সঘনাই হোৱা কঁকালৰ বিষ কি কি ৰোগৰ লক্ষণ?

15 October 2025

TV9 ASSAM

সঘনাই কঁকালৰ বিষ কেৱল ভাগৰ বা পেশীৰ দুৰ্বলতাৰ লক্ষণ নহয়। ই কোনো গুৰুতৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণও হ'ব পাৰে।

কঁকালৰ বিষ

বিশেষজ্ঞৰ মতে, কঁকালৰ বিষ প্ৰায়ে মেৰুদণ্ড বা চাৰিওফালৰ পেশীৰ সমস্য়া যেনে-ষ্টেইন, ডিস্ক পিছলি যোৱা বা মেৰুদণ্ড প্ৰদাহৰ ফলত হ'ব পাৰে।

কিয় হয়?

দীৰ্ঘদিনীয়া গাঁঠিৰ ৰোগ যেনে বাত বিষৰ ফলত বিশেষকৈ ৰাতিপৱা বা বেছি সময় বহি থকাৰ পাছত কঁকালৰ বিষ হ'ব পাৰে।

গাঁঠিৰ ৰোগ

বৃক্কৰ সমস্যা, যেনে পাথৰ বা সংক্ৰমণ আদিৰ ফলতো কঁকালৰ তলৰ অংশত স্থায়ী বিষ হ'ব পাৰে। ইয়াৰ লগতে প্ৰস্ৰাৱ জ্বলা বা ৰং সলনি হোৱা, জ্বৰ আদি লক্ষণো দেখা দিব পাৰে।

বৃক্কৰ সমস্যা

কেতিয়াবা মেৰুদণ্ড সংক্ৰমণ বা অষ্টিঅ'মাইলাইটিছৰ ফলত কঁকালৰ বিষ হয়। ইয়াৰ লগে লগে সাধাৰণতে তীব্ৰ বিষ,জ্বৰ, দুৰ্ভলতা আদিও দেখা দিয়ে।

মেৰুদণ্ড সংক্ৰমণ 

কঁকালৰ বিষ বৃক্কৰ কৰ্কট ৰোগ, শ্ৰোণী সংক্ৰমণ বা আভ্যন্তৰীণ অংগৰ সমস্যাৰ লক্ষণো হ'ব পাৰে। যদি অবিৰত বিষৰ লগতে ওজন হ্ৰাস পায়, জ্বৰ বা ভাগৰুৱা অনুভৱ হয়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

 সংক্ৰমণ 

লঘু ব্যায়াম, সুষম খাদ্যই কঁকালৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। বিষ থাকিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

প্ৰতিৰোধ

পঢ়িবলৈ ক্লিক কৰক

নহৰু খালে কি হয়? কি কি ৰোগৰ পৰা উপশম পাব পাৰি?