ভাৰতে ল’লে কঠোৰ পদক্ষেপ, বন্ধ হ’ল বাংলাদেশী নাগৰিকৰ ভাৰতত প্ৰৱেশৰ পথ!
বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে প্ৰতিবাদ, মৌলবাদী নেতাই আনকি কাৰ্যালয়ত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰাৰ হুংকাৰ দিছে। ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ পৰিছে বাংলাদেশ আৰক্ষী। এনে পৰিস্থিতিৰ পিছত ভাৰত চৰকাৰে এতিয়া গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।
বিগত বৰ্ষৰ জুলাই-আগষ্টৰ পৰা আন্দোলন আৰু হিংসাত্মক পৰিস্থিতিৰ জুইত জাহ গৈছে বাংলাদেশ। চুবুৰীয়া দেশখনৰ এই পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই, বৰঞ্চ ইনকিলাব মঞ্চৰ মুখপাত্ৰ ওছমান হাদীৰ মৃত্যুৰ খবৰে অধিক বিয়পাইছে এই অগ্নিশিখা। দেশৰ এই আভ্যন্তৰীণ পৰিস্থিতিৰ সমান্তৰালকৈ ভাৰতৰ সৈতে সম্পৰ্ক অৱনতি ঘটিছে বাংলাদেশৰ। দেশখনৰ মৌলবাদী নেতাসকলে ধাৰাবাহিকভাৱে ভাৰত বিৰোধী মন্তব্য কৰি আহিছে, আনকি ‘সাত ভনী’ উত্তৰ-পূব দখল কৰাৰো দিছে ভাবুকি।
বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে প্ৰতিবাদ, মৌলবাদী নেতাই আনকি কাৰ্যালয়ত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰাৰ হুংকাৰ দিছে। ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ পৰিছে বাংলাদেশ আৰক্ষী। এনে পৰিস্থিতিৰ পিছত ভাৰত চৰকাৰে এতিয়া গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।
অনিৰ্দিষ্টকালৰ বাবে চট্টগ্ৰামত থকা ভাৰতীয় ভিছা কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। যোৱা বৃহস্পতিবাৰে নিশা চট্টগ্ৰামত ভাৰতৰ সহকাৰী উচ্চায়ুক্তৰ আক্ৰমণৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ পিছতো একাংশ উন্মত্ত লোকে উচ্চায়ুক্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকক বাধা দিয়াৰ লগে লগে উচ্চায়ুক্তলৈ শিল নিক্ষেপ কৰে।
ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ৱেবছাইট আপডেট কৰি শেহতীয়া সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। শেহতীয়া এই আপডেটত কোৱা হৈছে, “শেহতীয়াকৈ চট্টগ্ৰামত ভাৰতৰ সহকাৰী উচ্চায়ুক্তত সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পিছত পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱালৈকে চট্টগ্ৰামৰ ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”
পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত কেতিয়া ভিছা কেন্দ্ৰটো মুকলি কৰা হ’ব, সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলিও উল্লেখ কৰা হৈছে। লক্ষণীয়ভাৱে ইতিপূৰ্বে ঢাকা, খুলনা আৰু ৰাজশাহীতো ভিছা কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে। ইফালে ভাৰতে ভিছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ বাংলাদেশী লোক। চিকিৎসা বা আন প্ৰয়োজনত ভাৰতলৈ অহাৰ পৰিকল্পনা কৰি থকা এইলোকসকল এতিয়া ভাৰত চৰকাৰৰ সিদ্ধান্তৰ পিছত সমস্যাত পৰা পৰিলক্ষিত হৈছে।