নৱেম্বৰত আছিল বিয়া! তাৰ পূৰ্বে যুৱতীৰ ডাঙৰ কাণ্ড, ইফালে প্ৰাণ হেৰুৱালে যুৱকে…
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড। এগৰাকী যুৱতীৰ বাবে এজন যুৱকে অকালতে প্ৰাণ হেৰুৱায়। এই যুৱতীগৰাকীৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়োৰে বিয়া ঠিক হৈ আছিল।

পুনৰ পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। হ’বলগীয়া পত্নী আন যুৱকৰ সৈতে পলাই যোৱাৰ দুখ সহ্য কৰিব নোৱাৰি এজন যুৱকে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। মৃত্যুৰ পূৰ্বে যুৱকজনে এটা ভিডিঅ’ বনাই থৈ যায়। য’ত তেওঁ মৃত্যুৰ বাবে যুৱতীগৰাকীক দোষাৰোপ কৰিছে। যুৱকজনৰ এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত।
অনিকেট নামৰ যুৱকজনে ভিডিঅ’টো কৈছে যে, ”মই বিষ সেৱন কৰিছো। মোৰ মৃত্যুৰ বাবে কেৱল মাত্ৰ চাৰু দায়ী”। ভিডিঅ’টোত তেওঁৰ মাতত খং আৰু হতাশ স্পষ্টভাৱে প্ৰকাশ পাইছে। জানিব পৰা মতে, যুৱতীগৰাকীৰ সৈতে অনিকেটৰ অহা ২২ নৱেম্বৰত বিয়া হোৱা কথা আছিল। কিন্তু ইয়াৰ পূৰ্বে যুৱতীগৰাকীয়ে আন এজন যুৱকৰ সৈতে পলাই যায়।
যুৱকজনৰ ভাতৃ শুভমে কয় যে, যুৱতীগৰাকীয়ে প্ৰায় এসপ্তাহৰ পূৰ্বে অন্য যুৱকৰ সৈতে পলাই গৈছিল। যুৱতীগৰাকীৰ পৰিয়ালে এই কথা জানিছিল যদিও সকলো লুকুৱাই ৰাখিছিল। কিন্তু যেতিয়া অনিকেটে এই কথা জানিব পাৰে তেতিয়া স্তম্ভিত হৈ পৰে। এই দুখ সহ্য কৰিব নোৱাৰি অনিকেটে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। অনিকেটৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ আৰু তেওঁৰ পৰিয়ালৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে যুৱকজনে মানসিকভাৱে অশান্তিত ভুগি আছিল, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ ফলত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। সকলোৱে কেৱল ন্যায় বিচাৰি আছে। মৰ্মান্তিক এই ঘটনাই সমাজত প্ৰেম, বিশ্বাস, পাৰিবাৰিক সম্পৰ্কক লৈ এক প্ৰশ্নৰ উত্থাপন কৰিছে।
অন্য খবৰ পঢ়কঃ মই সকলো জানো…অমিতাভ বচ্চনৰ প্ৰতি ছাত্ৰৰ আচৰণক লৈ ক্ষোভিত দৰ্শক…