শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কানাডাত ভাৰতীয় ছাত্ৰীক হত্যা! বাছৰ বাবে অপেক্ষা কৰি থাকোঁতে বুকুত লাগিল গুলী…

কানাডাত অব্যাহত আছে ভাৰতীয় লোকৰ হত্যাৰ ঘটনা। শেহতীয়াকৈ এজন যুৱকক হত্যাৰ পিছত এতিয়া এগৰাকী ভাৰতীয় ছাত্ৰীক গুলীয়াই হত্যা কৰা হৈছে। কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে ছাত্ৰীগৰাকীক।

কানাডাত ভাৰতীয় ছাত্ৰীক হত্যা! বাছৰ বাবে অপেক্ষা কৰি থাকোঁতে বুকুত লাগিল গুলী…
কানাডাত ভাৰতীয় ছাত্ৰীক হত্যা!
Trishna Kalita
Trishna Kalita | Published: 19 Apr 2025 12:23 PM

ভাৰতীয়ৰ বাবে মৃত্যুস্থলীলৈ ৰূপান্তৰ হৈছে কানাডা। শেহতীয়াকৈ এজন যুৱকৰ হত্যাকাণ্ডৰ পিছত এতিয়া এগৰাকী ভাৰতীয় ছাত্ৰীক গুলীয়াই হত্যা কৰা হৈছে। কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে ছাত্ৰীগৰাকীক। সেই সময়ছোৱাত তেওঁ বাছৰ বাবে অপেক্ষা কৰি আছিল। এখন কাৰ থকা এজন ব্যক্তিয়ে তেওঁক গুলীয়াই হত্যা কৰে। যাৰ বাবে  থিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ।

কানাডাৰ হেমিল্টন চহৰত হৰসিমৰাট ৰান্ধৱা নামৰ এগৰাকী ভাৰতীয় ছাত্ৰীক হত্যা কৰা হয়। মহক কলেজত অধ্যায়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে। এই ঘটনাৰ পিছত বিষয়টোত সন্দৰ্ভত সম্পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান কৰিছে ভাৰতীয় দূতাবাসে ।

ইফালে বিষয়টোক লৈ টৰন্টোত থকা ভাৰতীয় দূতাবাসে এটা পোষ্টত কয় যে, অন্টাৰিঅ’ৰ হেমিল্টনত ভাৰতীয় ছাত্ৰ হৰসিমৰাট ৰান্ধৱাৰ কৰুণ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। বিষয়াগৰাকীয়ে জনোৱা মতে, স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি দুজন লোকৰ মাজত হোৱা কাজিয়াৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী নিৰীহ ছাত্ৰী  । সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অব্যাহত আছে তদন্ত । তেওঁ লগতে কয়, “আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো আৰু সকলো দিশতে সহায় কৰি আছো।”

হেমিল্টন আৰক্ষীয়ে জনোৱা মতে,  চিচিটিভি ফুটেজ পৰীক্ষা কৰি দুজন লোকৰ মাজত হোৱা কাজিয়াৰ ফলতে ভাৰতীয় ছাত্ৰীগৰাকী মৃত্যুৰ কাৰণ বুলি ধৰা পৰে। প্ৰাপ্ত তথ্য অনুসৰি ক’লা ৰঙৰ চাৰিচকীয়া বাহনখনত থকা এজন যুৱকে এখন বগা চেডান বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল। কিন্তু সেই গুলীয়ে বাছ ষ্টপেজত থিয় হৈ থকা ছাত্ৰীগৰাকীৰ বুকুত লাগে। ইফালে গুলীচালনা কৰা অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

হেমিল্টন আৰক্ষীয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭.৩০ বজাত গুলীচালনাৰ খবৰ পোৱা গৈছে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হোৱাৰ লগে লগে হৰসিমৰাটৰ বুকুত গুলী  লগা আৰু প্ৰচুৰ ৰক্তক্ষৰণ হোৱা দেখা পায়। লগে লগে আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ পঠিয়াই দিয়ে যদিও তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। উল্লেখ্য যে, এই ঘটনাৰ পূৰ্বে ৫ এপ্ৰিলত এজন ভাৰতীয় যুৱককো গুলীয়াই হত্যা কৰা হৈছিল। ইয়াকে ধৰি এপ্ৰিল মাহত কানাডাত ভাৰতীয় মূলৰ দুজনকৈ লোকক হত্যা কৰা হৈছে।