত হ’ব অন্ত্যেষ্টিক্ৰিয়া

খবৰ অনুসৰি আজি মুম্বাইৰ ভিলে পাৰ্লেৰ পৱন হংস শ্মশানত অভিনেতা পংকজ ধীৰৰ শেষ অনুষ্ঠান হ’ব। তেওঁৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ লগতে বহু বিশিষ্ট চলচ্চিত্ৰ তাৰকা শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ শ্মশানত উপস্থিত হৈছে। পংকজ ধীৰৰ মৃত্যুৰ লগে লগে ভাৰতীয় টেলিভিছনৰ এটা যুগৰ অন্ত পৰিল। তেওঁৰ অনুৰাগী আৰু দৰ্শকে তেওঁক সদায় “দানবীৰ কৰ্ণ” বুলি মনত ৰাখিব।

পুত্ৰ আৰু বোৱাৰীও জড়িত অভিনয়ৰ সৈতে

পংকজ ধীৰৰ পুত্ৰ নিকিতন ধীৰো বলীউডৰ এজন অভিনেতা, অসংখ্য ছবিত অভিনয় কৰিছে নিকিতনে। তেওঁৰ আকৰ্ষণীয় কামৰ ভিতৰত আছিল “যোধা আকবৰ” আৰু “চেন্নাই এক্সপ্ৰেছ”ত কৰা অভিনয়। তেওঁৰ বোৱাৰী কৃতিকা চেংগাৰো টেলিভিছনৰ অভিনেত্ৰী। পংকজ ধীৰে অৱশ্যে নিজেই পুত্ৰৰ বাবে কৃতিকাক বাছি লৈছিল। এই কাহিনীটোও ভাইৰেল হৈ পৰিছিল সেই সময়ত।

২০১৪ চনত নিকিতিনৰ পিতৃ অভিনেতা পংকজ ধীৰে পৰিচালক হিচাপে প্ৰথম কাম কৰিছিল। সেই সময়ত অডিচনলৈ আহিছিল কৃতিকা চেংগাৰ। ছবিখনত অভিনয়ৰ প্ৰস্তাৱ দিয়াৰ সমান্তৰালকৈ পংকজ ধীৰে পুত্ৰৰ বাবেও তেওঁক বাছি লৈছিল। বোৱাৰীক লৈ তেওঁ ইমানেই আপ্লুত হৈছিল যে তেওঁ এই সিদ্ধান্ত লৈ পেলাইছিল।