ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰতৰঃ চুক্তি স্বাক্ষৰৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে…
আজি এক ঐতিহাসিক পদক্ষেপেৰে ভাৰতে ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত ভাৰতৰ বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেইনল্ডছে এই চুক্তিত স্বাক্ষৰ কৰে।

বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত এক নতুন দুৱাৰ মুকলি হ’ল ভাৰতৰ। আজি এক ঐতিহাসিক পদক্ষেপেৰে ভাৰতে ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উপস্থিতিত ভাৰতৰ বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেইনল্ডছে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ দ্বাৰা এতিয়া ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ হোৱাৰ সম্ভাৱনা আছে।
এই মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰতীয় কৃষকসকল সৰ্বাধিক উপকৃত হ’ব বুলি আশা কৰা হৈছে। আজিৰ এই চুক্তিৰ আধাৰত ভাৰতৰ কৃষি আৰু প্ৰচেছড খাদ্য সামগ্ৰীয়ে এতিয়া ব্ৰিটিছ বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ লাভ কৰিব। দুয়ো দেশৰ মাজত স্বাক্ষৰ কৰা এই চুক্তিখনত ব্ৰিটিছ বজাৰসমূহ এতিয়া ভাৰতীয় কৃষিজাত সামগ্ৰীৰ বাবে মুকলি হ’ব আৰু ভাৰতীয় কৃষকসকলে ইউৰোপীয় দেশৰ ৰপ্তানিকাৰকতকৈ উন্নত সুবিধা লাভ কৰিব বুলি প্ৰস্তাৱ কৰা হৈছে।
চুক্তি অনুসাৰে ভাৰতীয় কৃষিজাত সামগ্ৰী যেনে হালধি, জলকীয়া আৰু ইলাচি, লগতে প্ৰচেছড সামগ্ৰীয়ে শুল্কমুক্ত প্ৰৱেশ লাভ কৰিব। ইয়াৰ ফলত কৃষকসকলৰ লাভৰ পৰিমাণ বৃহৎ হাৰত বৃদ্ধি পাব বুলিও আশা কৰা হৈছে। এই চুক্তিৰ অধীনত ব্ৰিটেইনৰ পৰা আমদানি কৰা সামগ্ৰীয়েও ভাৰতীয় বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ লাভ কৰিব।
অৱশ্যে ঘৰুৱা কৃষকসকলৰ ওপৰত যাতে কোনো প্ৰভাৱ নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি দুগ্ধজাত সামগ্ৰী, আপেল, ওটছ, আৰু খাদ্য তেলৰ ওপৰত কোনো শুল্ক ৰেহাই দিয়া নহ’ব। ইফালে মুক্ত বাণিজ্য চুক্তিয়েঅন্ধ্ৰপ্ৰদেশ, ওড়িশা, কেৰালা, আৰু তামিলনাডুৰ দৰে উপকূলীয় ৰাজ্যসমূহত ভাৰতৰ মীন খণ্ডকো উপকৃত কৰিব।
এই চুক্তি স্বাক্ষৰৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষিজাত সামগ্ৰীয়ে ব্ৰিটেইনৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত নতুন সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে। লগতে এই চুক্তিয়ে ভাৰতৰ যুৱক-যুৱতী, কৃষক আৰু এম এছ এম ই খণ্ডক উপকৃত কৰিব বুলি তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ বাবে আজি এক ঐতিহাসিক দিন বুলি অভিহিত কৰে আৰু বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ অৰ্থনৈতিক সহযোগিতা বাস্তৱায়িত হৈছে বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভাৰতলৈ আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা জনায়। উগ্ৰবাদী মতাদৰ্শ থকা শক্তিক গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰিবলৈ নিদিয়াৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহমত আছে বুলিও তেওঁ লগতে কয়। ইফালে এই সময়তে তেওঁ ভাৰতত ছখন ব্ৰিটিছ বিশ্ববিদ্যালয়ে কেম্পাছ মুকলি কৰিব বুলিও জানিবলৈ দিয়ে।