ঐতিহাসিক ক্ষণ ! সফলতাৰে সম্পন্ন হ’ল ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি…
মুক্ত বাণিজ্য চুক্তি (FTA) সন্দৰ্ভত ভাৰত আৰু ব্ৰিটেইন দুয়োখন ৰাষ্ট্ৰ ঐতিহাসিক পৰ্যায়ত উপনীত হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ মাজত ফোন যোগে হোৱা কথোপকথনৰ পিছত এই চুক্তি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

অৱশেষত বছৰ বছৰ ধৰি বাকী থকা মুক্ত বাণিজ্য চুক্তি (FTA) সন্দৰ্ভত ভাৰত আৰু ব্ৰিটেইন দুয়োখন ৰাষ্ট্ৰ ঐতিহাসিক পৰ্যায়ত উপনীত হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ মাজত ফোন যোগে হোৱা কথোপকথনৰ পিছত এই চুক্তি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই চুক্তিৰ দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰ উপৰিও আন এক গুৰুত্বপূৰ্ণ চুক্তি ডাবল কনট্ৰিবিউচন কনভেনচনো চূড়ান্ত পৰ্যায়ত উপনীত হৈছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে যে, “মোৰ বন্ধু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে কথা পাতি মই সুখী। ভাৰত আৰু ব্ৰিটেইনে এক ঐতিহাসিক আৰু লাভজনক মুক্ত বাণিজ্য চুক্তি আৰু ডাবল কনট্ৰিবিউচন কনভেনচন সফলতাৰে সম্পাদন কৰিছে।” এই চুক্তিয়ে দুয়োখন দেশতে ব্যৱসায়, বিনিয়োগ, উদ্ভাৱন, কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ নতুন দিশ সূচনা কৰিব বুলিও কয় প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব বুলিও আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
এই চুক্তিৰ লক্ষ্য হৈছে দ্বিপাক্ষিক বাণিজ্যক প্ৰসাৰ কৰা, বিশ্বব্যাপী বজাৰৰ বাবে যৌথভাৱে সামগ্ৰী আৰু সেৱা বিকশিত কৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা। এই চুক্তিৰ অধীনত ভাৰত আৰু ব্ৰিটেইনৰ মাজত বাণিজ্যিক বাধা হ্ৰাস পাব আৰু কোম্পানীসমূহে নতুন সুযোগ লাভ কৰিব। এই চুক্তিয়ে ভাৰত-ব্ৰিটেইনৰ সম্পর্কত নতুন শক্তিৰ প্রৱেশ ঘটাব ৷
Delighted to speak with my friend PM @Keir_Starmer. In a historic milestone, India and the UK have successfully concluded an ambitious and mutually beneficial Free Trade Agreement, along with a Double Contribution Convention. These landmark agreements will further deepen our…
— Narendra Modi (@narendramodi) May 6, 2025
ডাবল কনট্ৰিবিউচন কনভেনচনৰ অধীনত দুয়োখন দেশৰ নাগৰিক আৰু শ্ৰমিকে সামাজিক সুৰক্ষা আৰু কৰৰ ক্ষেত্ৰত সকাহ পাব। বিশেষকৈ ব্ৰিটেইনত কাম কৰা ভাৰতীয় পেছাদাৰীসকলে ইয়াৰ পৰা দীৰ্ঘম্যাদী সুবিধা লাভ কৰিব। একে সময়তে ভাৰতত বিনিয়োগ কৰাটো ব্ৰিটিছ কোম্পানীসমূহৰ বাবে সহজ আৰু আকৰ্ষণীয় কৰি তোলা হ’ব। বিশেষকৈ দুয়োখন দেশৰ প্ৰব্ৰজিত শ্ৰমিক আৰু উদ্যোগীসকলৰ বাবে এই কনভেনচনক এক বৃহৎ পেকেজ হিচাপে বিবেচিত হৈছে।
মুক্ত বাণিজ্য চুক্তি (FTA) হৈছে এনে এক চুক্তি যাৰ অধীনত আমদানি-ৰপ্তানিৰ ওপৰত শুল্কৰ বাধা আঁতৰোৱা বা হ্ৰাস কৰা হয় যাতে দুখন বা তাতকৈ অধিক দেশৰ মাজত বাণিজ্য প্ৰসাৰিত হয়। ইয়াৰ উদ্দেশ্য হৈছে বাণিজ্যৰ সুবিধা প্ৰদান কৰা, বিনিয়োগক প্ৰসাৰ কৰা আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা। এনে চুক্তিয়ে কোম্পানীসমূহক নতুন বজাৰ প্ৰদান কৰাই নহয়, গ্ৰাহকৰ বাবে উন্নত আৰু কম খৰচী সামগ্ৰীও উপলব্ধ কৰে।