15 0CT 2025
Image- Getty/Unsplash/AI
TV9 ASSAM
ভাল চিন্তা আৰু ধাৰণাই জীৱনলৈ ইতিবাচকতা আনে। ইতিবাচকতাই এজন ব্যক্তিক উন্নত সিদ্ধান্ত লোৱাত সহায় কৰে আৰু মানসিক চাপ কমায়।
ভাল চিন্তাই মানুহক আনৰ প্ৰতি দয়ালু হ’বলৈ শিকাই আৰু জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ স্থিতিস্থাপকতা প্ৰদান কৰে।
অৱশ্যে কেতিয়াবা মানুহৰ মনলৈ বেয়া চিন্তাও আহে। ইয়াৰ পৰা হাত সাৰিবলৈ প্ৰেমানন্দ মহাৰাজে কেইবাটাও সমাধানৰ পৰামৰ্শ আগবঢ়াইছে।
প্ৰেমানন্দ মহাৰাজৰ মতে বেয়া চিন্তাৰ পৰা আঁতৰি থাকিবলৈ প্ৰভুৰ নাম জপ কৰিব লাগে। প্ৰভুৰ নাম জপ কৰিলে ভাল চিন্তা আহি পৰে আৰু পাপ ধ্বংস হয়।
বেয়া চিন্তাৰ পৰা আঁতৰি থাকিবলৈ হ’লে অহংকাৰ আৰু খং ত্যাগ কৰিব লাগিব। অহংকাৰ আৰু খং এৰি দিলে ভাল চিন্তাৰ সৃষ্টি হয়।
বেয়া চিন্তাৰ পৰা আঁতৰি থাকিবলৈ সৎসঙ্গত উপস্থিত থাকিব লাগে। সৎসংঙ্গে বা সমূহীয়া প্ৰাৰ্থনাই মনটোক ভগৱানৰ লগত সংযোগ কৰি ৰাখে, যাৰ ফলত ভাল চিন্তাৰ সৃষ্টি হয়।
নিজৰ কু-অভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ ঈশ্বৰৰ নাম জপ কৰক। ইয়াৰ দ্বাৰা ব্যক্তিৰ বুদ্ধি শুদ্ধ হয়।
চাবলৈ ক্লিক কৰক