শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ আকাশমাৰ্গেৰে নচলে বিদেশী বিমান! লাখ লাখ টকা ভৰিব লাগিব লোকচান…

পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলাৰ সিদ্ধান্ত বহু বিদেশী বিমান সংস্থাৰ। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে পাকিস্তানে ভাৰতৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰিছিল। এতিয়া বিদেশী বিমান সংস্থাই পাকিস্তানৰ মাজেৰে গতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পাকিস্তানৰ আকাশমাৰ্গেৰে নচলে বিদেশী বিমান! লাখ লাখ টকা ভৰিব লাগিব লোকচান…
বিমানImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 06 May 2025 10:22 AM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ বাবে পাকিস্তানে বন্ধ কৰি দিয়ে নিজৰ আকাশমাৰ্গ। কিন্তু এই ঘটনাৰ পাছতে এতিয়া দুটাকৈ বিদেশী বিমান সংস্থাই পাকিস্তাৰ আকাশমাৰ্গেৰে বিমান উৰা নমৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিমান সংস্থাসমূহে কয় যে তেওঁলোকে এতিয়া আন কোনো এটা পথেৰে উৰা মাৰি যাত্ৰীসকলক নিৰাপদে গন্তব্যস্থানলৈ লৈ যাব।

তথ্য অনুসৰি, ফ্ৰান্সৰ বিমান সংস্থা এয়াৰ ফ্ৰান্স আৰু জাৰ্মান বিমান সংস্থা লুফথানছাই পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে উৰাজাহাজ চলাবলৈ অস্বীকাৰ কৰি সকলো বিমান সেৱা বন্ধ কৰি দিছে। পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে বিদেশী বিমান সংস্থা দুটাই লোৱা সিদ্ধান্তই যথেষ্ঠ গুৰুত্ব বহন কৰিছে। বিভিন্ন সংবাদ মাধ্য়মত প্ৰকাশিত খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাসমূহে পাকিস্তানী আকাশমাৰ্গ এৰাই চলাৰ চেষ্টা কৰি আছে। বিমান সংস্থা কেইটাৰ এই সিদ্ধান্তৰ ফলত পাকিস্তানে প্ৰতিদিনে প্ৰায় ৩ লাখ ডলাৰৰ লোকচান ভৰিব লাগিব।

এয়াৰ ফ্ৰান্সে জনোৱা মতে, ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে বিমান সংস্থাটোৱে পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত পাকিস্তানৰ ওপৰেৰে বিমান সেৱা বাতিল কৰিছে। ইয়াৰ বিপৰীতে লুফথানছাই কয় যে, পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত পাকিস্তানৰ আকাশমাৰ্গেৰে কোনো বিমান নচলে।

লুফথানছাই কয় যে, পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলাৰ লগতে এছিয়াৰ কিছুমান বিমানৰ সময় বৃদ্ধি কৰিব। তেওঁলোকে চলি থকা ঘটনাৰাজিসমূহ লক্ষ্য কৰি আছে আৰু পৰিস্থিতি অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ফ্লাইট ট্ৰেকিং তথ্য অনুসৰি ব্ৰিটিছ এয়াৰৱেজ, ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স আৰু এমিৰেটছৰ কিছুমান বিমানে আৰব সাগৰৰ মাজেৰে পাৰ হৈ পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিবলৈ দিল্লীৰ দিশে উত্তৰ দিশলৈ ঘূৰি গৈছিল। অৱশ্যে এই ক্ষেত্ৰত বাকী বিমান সংস্থাসমূহে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

এয়াৰ ফ্ৰান্সে কয় যে তেওঁলোকে দিল্লী, বেংকক, হো চি মিনৰ দৰে স্থানলৈ উৰণৰ পৰিকল্পনা সলনি কৰিছে যাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন হ’ব। ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24ৰ তথ্য অনুসৰি দেওবাৰে ফ্ৰেংকফৰ্টৰ পৰা নতুন দিল্লীলৈ লুফথানছাৰ এল এইচ ৭৬০ বিমানখনে দীঘলীয়া পথ ল’বলগীয়া হোৱাৰ বাবে প্ৰায় এঘণ্টা বেছি সময় লৈছিল। বিমান সংস্থাসমূহৰ এনে সিদ্ধান্তৰ ফলত ইন্ধনৰ খৰচ বৃদ্ধি হ’ব। ইয়াৰ বিপৰীতে পাকিস্তানে অভাৰফ্লাইট মাচুলৰ পৰা লাভ কৰা ৰাজহ হ্ৰাস কমি যাব।

 

অন্য খবৰ পঢ়কঃ ২৬ বছৰ পূৰ্বে ভাৰতে কৰি দিছিল মুকলি, পহলগাম কাণ্ডত নাম সাঙোৰ খোৱা সন্ত্ৰাসবাদী মুস্তাক আহমেদ কোন? জানক সকলো…