শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১ মিনিটতে পঢ়ক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ

মঙলবাৰে পুনৰ চি আই ডিৰ ওচৰত হাজিৰ হয় ছিংগাপুৰৰ আন দুজন প্ৰৱাসী অসমীয়া। লগতে চাওক বহু গুৰুত্বপূৰ্ণ খবৰ।

১ মিনিটতে পঢ়ক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Updated On: 14 Oct 2025 21:41 PM

আজি ১৪ অক্টোবৰ বৃহস্পতিবাৰ, আজিৰ দিনটোত বহুকেইটা খবৰে শীৰ্ষ…

১. আজি অসম আৰক্ষীৰ অতিথিশালাত অসমৰ কেইগৰাকীমান বিশেষ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বৈঠক। চিআইডিয়ে কেবাগৰাকীও ব্যক্তিক এই বৈঠকলৈ আমন্ত্ৰণ জনাইছিল যদিও একাংশই এই বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হয় এই বৈঠক।

২. আজি অসম গণ পৰিষদৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে অনুষ্ঠিত কৰা হয় এক অনুষ্ঠানৰ। অহা ২৪ আৰু ২৫ অক্টোবৰত অগপই আয়োজন কৰিব দুদিনীয়া চিন্তন বৈঠক।

৩. মঙলবাৰে পুনৰ চি আই ডিৰ ওচৰত হাজিৰ হয় ছিংগাপুৰৰ আন দুজন প্ৰৱাসী অসমীয়া। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত উপস্থিত আছিল এই দুয়োগৰাকী প্ৰৱাসী অসমীয়া। এতিয়ালৈকে জুবিনৰ মৃত্যুৰ তদন্তত সহযোগিতা কৰিছে ছিংগাপুৰৰ ৭ জন প্ৰৱাসী অসমীয়াই।

৪. পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ। হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ব্যক্তিজনৰ মুখতো টেপ মাৰি থোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোক তথা আৰক্ষীয়ে। মৃতদেহটোত আছে স্পষ্ট আঘাতৰ চিন।

৫. ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা মহানগৰ আৰক্ষীৰ। মঙলবাৰে চলোৱা এক অভিযানত মালিগাঁও অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে আটক কৰিছে মণিপুৰৰ এগৰাকী মহিলা আৰু এজন লোকক। তেওঁলোকৰ পৰা প্ৰায় ২০ লাখ টকাৰ ড্ৰাগছ জব্দ।

৬. পুনৰ ৰাজ্যত চলিব উচ্ছেদ অভিযান। ডবকাৰ যমুনা-মৌদেঙা সংৰক্ষিত বনাঞ্চলৰ ভূমিত বাস কৰা প্ৰায় ১২০০ পৰিয়াললৈ জাননী প্ৰশাসনৰ। ঠাই খালী কৰিবলৈ ১৫ দিনৰ সময় দিয়া হৈছে তেওঁলোকক।

৭. ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল। মুঠ ১৮ টা পদৰ ভিতৰত ৮ টাত আছুৰ প্ৰাৰ্থী, ৫ টাত এবিভিপি, ২ টাত অসম ছাত্ৰ পৰিষদ আৰু ৩ টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। সভাপতি পদত গুঞ্জন ডেকা আৰু সাধাৰণ সম্পাদকৰ পদত প্ৰবালজ্য়োতি শৰ্মাৰ জয়লাভ।

৮. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে আন এক খবৰ। কনিষ্ঠ অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ল’লে চিবিআয়ে। ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে তদন্তকাৰী সংস্থাটোৱে। যোৱা ২২ জুলাই চৰমপন্থা গ্ৰহণ কৰিছিল যোশিতাই। এটা টোকাত কেবাগৰাকীও ব্যক্তিৰ নাম উল্লেখ কৰি গৈছিল কনিষ্ঠ অভিযন্তাগৰাকীয়ে।

৯. ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল ভাৰতৰ। দুখনীয়া টেষ্ট শৃংখলাটোৰ দুয়োখন মেচতে ভাৰতে পৰাস্ত কৰে কেৰিবিয়ান বাহিনীক। দ্বিতীয় টেষ্টৰ অন্তিম দিনা ৭ উইকেটত জয়লাভ কৰে ভাৰতে। ৰবীন্দ্ৰ জাডেজাক মেন অৱ দ্য ছিৰিজ ঘোষণা।